Logo
image

ন ন ৰহস্য! চাইৰাছ-মৃত্যুৰ তদন্ত আৰম্ভ

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ আচলতে আওমৰণে মৰিল টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী৷ দেওবাৰে আহমেদাবাদৰ পৰা মুম্বাইলৈ প্ৰায় ৫২৩ কিলোমিটাৰ পথ গাড়ীৰে যাত্ৰা কৰি অহাৰ সময়ত মহাৰাষ্ট˜ৰ পালঘৰ জিলাৰ সূৰ্য নামৰ নদীৰ দলঙৰ ওপৰত সংঘটিত গাড়ী দুৰ্ঘটনাত আন এজন সহযাত্ৰীৰ সৈতে চাইৰাছ মিস্ত্ৰীৰ মৃত্যু হৈছিল৷ চাইৰাছৰ এই দুৰ্ঘটনাজনিত মৃত্যুক দেশৰ অনেকেই এতিয়া ৰহস্যৰ চকুৰে চাইছে৷ প্ৰথমে প্ৰশ্ন উঠিছে– দেশৰ এজন বিখ্যাত উদ্যোগপতিয়ে কি কাৰণত এনে দীঘলীয়া যাত্ৰা গাড়ীৰে কৰিবলগীয়া হ’ল? অনেকেই প্ৰশ্ন কৰিছে– বিলাসী মাৰ্চিডিজ গাড়ী ইমানেই কম নিৰাপদনে, যিখন গাড়ীৰ দুৰ্ঘটনাত যাত্ৰীৰ গাড়ীৰ ভিতৰতে মৃত্যু হয়৷ ইয়াৰে প্ৰথম প্ৰশ্নটোৰ উত্তৰ এতিয়াও সবিশেষ পোৱা হোৱা নাই৷ কিয়নো নিহত চাইৰাছ মিস্ত্ৰীৰ পত্নী ৰহিকা আৰু তেওঁৰ দুই পুত্ৰ এতিয়াও বিদেশত৷ চাইৰাছৰ সহযাত্ৰী জাহাংগীৰ পাণ্ডোলে মৃত৷ আন দুই সহযাত্ৰী ক্ৰমে অনহিতা পাণ্ডোলে আৰু ডাৰিয়ুছ পাণ্ডোলে কোনোমতে জীয়াই থাকিলেও দুয়ো গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ  সম্প্ৰতি চিকিৎসালয়ৰ আইচিইউত৷ 

দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আপেক্ষিকভাৱে সহজ৷ প্ৰকৃততে ডিএলচি ছিৰিজৰ মাৰ্চিডিজ গাড়ী অতিশয় সুৰক্ষিত৷ চাইৰাছ মিস্ত্ৰী আৰু সহযাত্ৰী জাহাংগীৰ পাণ্ডোলেৰ মৃত্যু তেওঁলোক উঠি অহা মাৰ্চিডিজ ডিএলচি-২০০ ডি গাড়ীখন অসুৰক্ষিত বাবে হোৱা নাছিল৷ এয়া আক্ষৰিক অৰ্থতে আওমৰণ৷ আচলতে তেওঁলোকে নিজৰ মৃত্যু নিজেই মাতি আনিছিল৷ কিয়নো পিছৰ আসনত বহা চাইৰাছ মিস্ত্ৰী আৰু  সহযাত্ৰী জাহাংগীৰ পাণ্ডোলেই এজনেও ছিটবেল্ট মৰা নাছিল৷ সেয়ে গাড়ীত যাত্ৰীৰ সুৰক্ষাৰ বাবে থকা এয়াৰবেগ খোল খোৱা নাছিল৷ ইয়াৰ ফলতে গাড়ীৰ ভিতৰত প্ৰচণ্ড খুন্দা খাই দুয়োৰে মৃত্যু হোৱা বুলি প্ৰাথমিক অনুসন্ধানত ধৰা পৰিছে৷ গাড়ীখনে সন্মুখৰ পৰা ডিভাইডাৰত খুন্দা মাৰিছিল, কিন্তু সেইখন গাড়ীৰ সন্মুখৰ আসনত থকা দুয়োজন যাত্ৰী আঘাটপ্ৰাপ্ত হ’লেও মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিল৷ তাৰ কাৰণ হৈছে দুয়ো বেল্ট পৰিধান কৰি আছিল আৰু সেয়ে গাড়ীয়ে খুন্দা মৰাৰ লগে লগে এয়াৰবেগ খোল খাই যোৱাত তেওঁলোক মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিল৷

দুৰ্ঘটনা আৰু মৃত্যুৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে গাড়ীৰ তীব্ৰ গতি৷ গাড়ীখন দুৰ্ঘটনাৰ সময়ত চলাই আহিছিল অনহিতা পাণ্ডোলেই৷ তেওঁ মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালৰ এগৰাকী প্ৰখ্যাত মহিলা প্ৰসূতি বিশেষজ্ঞ৷ সেই সময়ত সন্মুখৰ আসনত তেওঁৰ কাষত বহি আহিছিল স্বামী ডাৰিয়ুছ পাণ্ডোলে৷ আনহাতে পিছৰ ছিটত বহিছিল চাইৰাছ মিস্ত্ৰী আৰু জাহাংগীৰ পাণ্ডোলে৷ জাহাংগীৰ পাণ্ডোলে ডাৰিয়ুছৰ জ্যেষ্ঠ ভ্ৰাতৃ৷ অৰ্থাৎ চাইৰাছৰ বাহিৰে বাকী তিনিও যাত্ৰী একেটা পৰিয়ালৰ৷ তেওঁলোক আহমেদাবাদলৈ গৈছিল এটা পাৰ্চী মন্দিৰত পিতৃৰ মৃত্যু উপলক্ষে পূজা দিয়াৰ বাবে৷ সেই মাংগলিক কামত পাণ্ডোলে পৰিয়ালৰ সংগী হৈছিল চাইৰাছ৷ আটাইয়ে ধৰ্মত পাৰ্চী আছিল আৰু দুয়ো পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ ২০১৬ চনত যেতিয়া চাইৰাছ মিস্ত্ৰীক হঠাতে টাটা চন্সৰ অধ্যক্ষৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল তেতিয়া টাটাৰে আন এটা কোম্পানীৰ স্বাধীন সঞ্চালক হৈ থকা জাহাংগীৰ পাণ্ডোলেই তীব্ৰ বিৰোধিতা কৰিছিল আৰু সঞ্চালকৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল৷ প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি সেই সময়ত  চিকিৎসক অনহিতা পাণ্ডোলেই কমেও ঘণ্টাত ১৩৫ কিলোমিটাৰ গতিত গাড়ীখন চলাই আহিছিল৷  দুৰ্ঘটনাৰ পূৰ্বে এটা চেক পইণ্টৰ পৰা আন এটা চেক পইণ্টলৈ ২০ কিলোমিটাৰ পথ অনহিতাই ৯ মিনিটত অতিক্ৰম কৰাটো চি চি টিভিৰ ফুটেজত ধৰা পৰিছে৷ সেই গতিত তেওঁ বাওঁদিশেৰে এখন গাড়ী অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল৷ সেই মুহূৰ্তত হঠাতে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু গাড়ীখনে কাষৰ ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে৷ সেই খুন্দাত সন্মুখত থকা এয়াৰবেগ খোল খাই যোৱাত গুৰুতৰভাৱে আঘাট পোৱা সত্ত্বেও চালক অনহিতা আৰু তেওঁৰ স্বামী ডাৰিয়ুছ ৰক্ষা পৰে৷ পিছৰ ছিটত বহি অহা চাইৰাছ মিস্ত্ৰী আৰু জাহাংগীৰ পাণ্ডোলেই ছিটবেল্ট নমৰাৰ বাবে পিছৰ আসনৰ আৰোহীৰ এয়াৰবেগ খোল নাখালে আৰু গাড়ীৰ ভিতৰতে প্ৰচণ্ড খুন্দা খাই দুয়োৰে তৎক্ষণাৎ মৃত্যু হয়৷ সেয়ে এই মৃত্যু চাইৰাছৰ বাবে আওমৰণে মৰা বুলি কোৱা হৈছে৷ অৰ্থাৎ নিৰাপত্তাৰ বিষয়ে সকলো জানিও চাইৰাছে ছিটবেল্ট পৰিধান নকৰি যেন নিজৰ মৃত্যু নিজেই মাতি আনিলে৷ উল্লেখযোগ্য যে ছিটবেল্ট পৰিধান নকৰিলে গাড়ীৰ আৰোহীৰ সুৰক্ষাৰ বাবে থকা এয়াৰবেগ খোল নাখায়৷ তেওঁলোকৰ দৰে ব্যক্তিয়ে সেই বিষয়টো ভালদৰেই জানে৷ তথাপি কমেও ঘণ্টাত ১৩৫ কিলোমিটাৰ গতিত চলি থকা এখন গাড়ীত দুয়ো কিয় ছিটবেল্ট পৰিধান নকৰিলে সেই লৈ প্ৰশ্ন উঠিছে৷

কোৱা হয় ছিটবেল্ট হৈছে যিকোনো গাড়ীৰ যাত্ৰীৰ বাবে ‘ফাষ্টৰ্ লাইন অৱ ডিফেন্স’ অৰ্থাৎ প্ৰথমটো সুৰক্ষা ব্যৱস্থা৷ ‘ছেকেণ্ড লাইন অৱ ডিফেন্স’ বা দ্বিতীয় সুৰক্ষা ব্যৱস্থা হৈছে এয়াৰবেগ৷ একোখন গাড়ীৰ ছেকেণ্ড লাইন অৱ ডিফেন্সে তেতিয়াহে কাম কৰে যেতিয়া যাত্ৰীয়ে ফাষ্টৰ্ লাইন অৱ ডিফেন্স ব্যৱহাৰ কৰে৷ সেয়া গাড়ীৰ যাত্ৰীৰ বাবে প্ৰাথমিক জ্ঞান৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন সুৰক্ষাৰ দিশৰ পৰা শ্ৰেষ্ঠতম আছিল৷ কিয়নো মাৰ্চিডিজ বেঞ্জৰ  ডিএলচি ২০০ ডি পৰ্যায়ৰ গাড়ীত যাত্ৰীৰ সুৰক্ষাৰ বাবে মুঠতে সাতটা এয়াৰবেগ থাকে৷ ইয়াৰে সন্মুখৰ আসনত বহা যাত্ৰীৰ সন্মুখত আৰু দুয়োকাষত মুঠতে চাৰিটা আৰু পিছৰ আসনত বহা যাত্ৰীৰ কাষত তথা সন্মুখত মুঠতে তিনিটা এয়াৰবেগ থাকে৷ উল্লেখ্য ২০১৫ চনৰ পৰা ২০২১ চনলৈ শেহতীয়া সমীক্ষাত মাৰ্চিডিজ বেঞ্জৰ  ডিএলচি ২০০ ডি গাড়ীখন সৰ্বাধিক সুৰক্ষিত বুলি প্ৰমাণ-পত্ৰ দিয়া হৈছে৷ সেই প্ৰমাণ-পত্ৰ দিছে ‘ইন্সুৰেঞ্চ ইনষ্টিটিউট ফৰ হাইৱে ছেফটি’ সংস্থাই৷ ২০১৫ চনত এনএলচিপি ৰেটিঙত এই গাড়ীখনে সুৰক্ষাৰ ক্ষেত্ৰত ৫ ৰ ভিতৰত ৫ নম্বৰ লাভ কৰিছিল৷  এই গাড়ীৰ প্ৰাপ্তবয়স্ক যাত্ৰীৰ সুৰক্ষাৰ সীমা ৯৫ শতাংশ আৰু শিশু যাত্ৰীৰ সুৰক্ষাৰ সীমা ৮৯ শতাংশ৷ সেয়ে মাৰ্চিডিজ বেঞ্জৰ  ডিএলচি ২০০ ডি গাড়ীখনৰ সুৰক্ষা ব্যৱস্থাক কোনেও তাচ্ছিল্য কৰিব নোৱাৰে৷ চাইৰাছ মিস্ত্ৰী আৰু তেওঁৰ সহযাত্ৰীৰ মৃত্যুৰ কাৰণ অসুৰক্ষিত মাৰ্চিডিজ নহয়, নিজে পালন নকৰা সুৰক্ষা ব্যৱস্থাহে ইয়াৰ বাবে প্ৰত্যক্ষভাৱে দায়ী৷ অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰে এই ঘটনাৰ আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ যদিহে এই ক্ষেত্ৰত কোনো ৰহস্য আছে তেন্তে সেয়া তদন্তত উন্মোচিত হ’ব৷