Logo
image

ঝাৰখণ্ডত বিজেপিৰ ‘মিছন লটাছ’ ফ্লপ

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ ঠিক দিল্লী বিধানসভাৰ ‘মিৰ’ৰ ইমেজ’৷ অৰ্থাৎ দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰে বিজেপিৰ ঘোঁৰা কিনাৰ ভয়ত সন্ত্ৰস্ত হৈ যি কৰিছিল, ঠিক একে পদক্ষেপেই গ্ৰহণ কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে৷ সোমবাৰে হেমন্ত ছোৰেণে বিধানসভাত শক্তিপৰীক্ষাৰ আয়োজন কৰিলে আৰু নিজেই আহ্বান জনোৱা আস্থাভোটত চৰকাৰৰ গৰিষ্ঠ সমৰ্থন লাভ কৰি ঝাৰখণ্ডৰ জোঁট চৰকাৰ যে অটুট আছে সেয়া প্ৰতীয়মান কৰিলে৷ উল্লেখ্য, বিজেপিয়ে ঝাৰখণ্ডৰ চৰকাৰৰ সৈতে থকা জোঁটসংগী কংগ্ৰেছৰ বিধায়ক ক্ৰয় কৰাৰ বাবে বিগত প্ৰায় ডেৰ-দুমাহ ধৰি চেষ্টা চলাই আছে৷ তাৰ মাজতে খনি লীজ কেলেংকাৰিত পতিত হৈ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ হোৱাৰ উপক্ৰম ঘটিছে৷ বিধায়ক পদ খাৰিজ হ’লে তেওঁ কমেও ছমাহৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বও এৰিব লাগিব৷ ফলত ভংগুৰ হৈ পৰিব ঝাৰখণ্ডৰ জেএমএম-কংগ্ৰেছ-আৰজেডিৰ মহাজোঁট চৰকাৰ৷ ছোৰেণৰ অনুপস্থিতিত বিজেপিয়ে সহজে ভাঙি আনিব পাৰিব চৰকাৰত থকা বিধায়ক৷ উল্লেখ্য পত্নীক ৰাজ্যৰ কয়লাখনি লীজত দি চৰম বিপদত পৰিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ৷ তেওঁৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ ৰায়ে নিৰ্বাচন আয়োগত প্ৰমাণসহ অভিযোগ দাখিল কৰিছিল৷ ইতিমধ্যে নিৰ্বাচন আয়োগে তেওঁলোকৰ সিদ্ধান্ত এটা বন্ধ খামত ৰাজ্যপাল ৰমেশ ব্যাসলৈ প্ৰেৰণ কৰিছে৷ পিছে ৰহস্যজনক কাৰণত ঝাৰখণ্ডৰ ৰাজ্যপালে এই বন্ধ খাম খোলা নাই৷ পিছে এতিয়াৰ পৰা দহদিন পূৰ্বে সেই খাম প্ৰেৰণ কৰোতেই বিজেপিয়ে দাবী কৰিছিল যে নিৰ্বাচন আয়োগে হেমন্ত ছোৰেণৰ বিধায়ক পদ খাৰিজ কৰাৰ  বাবে সাংবিধানিক নিয়ম অনুসৰি ৰাজ্যপালক পৰামৰ্শ দিছে৷ চৰকাৰী পক্ষৰ দাবী সুবিধাজনক স্থিতিলৈ অপেক্ষা কৰিবলৈ বিজেপিয়ে নিৰ্দেশ দিয়াৰ বাবে যোৱা দহদিন ধৰি ৰাজ্যপালে এই খাম খোলা নাই৷ সম্প্ৰতি বিজেপিয়ে বিধায়ক কিনাৰ ভয়ত চৰকাৰী পক্ষৰ সকলো মন্ত্ৰী-বিধায়কক মুখ্যমন্ত্ৰীৰ ছোৰেণৰ পৰিচালনাত কংগ্ৰেছশাসিত ৰাজ্য ছত্তিশগড়ৰ ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু আস্থা ভোটৰ বাবে তেওঁলোকক পুনৰ ৰাঁচীলৈ ঘূৰাই অনা হৈছে৷ অৰ্থাৎ সৰ্বদিশৰ পৰা সাজু হৈ আছে চৰকাৰী বিধায়ক-মন্ত্ৰী৷ সেয়ে এতিয়া বন্ধ খাম নোখোলাকৈ বিজেপিৰ নিৰ্দেশত ৰাজ্যপালে অপেক্ষা কৰি আছে বুলি অভিযোগ উঠিছে৷ সুযোগ বুজি ৰাজ্যপালে এই বন্ধ খাম খুলিব আৰু ছোৰেণ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পৰামৰ্শ ৰাজহুৱা কৰিব৷ পিছে তাৰ পূৰ্বেই সোমবাৰে ঝাৰখণ্ডৰ চৰকাৰী পক্ষই বিধানসভাত শক্তি প্ৰদৰ্শন কৰি প্ৰত্যেকটো সংগী দল আৰু প্ৰত্যেকজন বিধায়ক চৰকাৰৰ সৈতে থকা বুলি প্ৰমাণ কৰে৷ আস্থাভোটৰ পৰা ৱাক-আউট কৰে বিজেপিয়ে৷  বিধানসভাত হেমন্ত ছোৰেণে বিজেপিক তুলাধূনা দি কয়– আমি শুনিছো আনে কাপোৰ কিনে, ৰেচন কিনে, কিন্তু বিজেপিয়ে বিধায়ক কিনে৷ উল্লেখ্য, দিল্লী চৰকাৰৰ দৰে বিধানসভাত হেমন্ত ছোৰেণে শক্তি প্ৰদৰ্শন কৰিলেও বিজেপিৰ সন্মুখত তেওঁৰ চৰকাৰ কিমান দিন তিষ্ঠি থাকিব পাৰিব সেয়া অনিশ্চিত৷