Logo
image

পাকিস্তানী বলাৰৰ সৈতে উৰ্বশীৰ ভিডিঅ’

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ সুঠামদেহী আৰু সুদৰ্শন পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে আবেদনময়ী বলীউড সুন্দৰীৰ নিবিড় সম্পৰ্ক আৰু ঘনিষ্ঠ সান্নিধ্য মুঠেই নতুন কথা নহয়৷ পাক ক্ৰিকেটাৰ ‘কিং’ ইমৰাণ খানৰ সৈতে নিবিড় সম্পৰ্কত জড়িত হৈ পৰিছিল ৰেখা আৰু জীনৎ আমন৷ তেতিয়া দুয়ো আছিল উচ্ছল যৌৱনা আৰু ইমৰান আছিল ক্ৰিকেট ফিল্ডৰ সৰ্বাধিক আবেদন থকা তৰুণ৷ পৰৱৰ্তী কালত ৱাছিম আক্ৰামৰ সৈতে ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেন, আব্দুল ৰাজ্জাকৰ সৈতে তমন্না ভাটিয়া আৰু ছোৱেইব আখটাৰৰ সৈতে সোণালী বেন্দ্ৰে ৰোমান্তিকভাৱে জড়িত হৈ পৰিছিল৷ এইবাৰ সেই ৰোমান্তিক সম্পৰ্কৰ শৃংখল অটুত ৰাখি চৰ্চাৰ শীৰ্ষলৈ আহিছে তৰ্কাতীতভাৱে এতিয়া বলীউডৰ সৰ্বাধিক যৌন আবেদনময়ী অভিনেত্ৰী ঊৰ্বশী ৰৌতেলা৷ ছবিৰ অভিনয়েৰে তেওঁ দৰ্শকৰ মনত কিমান ৰেখাপাত কৰিছে সেয়া ডাঙৰ কথা নহয়৷ প্ত ফুট ৬ ইঞ্চি উচ্ছতাৰ এপিলিং বিউটী, দীৰ্ঘদেহী অথচ লিচপিচিয়া সুন্দৰী ঊৰ্বশীয়ে শৰীৰৰ ভাঁজেৰে দেশত অযুত অনুৰাগীৰ সৃষ্টি কৰাতো কিন্তু চৰম সত্য৷ সেই ঊৰ্বশীয়ে এইবাৰ মতিভ্ৰম ঘটাইছে তৰুণ পাক ক্ৰিকেটাৰ নাছিম শ্বাহৰ, যি বলীউড ললনাৰ প্ৰেম শৰত বিদ্ধ হৈ খেলপথাৰৰ প্ৰদৰ্শন পাহৰি পেলোৱাৰ উপক্ৰম ঘটিছে, যিদৰে স্বৰ্গৰ অপ্সৰা ঊৰ্বশীয়ে ধ্যানভংগ কৰিছিল ঋষি-মুনিৰ৷ সম্প্ৰতি এছিয়া কাপত ঊৰ্বশী ৰৌতেলাৰ সজীৱ-আবেদনময় উপস্থিতিয়ে অলেখ ক্ৰিকেট অনুৰাগীৰ দৃষ্টি কাঢ়িছে৷ কেমেৰাৰ ‘ভাৰ্জিন ট্যুৰ’ত প্ৰায় অৰ্ধবসনা ঊৰ্বশীক এপলক দেখুওৱাতো মেচ টেলিকাষ্টৰ কেমেৰাৰ অভ্যাসত পৰিণত হৈছে৷ এফালে অফ ছলজাৰ টিউব টপ আৰু মিনি স্কাৰ্ট পৰিধান কৰি কোনো সময়ত আৰ্মচেয়াৰ আৰু সঘনে হেণ্ডলত আউজি বহি কিম্বা থিয় হৈ ক্ৰিকেট উপভোগ কৰা ঊৰ্বশী ৰৌতেলাক ক্ৰিকেট অনুৰাগীয়ে টিভিৰ পৰ্দাতে উপভোগ কৰি হা-হুমুনিয়াহ কাঢ়িছে আৰু আনফালে একেলগে মুখামুখি হোৱা নাছিম শ্বাহৰ ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰি ঊৰ্বশীয়ে তৰুণ অথচ সুন্দৰ-সুঠাম পাক ক্ৰিকেটাৰজনক লালায়িত কৰিছে৷ ভিডিঅ’ত দেখা গৈছে, ঊৰ্বশী বহি আছে গেলাৰীত, আনহাতে, ফিল্ডত নাছিম৷ দুয়োৰে মুখত টুকুৰা-টুকুৰকৈ অভিব্যক্তি আৰু হিন্দী গীতৰ কলি জোৰা দি ভিডিঅ’টো সজোৱা হৈছে৷ ব্যৱহাৰ কৰা হৈছে উৰ্দুমিশ্ৰিত জনপ্ৰিয় পাকিস্তানী গায়ক আতিফ আছলামৰ এটা ৰোমাণ্টিক গানৰ কলি৷ ভিডিঅ’ত দুয়ো দুয়োলৈ চাইছে আৰু লাজত আৰক্তিম হৈছে নাছিমৰ মুখ, য’ত ঊৰ্বশী যেন সাহসী– ব’ল্ড এণ্ড বিউটিফুল আৰু প্ৰলোভিত কৰিছে তেওঁতকৈ কম বয়সীয়া পাক ক্ৰিকেটাৰ নাছিমক৷ একেটা ভিডিঅ’ নাছিমৰ ফেন পেজৰ পৰাও আপলোড কৰা হৈছে৷ ডুবাইৰ মৰু চহৰত এয়া যেন প্ৰেমৰ মৰুদ্যান৷ অৱশ্যে এতিয়াও দুয়োৰে সম্পৰ্ক কি বা কিমান গভীৰ সেয়া এই ভিডিঅ’ত নাই৷ যি ঊৰ্বশীয়ে এসময়ত ৰাজহুৱাকৈ দাবী কৰিছিল, আৰ পি নামৰ এজন ক্ৰিকেটাৰে তেওঁৰ সান্নিধ্যৰ বাবে হোটেলৰ দুৱাৰমুখত অপেক্ষা কৰি থাকে৷ তেওঁ সেই ক্ৰিকেটাৰৰ অপেক্ষাৰ কথা পাহৰি হোটেলৰ ৰূমত শুই থাকে আৰু পাছত দেখা হয় মুম্বাইত৷ নেটিজেনে সেই আৰ পি ঋষভ পণ্ট বুলি নিশ্চিত দাবী কৰে৷ এইবাৰ পিছে মৰু চহৰত প্ৰেমৰ ধুমুহাৰ সৃষ্টি কৰা কিম্বা সৃষ্টি কৰিবলৈ প্ৰয়াস চলোৱা ঊৰ্বশীয়ে নিজ মুখেৰে একো কোৱা নাই, সম্পৰ্কৰ কথা কোৱা নাই ছবিৰ নায়কৰ দৰে সুদৰ্শন নাছিমেও৷ নাছিম সুন্দৰী ঊৰ্বশীৰ সম্পৰ্কৰ কিমান গভীৰতালৈ নামিছে বা নামিবলৈ সক্ষম হৈছে সেয়া এতিয়াও অব্যক্ত, দুয়োদিশৰ পৰাই৷