Logo
image

দিছপুৰত চলিছে ভঙা-গঢ়াৰ খেল

কোটিটকীয়া নতুন ঘৰ ভাঙি বিশেষধৰণে সুসজ্জিত ঘৰ ন-মন্ত্ৰীৰ বাবে

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে জনসাধাৰণৰ ওপৰত ইটোৰ পিছত সিটো কৰৰ বোজা জাপি দিয়াৰ সময়তে এইবাৰ দিছপুৰত মন্ত্ৰীৰ বাসভৱনৰ ভঙাকে ভাঙিছে পতাকে পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ এক কথাত দিছপুৰীয়া মন্ত্ৰীৰ নতুন প্ৰাসাদোপম অট্টালিকাৰ মেৰামতিৰ নামত ৰাজকোষৰ বৃহৎ অংকৰ ধন খৰচ কৰিবলৈও যেন কুণ্ঠাবোধ কৰা নাই৷  তাৎপৰ্যপূ্‌ৰ্ণ বিষয়টো হৈছে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ শেষৰটো বছৰত নিৰ্মাণ কৰিছিল মন্ত্ৰীৰ চৰকাৰী বাসভৱনসমূহ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰীসকলে নিগাজিকৈ থাকিবলৈ লৈছিল নতুন বাসভৱনকেইটাত৷ অৰ্থাৎ নতুন বাসগৃহকেইটাৰ ব্যৱহাৰৰ প্ৰায় ৬বছৰ সম্পূৰ্ণ হৈ গৈছে যদিও ইয়াৰ মাজতে কেইবাবাৰো ৰং-তেল ঘঁহি আটকধুনীয়া কৰাও দেখা গৈছিল৷ কিন্তু এইবাৰ ইয়াৰে  এটা প্ৰাসাদোপম বিশেষ আবাসগৃহৰ আন্তঃগাঁথনি ভাঙি ৰাজকোষৰ ধনেৰে নতুনকৈ নিৰ্মাণ কৰিছে৷ স্বাভাৱিকতেই ব্যৱহাৰযোগ্য এটা বাসগৃহ ভাঙি ৰাজকোষৰ  ধন অবাবদ খৰচ কৰা বুলিও খোদ শাসকীয় বিধায়কসকলৰ মাজেতই চৰ্চা চলিছে৷ অভিযোগ অনুসৰি দিছপুৰৰ মিনিষ্টাৰ কলনীৰ এম-ৰ নম্বৰ আৱাস গৃহটোত পূৰ্বে ‘চিটা’ৰ অধ্যক্ষ প্ৰয়াত দীপক বৰঠাকুৰ আছিল৷ দীপক বৰঠাকুৰৰ আকস্মিক মৃত্যুৰ পাছত আৱাসগৃহটো খালী হৈ আছিল যদিও শেহতীয়াকৈ চৰকাৰে নতুন কোনো আৱাসীক আবণ্টন দিছে প্ৰাসাদোপম অট্টালিকাটো৷ যাৰ বাবেই কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা উক্ত আৱাসগৃহটো আশ্চৰ্যজনকভাৱে চৰকাৰে মেৰামতিৰ নামত আন্তঃগাঁথনিৰ বৃহৎ অংশ ভাঙি পেলাই নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ বাবে চৰকাৰে কোটি টকীয়া ঠিকাও আৱণ্টন দিছে৷ মিনিষ্টাৰ কলনীৰ আন আন মন্ত্ৰীৰ আৱাসগৃহসমূহ একেদৰে আছে যদিও এম-ৰ নম্বৰৰ বাসগৃহটো নতুনকৈ সম্প্ৰসাৰণ কৰি নিৰ্মাণ কৰাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ অট্টালিকাটোত কোন ভি আই পি ব্যক্তি বিশেষ থাকিব, যাক লৈ নতুনকৈ ডিজাইন কৰিবলগীয়া হৈছে বুলিও শাসক-বিৰোধী বিধায়কে প্ৰশ্ন কৰা দেখা গৈছে৷ অৱশ্যে দিছপুৰৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন ন-মন্ত্ৰীৰ নামতেই আবণ্টিত হ’ব এই প্ৰাসাদোপম আৱাসগৃহটো৷ উক্ত মন্ত্ৰীজনেই নিজৰ সুবিধা হোৱাকৈ এটাও দাগ নথকা আবাসগৃহটো চৰকাৰী খৰচত ভাঙি নিৰ্দিষ্ট বিভাগৰ জৰিয়তে ঠিকা আৱণ্টন দি বিশেষ ধৰণেৰে  সু-সজ্জিত কৰি তুলিছে৷ ৰাজকোষৰ ধনেৰে ভঙাকে ভাঙি পতাকে পাতি নতুনকৈ নিৰ্মাণ কৰা আৱাসগৃহটোত কোন সৌভাগ্যৱান ন-মন্ত্ৰীয়ে বিশ্ৰাম কৰিব তাক লৈ বিধায়কসকলৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা দেখা গৈছে৷