Logo
image

ছলনা! আৰক্ষীক পাক্‌ঘূৰণি খুৱাইছে সুন্দৰী ইফটিছুনে

৩ দিনৰ জিম্মা, আৰক্ষীৰ জেৰা চলিছে

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ ছলনাময়ী বেংকৰ উপ-প্ৰৱন্ধক ইফটিছুন হক চৌধুৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি এটাৰ পাছত আনটো প্ৰৱঞ্চনাৰ তথ্য উন্মোচন কৰিবলৈ সক্ষম হৈছে৷ তাৰ মাজতে ছলনাময়ী সুন্দৰী ইফটিছুনে তদন্তৰ সময়ত আৰক্ষীক পাকঘুৰণি খুৱাইছে৷ ছলনাময়ী সুন্দৰী যুৱতীৰ কথাত বিশ্বাস নকৰি আৰক্ষীয়ে হাতীগাঁৱৰ ভেটাপাৰাৰ এক্সিছ বেংকৰ উপ-প্ৰৱঞ্চক ইফটিছুন হক চৌধুৰীয়ে ডেলিভাৰী নিদিয়া গ্ৰাহকৰ এটিএম কাৰ্ডসমূহ নিজে সলনি কৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ বহু বেংক গ্ৰাহকৰ এটিএম, পাছবুক আৰু চেকবুক ব্যৱহাৰ কৰি উপ-প্ৰৱন্ধক ইফটিচুন হক চৌধুৰীয়ে গ্ৰাহকৰ ধন হৰলুকি কৰাৰ তথ্য লাভ কৰিছে গীতানগৰ আৰক্ষীয়ে৷ ইতিমধ্যে বেংক বিষয়া ইফটিচুন হক চৌধুৰীক শীৰ্ষ আৰক্ষী বিষয়াই পৃথকে পৃথকে জেৰা চলাই আছে৷ জেৰাৰ কালছোৱাত ধৃত বেংক বিষয়াগৰাকীয়ে ধন হৰলুকি ঘটনাত কোনো বেংক বিষয়া-কৰ্মচাৰীৰ নাম লোৱা নাই৷ কম দিনত ধনী হোৱাৰ সপোন পুহি ৰখা ইফটিচুন হক চৌধুৰীয়ে বিলাসীলাইফ ষ্টাইল কটাব বিচাৰিছিল৷ যাৰ পৰিণতিত সুন্দৰী বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম কাৰ্ড জালিয়াতিৰে ধন উলিয়াই নিজে খৰচ কৰিছিল বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ গুৱাহাটীৰ জু-ৰোডৰ বাসিন্দা জ্যোতি কৃষ্ণাদাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি মহিলা গ্ৰাহকগৰাকীৰ এটিএম ব্যৱহাৰ কৰি যোৰাবাটৰ এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল ক্ৰয় কৰাৰ লগতে এখন সুৰাৰ বিপনীৰ পৰা এটিএম কাৰ্ড ব্যৱহাৰ কৰি সুৰা ক্ৰয় কৰাৰ তথ্য লাভ কৰে৷ তদন্তকাৰী আৰক্ষীৰ দলটোৱে যোৰাবাটৰ পেট্ৰ’ল পাম্প আৰু সুৰাৰ বিপনীৰ পৰা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে৷ দুয়োটা ফুটেজত এগৰাকী যুৱতী মূৰত বগা টুপী আৰু নীলা স্প’ৰ্টিং পিন্ধি সামগ্ৰী ক্ৰয় কৰাৰ চিত্ৰৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰথামিক তদন্তত এই ঘটনাত বেংক বিষয়া জড়িত থাকিব পাৰে বুলি সন্দেহ কৰি গীতানগৰৰ আৰক্ষীয়ে জু-ৰোডৰ এইচ ডি এফ চি বেংকত তদন্ত চলায়৷ বেংকৰ কৰ্মচাৰীয়ে চি চি টিভি কেমেৰাৰ ফুটেজ চাই যুৱতীগৰাকী ইফটিচুন হক চৌধুৰী বুলি চিনাক্ত কৰে আৰু বৰ্তমান যুৱতীগৰাকীয়ে ভেটাপাৰাৰ এক্সিছ বেংকত উপ-প্ৰৱন্ধক হিচাপে কাম কৰি থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিখুতভাৱে তদন্ত কৰি এই সমস্ত ধন লুটৰ ঘটনাত ইফটিচুন হক চৌধুৰী জড়িত থকা বুলি তদন্তকাৰী বিষয়াজনে নিশ্চিত তথ্য লাভ কৰে৷ তদুপৰি উপ-প্ৰবন্ধক ইফটিচুন হক চৌধুৰীয়ে বিশাল মেগা মাৰ্টৰ পৰা গ্ৰাহকৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰি তিনিবাৰকৈ সামগ্ৰী ক্ৰয় কৰাৰ নিশ্চিত তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পাছতেই গীতানগৰ আৰক্ষীয়ে সোমবাৰে ভেটাপাৰাৰ এক্সিছ বেংকৰ পৰা উপ-প্ৰৱন্ধক ইফটিচুন হক চৌধুৰীক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত উপ-প্ৰবন্ধকগৰাকীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত প্ৰবন্ধকগৰাকীক তিনি দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে৷ বেংকৰ সকলো গ্ৰাহকক সতৰ্ক হৈ থাকিবলৈ গুৱাহাটী আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ ডিচিপি দিগন্ত চৌধুৰীয়ে ৰাইজক আহ্বান জনাইছে৷ বেংকত ধন জমা কৰি সুৰক্ষিত হৈ থকা বুলি ভাবি বহি নাথাকিবলৈ আহ্বান জনাই ডি চি পি দিগন্ত চৌধুৰীয়ে বেংকৰ সমস্যা হ’লে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ ধৃত ইফটিচুন হক চৌধুৰীয়ে প্ৰথমে আই চি আই চি আই বেংকত কাম কৰাৰ পাছত এইচ ডি এফ চি বেংকত কাম কৰি আছিল বুলি ডিচিপিয়ে জানিবলৈ দিয়ে৷ ধৃত উপ-প্ৰৱন্ধকে আৰক্ষীৰ আগত বহু কথা স্বীকাৰ কৰিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷

বাইহাটাত আত্মসহায়ক গোটৰ একাউণ্টৰ পৰা ৬বাৰকৈ ধন লুট 

অসম গ্ৰামীণ বিকাশ বেংকৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াস্থিত শাখাত থকা দগাঁওস্থিত নৱজ্যোতি আত্মসহায়ক গোটৰ একেটা একাউণ্টৰ পৰা এবাৰ এবাৰকৈ জালিয়াতিৰে মুঠতে ৬ বাৰকৈ নিৰ্বিঘ্নে ধন লুট কৰি নিয়া এক আশ্চৰ্যজনক আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ সোমবাৰে সন্ধিয়া পোহৰলৈ আহিছে৷ এই অভাৱনীয় ঘটনাক কেন্দ্ৰ কৰি বেংকটোৰ বিষয়া-কৰ্মচাৰীৰ পাৰদৰ্শিতা আৰু দায়িত্ববোধৰ লগতে এনে দায়িত্ববাহীৰ তত্ত্বাৱধানত গ্ৰাহকৰ সঞ্চিত ধনৰ সুৰক্ষাকলৈয়ো প্ৰশ্ন উঠিছে৷ আনকি সমগ্ৰ ঘটনাক্ৰমৰ পৰা বেংকটোৰ কৰ্মকৰ্তাই জালিয়াতিৰে এই ধন লুট কৰা প্ৰৱঞ্চকক সুৰক্ষা দিয়াৰো সন্দেহৰ লগতে আন কেতবোৰ প্ৰাসংগিক বিষয়ৰো উন্মেষ ঘটিছে৷  এই সন্দৰ্ভত প্ৰাপ্ত অভিযোগ আৰু খবৰ অনুসৰি, জিলাখনৰ কমলপুৰ সমষ্টিৰ দগাঁওস্থিত নৱজ্যোতি আত্মসহায়ক গোটৰ সভাপতি আৰু সম্পাদিকাদ্বয়ে দুমাহমান পূৰ্বে শাখাটোৰ পৰা নগদ ধন উলিয়াবলৈ অহাত ইয়াত থকা একাউণ্টৰ পৰা জালিয়াতিৰে ৬ বাৰত ৬৯ হাজাৰ টকা উলিয়াই নিয়াৰ তথ্য সদৰি হয়৷ এই বিষয়ে আত্মসহায়ক গোটৰ তৰফৰ পৰা শাখা প্ৰবন্ধকক অভিযোগ দাখিল কৰাৰ পাছত বেংক কতৃৰ্পক্ষই আন আত্মসহায়ক গোটৰ সদস্যক সোধ-পোছ কৰাৰ পাছত আশ্চৰ্যজনকভাৱে একাউণ্টটোত পুনৰ  ৬৯ হাজাৰ টকা জমা কৰা হয়৷ অভিযোগ মতে, জালিয়াতিত জড়িতজনে বেংক কতৃৰ্পক্ষৰ হস্তক্ষেপত এই ধনৰাশি পুনৰ জমা কৰে৷ কিন্তু জালিয়াতি কৰি নিয়া ধনখিনি ওভতাই পোৱাতেই সন্তুষ্ট নহৈ নৱজ্যোতি আত্মসহায়ক গোটৰ লগতে আন কেইবাটাও গোটৰ শংকিত সদস্যসকলে সোমবাৰে বিয়লি প্ৰবন্ধকক সাক্ষাৎ কৰি জালিয়াতিকাৰীৰ বিষয়ে জানিবলৈ আঁকোৰগোঁজ হৈ পৰে৷ কিন্তু প্ৰবন্ধকজনে এই বিষয়ে জনোৱাৰ পৰা বিৰত থকাত বেংকটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত জালিয়াতিৰ বিষয়টো ৰাষ্ট্ৰ হৈ পৰে৷ প্ৰবন্ধকজনৰ এই স্থিতিৰ ফলত এই জালিয়াতিৰ আঁৰত বেংকৰ লোকো জড়িত আছে নেকি সেয়াও সন্দেহৰ বিষয় হৈ পৰে৷ আনহাতে, আন এক গুৰুতৰ অভিযোগ মতে, যি উইদ্ৰল ফৰ্মেৰে এই জালিয়াতি কৰা হৈছে, সেই ফৰ্মত কৰা স্বাক্ষৰত বানানো ভুল হৈছে৷ ছীলৰো মিল নাই৷ এই দৃষ্টিকোণৰ পৰা ক্ষুদ্ধ মহিলাসকলে কেতবোৰ প্ৰাসংগিক কথা অৱতাৰণা কৰি কয় যে-য’ত এটা [, ]ক’মা অথবা আকাৰ-ইকাৰৰ সামান্য ইফাল-সিফাল হ’লেই সেই উইদ্ৰল ফৰ্মখনকে নাকচ কৰা হয়, তেনেক্ষেত্ৰত সেই বেংকত বানান ভুল হোৱাটো আৰু ছীলৰ ভিন্নতা দৃষ্টিগোচৰ নোহোৱাকৈ কেনেকৈ ৰৈ যাব পাৰে৷ জালিয়াতিকাৰীৰে বেংক কতৃৰ্পক্ষৰ বুজাবুজি নাথাকিলে এয়া সম্ভৱ জানো! ইয়াৰো উৰ্ধতন কতৃৰ্পক্ষই এক উচিত তদন্ত কৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে৷