Logo
image

সকলো আৰোহীয়েই বান্ধক ছীটবেল্ট, অন্যথা জৰিমনা

চাইৰাছৰ দুৰ্ঘটনাৰ পাছত গাডকাৰিৰ নিৰ্দেশ

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ পথ দুৰ্ঘটনাত শোকাৱহ মৃত্যুত ঘটনাই যেন শিক্ষা দিলে কেন্দ্ৰীয় চৰকাৰক৷ বিলাসী তথা অন্যতম দুৰ্ঘটনা প্ৰতিৰোধ মাৰ্চিডিজ বেণ্ডৰ বাহনৰ পিছৰ আসনত বহি যোৱাৰ পাছতো একমাত্ৰ ছীটবেল্ট ব্যৱহাৰ নকৰাৰ বাবেই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল চাইৰাছ মিস্ত্ৰীয়ে৷ টাটা ছন্সৰ প্ৰাক্তন সঞ্চালক চাইৰাছ মিস্ত্ৰীৰ দুঘাটনাটোক গুৰুত্ব সহকাৰে লৈ এতিয়াৰে পৰা চাৰি চকীয়া বাহনৰ পিছত আসনত বহা আৰোহীৰ বাবেও ছীটবেল্ট বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে৷ বাহনৰ পিছত আসনত বহা যাত্ৰীয়ে ছীট বেল্ট ব্যৱহাৰ নকৰিলে জৰিমনা বিহাৰ সন্দৰ্ভত দুই এদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰিব বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাড়কাৰীয়ে৷ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী গাড়কাৰীয়ে কয়– সাধাৰণতে চালক বা তেওঁৰ কাষৰ ছীটৰ যাত্ৰীয়ে ছীটবেল্ট নিপিন্ধিলে জৰিমনা বিহাৰ প্ৰথা আছে৷ যদিওবা বাহনৰ সন্মুখৰ যাত্ৰীয়েই নহয়, পিছফালৰ যাত্ৰীৰ বাবেও ছীটবেল্ট নিপিন্ধিলে শাস্তিৰ বিধান আছে, কিন্তু  বাস্তবত ইয়াৰ প্ৰয়োগ অস্তিত্বহীন৷’ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীজনে এতিয়াৰে পৰা পিছফালৰ আসনৰ আৰোহীৰ বাবে ছীটবেল্ট বাধ্যতামূলক হ’ব বুলি উল্লেখ্য কৰি প্ৰয়োজনত আইন সংশোধন কৰা হ’ব বুলিও সদৰী কৰে৷ কেন্দ্ৰীয় মটৰ পৰিবহণ আইনৰ ধাৰা ১৩৮[ত] ত কোৱা হৈছে যে –বাহনৰ চলন্ত অৱস্থাত চালকৰ লগতে তেওঁৰ কাষত আসনত বহি থকা আৰোহীজনৰ লগতে আগফাল বা পিছফালৰ প্ৰতিজন যাত্ৰীয়েও ছীটবেল্ট পিন্ধিব লাগে৷ এই নিয়ম  উলংঘা কৰিলে১০০০টকা পৰ্যন্ত জৰিমনাৰ বিধান আছে৷ কিন্তু বাস্তৱত যান-বাহন আৰক্ষীয়েও এনে নিয়ম উলংঘনকাৰীসকলৰ ক্ষেত্ৰত কঠোৰ হোৱা দেখা নাযায়৷ বৰ্তমান বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বাহনৰ সন্মুখৰ চিটত ছীট বেল্ট পৰিধান নকৰিলে এলাৰ্ম বজাৰ ব্যৱস্থা কৰিছে যদিও পিছৰ ছীটত সেই ব্যৱস্থা নাই৷ কেন্দ্ৰীয় মন্ত্ৰীজনে পিছৰ ছীটৰ বাবেও এলাৰ্ম প্ৰণালী বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ এই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰি থকা হৈছে বুলিও মন্তব্য কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙ্গলবাৰে এক অনুষ্ঠানত কয় যে, চৰকাৰে তিনি দিনৰ ভিতৰত এই সম্পৰ্কে এখন জাননী জাৰি কৰিব৷ জাননীখনত পিছৰ ছীটত ছীট বেল্ট নাথাকিলে জৰিমনা সম্পৰ্কীয় তথ্য সুনিৰ্দিষ্ট কৰা হ’ব৷