Logo
image

এইবাৰ এপিএছচিৰ নতুন অধ্যক্ষকে আয়োগৰ চমন

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ প্ৰাক্তন ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ এপিএছচিৰ ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেলেংকাৰি তথা অনিয়মৰ তদন্তৰ মাজতে এইবাৰে ন্যায়িক আয়োগে অসম লোকসেৱা আয়োগৰ তদানীন্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক তথা বৰ্তমানৰ এপিএছচিৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীলৈ চমন জাৰি কৰিছে৷ বিগত ৩ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰা ভাৰত ভূষণ দেৱচৌধুৰীলৈ ন্যায়িক আয়োগে কেলেংকাৰিত জড়িত থকাৰ সন্দেহত জাননী জাৰি কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, বিগত ৩১ আগষ্টত শিক্ষা বিভাগৰ সচিব পদৰ পৰা অব্যাহতি লোৱা দক্ষ আইএএছ বিষয়াজনে ২০১৫ চনৰ ২১ জুলাইত এপিএছচিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক হিচাপে যোগদান কৰি ২০১৬ চনৰ ১০ ফেব্ৰুৱাৰী পৰ্যন্ত উক্ত দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল৷ ভাৰত ভূষণ দেৱচৌধুৰীয়ে যোগদানৰ পূৰ্বে ২০১৪ বৰ্ষৰ মূল পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও তেওঁৰ কাৰ্যকালতে পৰীক্ষাৰ উত্তৰ বহী মূল্যয়নৰ কাম সম্পাদন হৈছিল৷ নিয়ম অনুসৰি এপিএছচিৰ ষ্ট্ৰং ৰূমৰ দুপাত চাবিৰ এপাত  অধ্যক্ষৰ স্থানত আৰু আনপাত মুখ্য পৰীক্ষা নিয়ন্ত্ৰকৰ হাতত থাকিব লাগে৷ অভিযোগ অনুসৰি মুখ্য পৰীক্ষা নিয়ন্ত্ৰক ভাৰত ভূষণ দেৱচৌধুৰীয়ে নিজৰ লগত ৰাখিবলগীয়া চাবি পাত আয়োগৰ ধৃত সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তৰ হাতত তুলি দিছিল৷ কিয়নো ইতিপূৰ্বে এপিএছচি কেলেংকাৰি গোচৰত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত ফৌজদাৰী  বিধিৰ ১৬৪ ধাৰাত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ষ্ট্ৰং ৰূমত চাবি তেওঁৰ হাতত নাছিল বুলিও জবানবন্দী দিছিল৷ আনকি দেৱচৌধুৰীয়ে মুখ্য পৰীক্ষা নিয়ন্ত্ৰক হৈও ষ্ট্ৰং ৰূমৰ চাবি তেওঁৰ হাতত যে ৰাখিব লাগে সেই সন্দৰ্ভতো গাইডলাইনৰ বিষয়ে অৱগত নাছিল বুলিও জবানবন্দি  লিপিবদ্ধ কৰোৱাইছিল৷ পৰৱৰ্তী সময়ত তদন্তকাৰী আৰক্ষীয়ে অভিযান চলাই সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পবিত্ৰ কৈৱত্যৰ ওচৰত পাইছিল ষ্ট্ৰং ৰূমৰ আনপাত চাবি৷ স্বাভাৱিকতেই প্ৰশ্ন হয় ভাৰত ভূষণ দেৱচৌধুৰী যদিহে আয়োগত শক্তিহীন হিচাপে বহি আছিল তেনেহ’লে  তলতীয়া কৰ্মচাৰী সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকে ষ্ট্ৰং ৰূমৰ চাবি নিজৰ লগত ৰাখিবলৈ সক্ষম হোৱা বিষয়টোৰ কিয় প্ৰতিবাদ কৰা নাছিল? এই প্ৰসংগতে বুধবাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এপিএছচিৰ বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীলৈ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছে৷ ১৫ দিনৰ ভিতৰত ভাৰত ভূষণ দেৱচৌধুৰীৰে ন্যায়িক আয়োগৰ ওচৰত সোঁ-শৰীৰে হাজিৰ হৈ বা নিজৰ অধিবক্তাৰ জৰিয়তে প্ৰত্যুত্তৰ দিব লাগিব৷ স্বাভাৱিকতেই এতিয়া ৰাজ্য প্ৰশাসনৰ দক্ষ আৰু নিষ্ঠাৱান আইএএছ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱচৌধুৰীয়ে সেই সময়ত ৰাকেশ পাল বাহিনীৰ কু-কৰ্মক দেখিও নেদেখাৰ ভাও লৈছিল নেকি বুলি প্ৰশ্ন  উত্থাপন হৈছে৷ দেৱচৌধুৰীয়ে এপিএছচিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব থকাৰ পাছত ৰাকেশ পাল এণ্ড কোম্পানীয়ে কেনেকৈ উত্তৰ বহী জালিয়াতি কৰিবলৈ সক্ষম হৈছিল তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো ২০১৪ বৰ্ষৰ এপি এছ চি পৰীক্ষাত ৰাকেশ পাল বাহিনীয়ে উত্তৰবহী আৰু টেবুললেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰি জালিয়াতিৰে বাছনি কৰা ২১জন ৰাজপত্ৰিত বিষয়াক ইতিপূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ লক্ষণীয়ভাৱে ভাৰত ভূষণ দেৱচৌধুৰীক এপিএছচিৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়াক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছিল৷ এপিএছচিৰ অনিয়মৰ বিৰুদ্ধে মাত মাতি অহা ফাইট এগেইষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৱে ভাৰত ভূষণ দেৱচৌধুৰীয়ে এপিএছচিৰ গাইড বুক লিখাৰ লগতে কচিং চেণ্টাৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল৷ ক’চিং চেণ্টাৰৰ প্ৰশিক্ষক হ’লে বা গাইড বুক লিখিলে  এপিএছচি পৰীক্ষাত প্ৰত্যক্ষ প্ৰভাৱ পৰাৰো আশংকা ব্যক্ত কৰিছিল সংস্থাটোৱে৷ যাৰ বাবে আয়োগৰ মুৰব্বীৰ দায়িত্ব দিয়াত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ফাইট এগেইষ্ট ইনজাষ্টিত অৱ এপিএছচিয়ে৷