Logo
image

গুগলে শ্ৰদ্ধা জনালে সুধাকণ্ঠক

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ খ্যাতি কেৱল ভাৰতৰ চাৰিসীমাৰ মাজতেই যে আৱদ্ধ নহয় সাতসাগৰ তেৰ নদীৰ সিপাৰেও আছে তেওঁৰ অগণন গুণমুগ্ধ৷ সেই কথা বৃহস্পতিবাৰে পুনৰ প্ৰমাণিত কৰিলে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ছাৰ্চ ইঞ্জিন ৰূপে পৰিচিত গুগলে৷ বৃহস্পতিবাৰে ৯৬ সংখ্যক জন্মদিনত গুগলে ড॰ হাজৰিকাৰ এটা ডুডল প্ৰকাশেৰে বিশ্ববৰেণ্য শিল্পীগৰাকীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য যে ‘গুগল’ৰ এটা গোটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কৰা ছাৰ্চ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি একোটা ‘ডুডল’ৰ সৃষ্টি কৰে৷ অৱশ্যে কোনো বিশেষ অনুষ্ঠান বা উৎসৱৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হয়৷ সেই ‘গুগলে’ অসমীয়া জাতিৰ ‘প্ৰাণস্বৰূপ’ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকালৈ ‘ডুডল’ৰে জন্মদিনত ‘বিশেষ শ্ৰদ্ধাঞ্জলি’ জ্ঞাপন কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে এটা মাইক্ৰ’ফোনৰ সন্মুখত হাৰমনিয়াম লৈ থকা ড॰ হাজৰিকাৰ এই ‘ডুডল’ৰ স্ৰষ্টা হৈছে মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী ৰতুজা মালি৷

স্মতৰ্ব্য যে ১৯২৬ চনৰ এই দিনটোতে জন্মগ্ৰহণ কৰিছিল ড॰ ভূপেন হাজৰিকাই৷ মাত্ৰ ১০ বছৰ বয়সতে তেওঁৰ প্ৰথমটো গীত বাণীবন্ধন হৈছিল৷ ওৰেটো জীৱন সংগীত, শিল্পৰ সৃষ্টিৰে অসমৰ কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰত উজ্বলাই তোলা এই গৰাকী মহান শিল্পী ‘ভাৰত ৰত্ন’ ড॰ ভূপেন হাজৰিকাৰ ২০১১ চনৰ ৫ নৱেম্বৰত জীৱন অধ্যায়ৰ সমাপ্তি ঘটে৷