Logo
image

আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব...

৯৬সংখ্যক জন্মদিনত ৰাজ্যজুৰি ভূপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ড০ ভূপেন হাজৰিকা৷ সুধাকণ্ঠ ভূপেন হাজৰিকা৷ ভাৰত ৰত্ন ভূপেন হাজৰিকা৷ অসমীয়াৰ হৃদয়স্পন্দন  ভূপেন হাজৰিকা৷ ভূপেন হাজৰিকাবিহীন এঘাৰটা বছৰ পাৰ কৰিলে অসমীয়াই৷ ভূপেন হাজৰিকা কি আছিল সেই বিষয়ে ব্যাখ্যা কৰাতকৈ কি নাছিল  সেই প্ৰশ্নহে কৰা উচিত৷ গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, ছবি পৰিচালক, চিত্ৰকৰ, সমালোচক, ৰাজনীতিক, কবি, সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ, অভিনেতা আৰু ক’ত যে কি! এই ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন বৃহস্পতিবাৰে পালন কৰিলে অসমীয়াই৷ অসমৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে বৃহস্পতিবাৰে পালন কৰিলে মৰমৰ-শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ জন্মদিন৷ অসমৰ বাহিৰতো– পশ্চিমবংগ, দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই আদিৰ উপৰি বাংলাদেশ, ইংলেণ্ড আৰু আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন ঠাইত পালন কৰা হয় ভূপেন হাজৰিকাৰ জন্মদিন৷ কোৱা বাহুল্য যে যিমানেই দিন বাগৰিছে সিমানেই প্ৰাসংগিকতা বাঢ়িছে ভূপেন হাজৰিকাৰ, তেওঁৰ গীতবোৰৰ, তেওঁ কৈ যোৱা কথাবোৰৰ৷ ভূপেন হাজৰিকাৰ ভৱিষ্যদ্বাণী যেন এটা এটাকৈ ফলিয়াবলৈ লৈছে৷ সমাজ, সংস্কৃতি আৰু জাতি সম্পৰ্কে ভূপেন হাজৰিকাৰ ধাৰণা আছিল স্পষ্ট৷ সেই বাবেই অৰ্ধশতিকা পূৰ্বেই গীতৰ মাজেৰে ভূপেন হাজৰিকাই এইদৰে সকীয়াই দিছিল অসমীয়াক– ‘...আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাবয ... আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ’বয ...তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাবয ... পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাবয ... আৰু বাপতিসাহোন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হ’ব...৷’ কেৱল এইখিনি কথা কৈয়েই ক্ষান্ত হোৱা নাছিল ভূপেন হাজৰিকা৷ উদাত্ত কণ্ঠে গাইছিল সুধাকণ্ঠই– ‘সমদলৰ পদধবনি আবাল-বৃদ্ধ বনিতাৰযস্বনিৰাপত্তাৰ লক্ষ্য আৰু আনকো জীয়াই ৰখাৰ য... সৌৱা বজ্ৰনিনাদৰ প্ৰতিধবনি ভৈয়ামে পৰ্বতে বাজেয সংগ্ৰামী উচ্ছ প্ৰকাশ বলিষ্ঠ সংযম মাজেয প্ৰচণ্ড অৱহেলা এইবাৰ নাশিবই...আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান৷’ কেৱল জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ৰাইজৰ ক্ষোভৰ কথা কৈয়েই ক্ষান্ত থকা নাছিল ভূপেন হাজৰিকা– গীতৰ মাজেৰে তীব্ৰ কটাক্ষ কৰিছিল কেতবোৰ সামাজিক ৰীতি-নীতি আৰু জাতপাতক– ‘সৰুদৈ আইদেউৰ কি হ’ল, সৰুকণত বহিবৰ মন গ’ল– লেঠা হ’লয সমাজেও অনুমতি নিদিয়ে দুয়োৰে জাতপাত নিমিলে/সেয়ে সৰুদৈ- সৰুকণে বিজুলীৰ পোহৰত সৰু সৰু সমাজক এৰে...৷’

আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা ভূপেন হাজৰিকাৰ গীতৰ আবেদন সাৰ্বজনীন৷ অসম তথা ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিত ভূপেন হাজৰিকাৰ গীতি সাহিত্যৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বহুগুণে বৃদ্ধি পাইছে৷ সেইবাবেই দিন বাগৰাৰ লগে লগে অসম আৰু অসমীয়াৰ অধিক আপোন হৈ পৰিছে ভূপেন হাজৰিকা৷ মামণি ৰয়ছম গোস্বামীয়ে কোৱাৰ দৰেই– ভূপেনদা, তোমাৰ অবিহনে মই আঁকিব নোৱাৰো মোৰ জন্মভূমিৰ নক্সা৷ উল্লেখ্য, দেশ আৰু দহৰ বাবে গীত গাই অসম তথা ভাৰতক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়া বৰেণ্য ব্যক্তিগৰাকীক ৯৬সংখ্যক ওপজা দিনত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গীত-মাত-কথাৰে শ্ৰদ্ধাঞ্জলি জনায়৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিনত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত ‘উদ্দীপনা’ শীৰ্ষক অনুষ্ঠান আয়োজন কৰি চিৰ বৰেণ্য ব্যক্তিজনলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমাজৰ যৌথ উদ্যোগত সুধাকণ্ঠৰ ৯৬সংখ্যক ওপজা দিন দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত সুধাকণ্ঠৰ ওপজা দিন উদযাপন কৰা হয়৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ইউজি ব্ৰহ্ম, ড॰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু অভিনেতা যতীন বৰা উপস্থিত থাকে৷ অনুষ্ঠানত ড॰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই সুধাকণ্ঠৰ জিলিকাব লুইতৰে পাৰ– গীতটি পৰিৱেশন কৰে৷ গীত আৰু কথাৰে মুখৰ অনুষ্ঠানটিত ৰূপম ভূঞা, নিৰ্মালি দাস, গোবিন্দ বৈশ্য আদিয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে৷ ইয়াৰ পূৰ্বে বিশিষ্ট অতিথি কেইগৰাকীয়ে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু সমাধিত পুষ্পাঞ্জলি অৰ্পণেৰে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ অসমৰ চিৰবৰেণ্য ব্যক্তি ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিনত সদৌ অসম ছাত্ৰ সন্থাই শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দীঘলীপুখুৰীপাৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ [ম] জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত ‘উদ্দীপনা’ শীৰ্ষক অনুষ্ঠানেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সমগ্ৰ অসমত ছাত্ৰ সন্থাৰ বিভিন্ন গোটে ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে ওপজা দিনটোত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ পুৱা ১০.৩০ বজাত দীঘলীপুখুৰী পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে৷ তাৰ পাছত দিনজুৰি বিশিষ্ট নাগৰিক, শিল্পী, শিক্ষাবিদ, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, ছাত্ৰ সন্থাৰ বিষয়ববীয়া সদস্য, বিভিন্ন জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ দিনৰ ১২ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত থকা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসসহ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সদস্য, বিভিন্ন জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট, সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটৰ বিষয়ববীয়াই সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সন্ধিয়া দীঘলীপুখুৰীপাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, বিশিষ্ট নাগৰিক, শিক্ষাবিদ, শিল্পী, সমবেত ৰাইজে ৯৬ গছি বন্তি ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত বন্তি প্ৰজ্বলন কৰে৷ তাৰ পাছতেই বিশ্ববিদ্যালয়, অসমৰ প্ৰতিখন জিলাৰ একোখন নিৰ্বাচিত মহাবিদ্যালয়, গুৱাহাটী মহানগৰৰ কেইবাখনো নিৰ্বাচিত মহাবিদ্যালয়ৰ ডেৰকুৰি শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে ভূপেন হাজৰিকাৰ একোটা গীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সন্ধিয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ বাকৰিত ডেৰকুৰি নতুন প্ৰজন্মৰ কণ্ঠত সুধাকণ্ঠৰ সৃষ্টিৰে উদ্বেলিত কৰি তোলে৷ উল্লেখ্য, ২০০৯ চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই এই উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই আজি দীঘলীপুখুৰীপাৰত প্ৰতিমূৰ্তিস্থলী আৰু সমাধিক্ষেত্ৰত ভূপেন হাজৰিকাক কেতবোৰ পদক্ষেপ ল’বলৈ চৰকালৈ জনোৱা দাবী পুনৰ দোহাৰি কয়– ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰক৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ ৰে’ল ষ্টেচন, ৰে’ল টাৰ্মিনাছৰ নাম ড॰ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰক৷ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰক৷ স্মৰ্তব্য, ছাত্ৰ সন্থাই ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীৰ ওপৰত পৰিকল্পিত গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিশ্ববিদ্যালয়সমূহত একোখন আসন প্ৰতিষ্ঠাৰ দাবী জনাই আহিছে৷ ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে এই আসন স্থাপনৰ ঘোষণা কৰিছে৷ এই ঘোষণা সোনকালে কাৰ্যকৰী কৰক৷ ভাৰতবৰ্ষৰ মূল মূল বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত একোখন আসন স্থাপনৰ ব্যৱস্থা কৰক৷ টাইম কেপচুলৰ জৰিয়তে সুধাকণ্ঠৰ সৃষ্টিক সংৰক্ষণৰ ব্যৱস্থা কৰা হওক৷ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰখনৰ ভৌগোলিক পৰিসৰ অতি ঠেক হৈছে৷ সমাধি ক্ষেত্ৰখনৰ পৰিসৰ সম্প্ৰসাৰণ কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তোলক৷ অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰে আলোচনা কৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰক৷ ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাদেৱৰ ৯৬ সংখ্যক জন্মৰ দিনা কলকাতাৰ অসম ভৱনত আজি সন্ধিয়া ৯৬ গছ বন্তি প্ৰজ্বলনেৰে অসম সাহিত্য সভা আৰু কলকতা অসমীয়া সাংস্কৃতিক সন্থাই শ্ৰদ্ধাঞ্জলি জনায়৷ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই, পুষ্পাঞ্জলি আৰু ফুলৰ মালা প্ৰদান কৰে কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ সভাপতি দ্বীপকানন্দ ভৰালীয়ে৷ অসম সাহিত্য সভাৰ ধনভঁৰালী প্ৰেমনাৰণ নাথ, ৰামধেনুৰ আহবায়ক মাণিক আহমদ, মুখপাত্ৰ ড॰ সঞ্জীৱ কুমাৰ শৰ্মা, সচিব চন্দন শৰ্মা, বিদেশ আৰু মৈত্ৰী বন্ধনৰ আহ্বায়ক নুৰুল চুলতান উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই মহান শিল্পী গৰাকীৰ বিষয়ে দুষাৰ কয়৷ কলকাতা অঃসাঃসন্থাৰ সম্পাদক অনূজ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত অঃসাঃ সন্থাৰ কাৰ্যকৰী সভাপতি হিতেন হাটখোৱাকে আদি কৰি বিষয়ববীয়াসকল, কলকাতাৰ অসম ভৱনৰ বিষয়া মীৰাণ্ডা দাস, দীপক তালুকদাৰ আৰু বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায়৷

বিজনীত ভূপেন হাজৰিকাৰ জন্মদিন উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনী জিৰণি চ’ৰাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিৱস উদ্‌যাপন কৰা হয়৷ ড॰ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ৰূপায়িত সুধাকণ্ঠগৰাকীৰ জন্মদিৱসত পুৱা প্ৰভাত ফেৰী, গছপুলি ৰোপণ, নাম-প্ৰসঙ্গ আদিৰ আয়োজন কৰা হয়৷ ইয়াৰ পৰৱৰ্তী বিজনীৰ জিৰণি চ’ৰাস্থিত ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূত্তিৰ্ত বিশিষ্ট শিল্পী সুলেখা বসুমতাৰীয়ে মাল্যাৰ্পণ কৰাৰ লগতে শিল্পী পেন্সনাৰ, অসম সাহিত্য সভা আৰু লোক-সংগীত শিৰোমণি গোকুল পাঠক বঁটাপ্ৰাপক হৰেণ দাস আৰু বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰীয়ে বন্তি প্ৰজ্বোলন কৰে৷ ভাৰতৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি, ৰাইজক দি যোৱা অকুণ্ঠ মৰম আৰু অৱদানৰ বিষয়ে এখন স্মৃতিচাৰণ সভাৰো আয়োজন কৰে উদ্‌যাপন সমিতিয়ে৷ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে উদ্বোধন কৰা স্মৃতিচাৰণ সভাত টিএনডি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া চিত্ৰ মাধৱ বৰুৱা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সুধাকণ্ঠৰ কৰ্মৰাজি সম্বন্ধে আলোকপাত কৰে৷ উক্ত সভাতেই বিজনী বান্ধৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ঋতুস্মিতা ৰায়ে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ বিষয়ত বক্তব্য আগবঢ়ায়৷

বাসুগাঁৱত সুধাকণ্ঠৰ জন্মদিন পালন, জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বাসুগাঁৱতো আজি ভাৰতৰত্ন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন পালন কৰা হয়৷ বাসুগাঁও ড॰ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত বাসুগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱস্থিত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে ড॰ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ অন্যতম সদস্য, বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি উমেশ অধিকাৰী আৰু দিলীপ কুমাৰ ৰায়ে৷ মাল্যাৰ্পণ কৰে ড॰ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ উপ-সভাপতি তথা বিশিষ্ট সমাজকৰ্মী পৱিত্ৰ কুমাৰ ৰায়ে৷ অনুষ্ঠানত পৱিত্ৰ কুমাৰ ৰায়ে বিশ্ববৰেণ্য সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জীৱন-কৃতিৰ বিষয়ে সাৱলীলভাৱে চমু বক্তব্য দাঙি ধৰে৷ যুৱ কবি, সাহিত্যিক জিতজ্যোতি পাটগিৰিয়ে ড॰ ভূপেন হাজৰিকা বিষয়ত এটি কবিতা পাঠ কৰে৷ উল্লেখ্য যে, ড॰ ভূপেন হাজৰিকাৰ ওপজা দিনৰ লগত সংগতি ৰাখি বাসুগাঁৱৰ দুজন বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷  দুৰ্ঘটনাত পতিত হৈ ভৰি ভাগি শৰ্যাগত হৈ থকা অৱস্থাতো যোৱা শিক্ষক দিৱসত প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তথা ড॰ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সভাপতি অমৃত পাটগিৰি আৰু প্ৰতিষ্ঠিত বিশিষ্ট বয়োজ্যেষ্ঠ ব্যৱসায়ী বীৰেন্দ্ৰ চন্দ্ৰ দেক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আশু আৰোগ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ বহু দুখ-দুৰ্দশাৰ মাজেদি বিছনাত অকলশৰীয়া জীৱন অতিক্ৰম কৰা মুহূৰ্তত দলে-বলে গৈ সম্বৰ্ধনা জনোৱা কাৰ্যত তেওঁলোক আপ্লুত হৈ পৰে৷ বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি পৱিত্ৰ কুমাৰ ৰায়ৰ নেতৃত্বত উমেশ অধিকাৰী, দিলীপ কুমাৰ ৰায়, কৰেন্দ্ৰ চন্দ্ৰ দাস, উপেন ৰায়, স্বৰসতী আইচ সৰকাৰ, নাৰায়ণ মেধি, শৈলেন দাস, তপন দাস, ভৃগু মুনি ৰায় অনুষ্ঠানত উপস্থিত থাকে৷

তেজপুৰত ভূপেন হাজৰিকাৰ জন্মদিন পালন

অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ববৰেণ্য, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত - কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ ৰাইজে৷ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতৰত্নগৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশ্ববৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি অধিক উন্নত কৰি আগন্তুক সময়ত শিল্পীগৰাকীক আৰু অধিক মহত্ত্ব প্ৰদান কৰি প্ৰত্যেক সন্ধিয়া দুঘণ্টাকৈ সময় কম স্বৰত তেওঁৰ কালজয়ী গীতসমূহ বজাই থকাৰ ব্যৱস্থা কৰাৰ লগতে অতি আকৰ্ষণীয়কৈ কলাভূমিক সজাই তোলা হ’ব বুলি সদৰি কৰে৷  আনহাতে, অনুষ্ঠানত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সান্নিধ্য লাভ কৰা বিশিষ্ট গীতিকাৰ-সুৰকাৰ বংকিম শৰ্মাই সান্নিধ্যৰ কেতবোৰ স্মৃতি ৰোমন্থন কৰি ভূপেন হাজৰিকাক সকলোৱে খঙাল ব্যক্তি বুলি জানে যদিও তেওঁ প্ৰকৃততে এগৰাকী কোমল অন্তৰৰ ব্যক্তি আছিল সেই কথা তেওঁ নিজে কোৱা - ‘মই মাজে মাজে কমাৰ্চিয়েল খঙেৰে কিছুমান সুবিধা সৃষ্টিৰ ক্ষেত্ৰত আদায় কৰি লওঁ’ বুলি কোৱা কথা সদৰি কৰি কেতবোৰ অজানা কথাৰে ৰোমন্থন কৰে৷ আনহাতে, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়াই আজিৰ দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰদান কৰা চমু ভাষণত জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ উত্তৰসূৰী শিল্পী হিচাপে ড॰ ভূপেন হাজৰিকাই দায়ৱদ্ধতা পালন কৰি গ’ল যদিও ভূপেন হাজৰিকাৰ উত্তৰসূৰীৰ এতিয়া অভাৱ পৰিলক্ষিত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰি সেই আসন পূৰণ কৰিবলৈ ড॰ ভূপেন হাজৰিকাৰ জীৱনদৰ্শন সঠিকভাৱে জনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি কয়৷  জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁতধৰা অনুষ্ঠানত জিলাখনৰ কেইবাজনো কবি-শিল্পীয়ে গীত-মাতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ একেদৰে ড॰ ভূপেন হাজৰিকাৰ স্মৃতিৰে গৰিমামণ্ডিত তেজপুৰৰ বাণ থিয়েটাৰত সন্ধিয়া আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি বংকিম শৰ্মাই৷ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত উপ-সভাপতিদ্বয় দিলীপ বৰা, ভৱানন্দ দাস, সম্পাদক দ্বীজেন নাথ, হেমন্ত কুমাৰ শৰ্মা, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্তকে ধৰি কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে৷

গুৱাহাটী প্ৰেছ ক্লাবত সুধাকণ্ঠৰ ওপজা দিন

ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজাদিন উদ্‌যাপন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়৷ সম্পাদক মোহন দত্তই আঁত ধৰা সভাত পৌৰোহিত্য কৰে প্ৰাক্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্যই৷ তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে অৰ্গেনাইজেশ্বনৰ সাংস্কৃতিক বিভাগৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই আৰু মাল্যদান কৰে লতিকা ভূঞা কলিতাই৷ সভাত বিশিষ্ট অতিথি হিচাপে ড॰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি তেওঁৰ গীতৰ বিষয়ে ভাষণ ৰাখে বিশিষ্ট সংগীতজ্ঞ, গৱেষক আলেখ্য চক্ৰৱৰ্তীয়ে৷ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ বিষয়ে ভাষণ ৰাখে প্ৰাক্তন অতিৰিক্ত ন্যায়াধীশ বিনয় কুমাৰ শৰ্মাই৷ সভাত লতিকা ভূঞা কলিতাৰ ‘নাম মালা’ আৰু ‘জীৱনৰ সাৰ পানী’ গ্ৰন্থ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মনোমতী কুৰ্মী আৰু লেখিকা সবিতা দেৱীয়ে৷ আঞ্জু আৰা হুছেইন আৰু ৰিংকু দাসে কবিতা পাঠ আৰু স্বৰ্ণালী চক্ৰৱৰ্তীয়ে গীত পৰিৱেশন কৰে৷ সভাত মনোমতী কুৰ্মী, দীপ্তী চহৰীয়া, লতিকা ভূঞা কলিতা, প্ৰমিলা কন্দলী, কিৰণ ভূঞা, বৰ্ণালী দাসক ড॰ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ বঁটাত আছে গামোচা, চেলেং, জাপি, স্মাৰক, মানপত্ৰ৷