Logo
image

ৰঙিয়াত কেংগাৰু, চিম্পাঞ্জী! চোৰাং বন্যপ্ৰাণী সৰবৰাহৰ কৰিড’ৰত পৰিণত অসম

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই বন্যপ্ৰাণী সৰবৰাহ কৰা এক আন্তঃৰাষ্ট্ৰীয় দলৰ দুজনক কৰায়ত্ত কৰাৰ লগতে কেংগাৰুসহ অৰ্ধশতাধিক বন্যজন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোছাইটী চ’কত দুখন বিলাসী বাহন জব্দ কৰে৷ ইয়াৰে এখন DL 8C AQ 9876 নম্বৰৰ ফৰ্চুনাৰ আৰু DL 10 CH 7924 নম্বৰৰ ইন’ভা গাড়ীত উদ্ধাৰ হয় বৃহৎসংখ্যক বন্যপ্ৰাণী৷ বাহন দুখনত উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটা হৈছে কেংগাৰু ২ টা, চিম্পাঞ্জী ২ টা, বান্দৰ ১৯ টা, কাছ ১৮টা আৰু ভাটৌ ২ টা৷ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত অভিযান চলোৱা দলটোৱে দুজন লোকক কৰায়ত্ত কৰে৷ বন্যপ্ৰাণী সৰবৰাহত জড়িত তামিলনাডুৰ থানেৰ ৰঘু সিং আৰু ভিলপুৰমৰ কাৰ্তিক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বন্যপ্ৰাণীসমূহ ম্যানমাৰ-মিজোৰাম সীমান্তৰ পৰা অনা হৈছিল আৰু দিল্লীলৈ নিয়াৰ পৰিকল্পনা আছিল৷ উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ ৰঙিয়া আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰাৰ পাছত বন বিভাগক খবৰ দিয়াত উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিষয়া উপস্থিত হৈ বন্যজন্তবোৰ চমজি লয়৷ সৰু সৰু পিঞ্জৰাত আবদ্ধ বন্যপ্ৰাণীবোৰক ন্যায়ালয়ৰ অনুমতিসাপেক্ষে ৰাজ্যিক চিৰিয়াখানাত এৰি দিব বুলি বন বিষয়াই জানিবলৈ দিয়ে৷  উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২ তাৰিখে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত উদ্ধাৰ হৈছিল চাৰিটাকৈ কেংগাৰু৷ ইয়াৰে জলপাইগুৰিত ৩টা আৰু শিলিগুৰিত এটা কেংগাৰু উদ্ধাৰ হৈছিল৷ এখন বিলাসী বাহনত উদ্ধাৰ হৈছিল কেংগাৰুকেইটা৷ ৰখাই থোৱা গাড়ীৰ পৰা উদ্ধাৰ হৈছিল কেংগাৰু ৪ টা৷ পশ্চিম বংগ আৰক্ষীয়ে বহিঃৰাষ্ট্ৰৰ পৰা অসম হৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল৷ আজি পুনৰ ৰঙিয়াত কেংগাৰু উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰিলে আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ গোপন সৰবৰাহ চলি আছে৷ অৰ্থাৎ সক্ৰিয় হৈ আছে অসাধু চক্ৰটো৷ অসমক কৰিড’ৰ হিচাপে লৈছে আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে৷ মিজোৰামৰ পৰা কেইবাখনো জিলা কেনেকৈ বাহনকেইখনে ক’তো আৰক্ষী বা বন বিভাগৰ তালাচীৰ সন্মুখীন নহ’ল সেয়াও ৰহস্যৰ বিষয় হৈ পৰিছে৷ ইফালে ৰঙিয়া আৰক্ষীৰ কাৰ্যক সকলোৱে শলাগ লৈছে৷