Logo
image

আশ্বৰ্য! এপাহ গোলাপৰ, দাম ১২৬ কোটি

আমাৰ অসম, ১৭ ডিচেম্বৰঃ ফুল মানেই সৌন্দৰ্য৷ আৰু সেই ফুল যদি গোলাপ হয় তেন্তেতো কথাই নাই৷ গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়৷ সেয়ে যিকোনো উৎসৱ আহিলেই গোলাপৰ চাহিদা বহুগুণে বৃদ্ধি পায়৷ পিছে গোলাপৰো আছে অবাক কৰি দিব পৰা তথ্য৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ মূল্যবান ফুল হৈছে কাদু ফুল৷ ইয়াৰ পিছতে স্থান গোলাপৰ৷ অৱশ্যে এই গোলাপ হ’ব লাগিব ‘জুলিয়েট ৰোজ’ প্ৰজাতিৰ৷ জানি আচৰিত হ’ব যে ‘জুলিয়েট ৰোজ’ৰ এপাহৰ দাম প্ৰায় ১৫.৮ মিলিয়ন মাৰ্কিন ডলাৰ৷ অৰ্থাৎ ভাৰতীয় হিচাপত ১২৬ কোটি টকা৷ এই গোলাপৰ আকাৰ সাধাৰণ গোলাপতকৈ বহু বেছি৷ ব্ৰিটেইনৰ এগৰাকী ব্যক্তি–ডেভিদ অষ্টিন৷ এইজন ব্যক্তিয়েই ২০০৬ চনত ব্ৰিটেইনত অনুষ্ঠিত ছেলছি ফ্লাৱাৰ শ্ব’ নামৰ প্ৰদৰ্শনীত ‘জুলিয়েট ৰোজ’ নামৰ গোলাপবিধ প্ৰদৰ্শন কৰিছিল৷ তেওঁ জনোৱামতে এইবিধ গোলাপৰ খেতি কৰি সাফল্যৰ মুখ দেখিবলৈ তেওঁক পোন্ধৰ বছৰ লাগিছিল৷ ২০০৬ চনৰ সেই প্ৰদৰ্শনীখনত দেখুওৱা ‘জুলিয়েট ৰোজ’ক লৈ সেইবাৰ  বিশ্বজুৰি চৰ্চা হৈছিল৷