Logo
image

শেষ শয্যাত ৰাণী এলিজাবেথ

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ব্ৰিটেইনৰ ৰাণী এলিজাবেথ [দ্বিতীয়]ৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে৷ ৰাণীৰ স্বাস্থ্যক লৈ ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ সদস্যসকলে এতিয়া পাৰ কৰিছে উৎকণ্ঠাৰ সময়৷ বৃহস্পতিবাৰে বাৰ্মিংহাম পেলেচ কতৃৰ্পক্ষই ৰাণীক চিকিৎসকৰ বিশেষ তত্বাৱধানত ৰখা বুলি এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে৷ সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল৷ সম্প্ৰতি তেওঁ স্কটলেণ্ডৰ বালমোৰাল প্ৰাসাদত আছিল৷ তাতেই তেওঁ ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯২৬ চনত জন্ম হোৱা ৰাজকুমাৰী এলিজাবেথ ১৯৫২ চনত সম্ৰাজ্ঞীৰ আসনত অধিষ্ঠিত হৈছিল৷ সেই দিশৰ পৰা তেওঁ ব্ৰিটেইনৰ সৰ্বাধিক সময় শাসন কৰা ৰাণী হিচাপে পৰিগণিত হয়৷ কিয়নো বিগত ৭০ বছৰ ধৰি তেওঁ দেশখনৰ শাসন চলাই আছিল৷ উল্লেখ্য, ৯৬ বছৰ বয়সীয়া ৰাণী এলিজাবেথ দ্বিতীয় বৰ্তমানে অসুস্থতাৰ বাবে স্কটলেণ্ডৰ বালমোৰাল কেষ্টলত আছিল৷ গ্ৰীষ্মকালটো তেওঁক তাতেই থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিছিল৷ ইপিনে, ৰাণীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা বুলি খবৰ পোৱাৰ পাছতে প্ৰিন্স চাৰ্লছ আৰু কেমিলাই ততাতৈয়াকৈ বালমোৰালত আহি উপস্থিত হয়৷ ইপিনে, প্ৰিন্স উইলিয়ামো বালমোৰালত উপস্থিত হৈছে৷ তেওঁৰ উপৰি প্ৰিন্স হেৰী, পত্নী মেঘান মাৰ্কেল, উইলিয়ামৰ পত্নী কেট উইলিয়াম আৰু ৰাজপৰিয়ালৰ সকলো ব্যক্তি ইতিমধ্যে গৈ বালমোৰালত উপস্থিত হৈছে৷ ৰাণীৰ মৃত্যুৰ লগে লগে এই খবৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অধীনত থকা ১৫খন দেশৰ চৰকাৰলৈ আৰু ৩০খন কমনৱেল্‌থ দেশলৈ প্ৰেৰণ কৰিছে৷ ৰাণীৰ মৃত্যুৰ লগে লগে ব্ৰিটিছ ইউনিয়ন জেকৰ জাতীয় পতাকা অৰ্ধনমিত কৰা হৈছে৷ এতিয়া ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে প্ৰিন্স চাৰ্লছ নতুন ব্ৰিটিছ সম্ৰাট হিচাপে অধিষ্ঠিত হ’ব৷ উল্লেখ্য, তেৱেঁই পৃথিৱীৰ সম্ৰাট হোৱাৰ অপেক্ষাত দীৰ্ঘ সময় থকা ৰাজকুমাৰ আছিল৷ ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া মৃত্যুৰ পৰা দশম দিনত সম্পন্ন হ’ব৷ শুকুৰবাৰে তেওঁৰ নশ্বৰদেহ বাকিংহাম পেলেচলৈ আনি ‘থ্ৰন ৰূম’ত ৰখা হ’ব৷ পাঁচ দিনৰ পাছত তেওঁৰ মৃতদেহ ৱেষ্টমিনষ্টাৰ হললৈ লৈ যোৱা হ’ব আৰু তিনি দিন ধৰি ৰখা হ’ব৷