Logo
image

পিছ পৰিল বিজেপিশাসিত অসম, গুজৰাটৰ শিক্ষাৰ্থী

এনচিইআৰটিৰ জৰীপ

পশ্চিমবংগ শীৰ্ষত

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে প্ৰাথমিক পৰ্যায়ত গণিত-বিজ্ঞান পাঠ্যক্ৰম ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ বাবে সিদ্ধান্ত লোৱাৰ সময়তে অসমৰ প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ শৈক্ষিক মানৰ পুতৌলগা ছবিখনহে উন্মোচন হৈছে৷ অসমত তৃতীয় শ্ৰেণীৰ পৰা গণিত বিষয়টো ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ কথা কোৱা হৈছে যদিও মাতৃভাষা অসমীয়া মাধ্যমত পঢ়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ সংখ্যাৰ জ্ঞানো শূন্য৷ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিৰ শেহতীয়া সমীক্ষাত অসমে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ সাধাৰণ গণিতত দক্ষতাৰ তালিকাত দেশৰ ভিতৰত শেষৰ ফালৰ পৰাহে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এ চি ই আৰ টিয়ে দেশজুৰি চলোৱা সমীক্ষাত  সংখ্যাৰ জ্ঞানৰ দক্ষতাহীন অৰ্থাৎ জ্ঞান শূন্য সৰ্বাধিক ছাত্ৰ-ছাত্ৰী আছে তামিলনাডুত৷ ইয়াৰ পাছতেই ক্ৰমে জম্মু-কাশ্মীৰ আৰু অসমৰ স্থান৷ অৰ্থাৎ অসম হৈছে নিম্ন ফলাফলৰ শেষৰ পৰা তৃতীয় স্থানত৷ অসমৰ পিছতেই আছে বিজেপি শাসিত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাট৷ য’ত নেকি তৃতীয় শ্ৰেণীত পঢ়া শিক্ষাৰ্থীয়ে মৌলিক সংখ্যাও চিনি নাপায়৷ অৰ্থাৎ তৃতীয় শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলে সংখ্যা চিনাক্তকৰণৰ লগতে সহজ যোগ-বিয়োগ ইত্যাদি গণনাও কৰিব নোৱাৰে৷ প্ৰতিবেদনখনত গণিতৰ শিক্ষাৰ শোচনীয় ফলাফলৰ তালিকাত অসম তৃতীয় স্থানত আছে যদিও পশ্চিমবংগ, উত্তৰাখণ্ড, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু বিহাৰৰ দৰে ৰাজ্য ছাত্ৰ-ছাত্ৰীৰ গণিতৰ জ্ঞান আৰু দক্ষতাৰ ফালৰ পৰা শীৰ্ষ স্থানত আছে৷ দেশৰ ১০ হাজাৰ চৰকাৰী, বেচৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ ৮৬ হাজাৰ তৃতীয় শ্ৰেণীত অধ্যয়ণৰত শিক্ষাৰ্থীৰ মাজত এই সমীক্ষা চলাইছিল এন চি ই আৰ টিয়ে৷ অসমত অসমীয়া, বড়ো, বাংলা, ইংৰাজী আৰু হিন্দী ভাষাকো মাধ্যম হিচাপে লৈ এই জৰীপ চলোৱা হৈছিল৷ মৌখিক পঠন সাৱলীলতা ২০২২– শীৰ্ষক সমীক্ষাটোত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মৌলিক সংখ্যা চিনাক্তকৰণ, সংখ্যাৰ পাৰ্থক্য, যোগ-বিয়োগ, পূৰণ-হৰণ, ভগ্নাংশ আৰু সংখ্যা বিচাৰৰ দক্ষতা পৰীক্ষা কৰা হৈছিল৷ এই সমীক্ষাৰ ফলাফলত দেশৰ ৩৭ শতাংশ ছাত্ৰ-ছাত্ৰীক ‘সীমিত জ্ঞান আৰু দক্ষতা’ শ্ৰেণীত স্থান দিয়া হৈছিল আৰু ১১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে নিম্ন ফলাফলেৰে ‘আটাইতকৈ দক্ষতা অভাৱ’ শ্ৰেণীত স্থান পাইছিল৷ এই সমীক্ষাত অসমীয়া মাধ্যমৰ ১৩০ খন বিদ্যালয়ৰ ১৫০১ জন ছাত্ৰ-ছাত্ৰী আৰু বড়ো মাধ্যমৰ ৮৭ খন বিদ্যালয়ৰ ৮০৫ জন ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছিল৷