Logo
image

সম্পত্তি বেছি থাকিলে কৰ বেছি দিবই লাগিব

হায়দৰাবাদলৈ ৰাওনাৰ পূৰ্বে মুখ্যমন্ত্ৰী

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ পৌৰ এলেকাৰ নাগৰিকৰ সম্পত্তি কৰক লৈ বিপৰীত মেৰুত থিয় দিছে মন্ত্ৰী অশোক সিংঘাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্য চৰকাৰে পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তিৰ কৰ সংগ্ৰহৰ বাবে কৰা পৰিকল্পনাৰ লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত বুধবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ অশোক সিংঘালে পৌৰ এলেকাত কৰ বৃদ্ধিৰ বাবে চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই বুলি দাবী কৰিছিল৷ পৌৰ এলেকাত চৰকাৰৰ কৰ বৃদ্ধিৰ কথা মন্ত্ৰী সিংঘালে অস্বীকাৰ কৰিছিল যদিও ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পত্তি বেছি থাকিলে পৌৰ এলেকাৰ বাসিন্দাই কৰ দিয়াত আপত্তি ক’ত বুলিহে ওলোটাই প্ৰশ্ন কৰে৷ অধিক সম্পত্তি থকা ব্যক্তিয়ে বেছি কৰ দিব লাগিব বুলি স্পষ্ট কৰি দি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তিৰ সন্দৰ্ভত অহা বৰ্ষৰ ১ এপ্ৰিলৰ ভিতৰত হিচাপ উলিয়াবলৈহে কোৱা হৈছে৷ নাগৰিকৰ সম্পত্তিৰ বিপৰীতে কৰ সংগ্ৰহৰ বাবে কোনো নিৰ্দেশনা দিয়া হোৱা নাই৷ চৰকাৰে সম্পত্তিৰ পৰিমাণ জানিবলৈহে হিচাপ উলিয়াব বিচাৰিছে৷ পৰৱৰ্তী সময়ত সম্পত্তিৰ বিপৰীতে কিমান কৰ আৰূপ কৰা হ’ব সেয়া মানুহৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব৷ ৭ তলীয়া বিল্ডিঙত কৰ বেছি হ’ব, খেৰী ঘৰত কম হ’ব৷ অসম আৰ্হিৰ ঘৰত অলপ বেছি হ’ব৷ চৰকাৰে এতিয়া কেৱল সম্পত্তিৰ হিচাপেটোহে উলিয়াব বিচাৰিছে৷ দুখীয়া-দৰিদ্ৰ তথা মধ্যবিত্ত ওপৰত অতিৰিক্ত কৰ জাপি দিয়া নহয়৷ কিন্তু যিসকলে কৰ পৰিশোধ কৰিব পাৰে তেওঁলোকৰ পৰা বেছি কৰ লোৱাত কি আপত্তি আছে? স্বাভাৱিকতেই মুখ্যমন্ত্ৰীৰ এই বক্তব্যত স্পষ্ট হৈ পৰিছে যে অহা বিত্তীয় বৰ্ষৰ পৰা পৌৰ এলেকাৰ বাসিন্দাই সম্পত্তিৰ ওপৰত অতিৰিক্ত কৰ পৰিশোধ কৰিব লাগিব৷ ইফালে বৃহস্পতিবাৰে জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হায়দৰাবাদলৈ ৰাওনা হয়৷ হায়দৰাবাদৰ ভাগ্য নগৰত গণেশ পূজাৰ প্ৰতিমা বিসৰ্জন সমাৰোহত অংশ লয় মুখ্যমন্ত্ৰীয়ে৷ হায়দৰাবাদৰ অসমীয়া সমাজে গণেশ পূজাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰী শৰ্মাক৷