Logo
image

ৰাজ্যসমূহৰ সমবায়মন্ত্ৰীৰে বৈঠক অমিত শ্বাহৰ

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ ভাৰতৰ অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰলৈ লৈ যোৱা লক্ষ্যত সমবায় অৰ্থনীতিৰ গুৰুত্বতাৰ ওপৰত নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় দেশৰ সকলো ৰাজ্যৰ সমবায় মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলন৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত অংশ লৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে দেশৰ সমবায় খণ্ডক অৰ্থনীতিৰ এক শক্তিশালী স্তম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি দৰিদ্ৰ লোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব বিচৰাৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰে৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কয়–ভাৰতত সমবায় ধাৰণা আৰু সংস্কৃতি ১২৫ বছৰ পুৰণি৷ কিন্তু আমি যদি কোনো কাম-কাজত সময়মতে পৰিৱৰ্তন নকৰো তেন্তে সেয়া পুৰণি হৈ পৰে৷ সেয়েহে¸ এতিয়া সমবায় খণ্ডৰ প্ৰয়োজন অনুসৰি নিজকে শক্তিশালী কৰাৰ সময় আহি পৰিছে৷ ২০২১ চনৰ ৬ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতা মন্ত্ৰণালয় গঠন কৰিছিল আৰু প্ৰায় এবছৰ ধৰি সমবায় সম্পৰ্কীয় বিষয়ত বহুতো সভা আৰু সন্মিলনৰ আয়োজন কৰি আহিছে৷  সংবিধানে সমবায়ৰ সকলো কাম-কাজ ৰাজ্যসমূহৰ ওপৰত এৰি দিছে৷ কিন্তু ভাৰতৰ দৰে এখন বিশাল দেশত সমগ্ৰ সমবায় আন্দোলনে একেটা পথকেই অনুসৰণ কৰা উচিত৷ সমবায়খণ্ডক শক্তিশালী কৰিবলৈ পিএচিএছক শক্তিশালী কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷ ভাষণ প্ৰসংগত অমিত শ্বাহে ৰাজ্যসমূহৰ সমবায় মন্ত্ৰীসকলক পৰামৰ্শ দি কয়– আমি সকলোৱে মিলি সমবায় খণ্ডত টীম ইণ্ডিয়াৰ মনোভাৱ জগাই তুলিব লাগিব আৰু কোনো ৰাজনীতিকৰণ নোহোৱাকৈ এজন ট্ৰাষ্টীৰ ভূমিকা গ্ৰহণ কৰিব লাগিব৷  বিগত ডেৰশ বছৰীয়া সমবায়ৰ ইতিহাস যদি আমি চাওঁ, তেন্তে জনা যায় যে সমবায়সমূহে ভাৰতৰ অৰ্থনীতিলৈ অতি গৌৰৱময় অৱদান আগবঢ়াইছে৷ এই প্ৰচেষ্টাক আমি আৰু আগুৱাই নিব লাগিব৷ কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে সমবায় খণ্ডত যুৱক-যুৱতী আৰু মহিলাৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে৷ দেশত ৫১ শতাংশ গাঁও আৰু ৯৪ শতাংশ কৃষক সমবায়ৰ সৈতে জড়িত বুলি উল্লেখ কৰি অসমকে ধৰি উত্তৰ-পূৱৰ অনুন্নত ৰাজ্যসমূহত সমবায় খণ্ডক অধিক শক্তিশালী কৰিব লাগিব বুলিও মন্ত্ৰী শ্বাহে উল্লেখ কৰে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অমিত শ্বাহে ৰাষ্ট্ৰীয় সহযোগিতা নীতিৰ নথিৰ খচৰা প্ৰস্তুতৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘সহযোগিতাৰ পৰা সমৃদ্ধি’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ প্ৰণয়ন কৰা হৈছে এই নতুন ৰাষ্ট্ৰীয় সমবায় নীতি৷ প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সুৰেশ প্ৰভাকৰ প্ৰভুৰ অধ্যক্ষতাত দেশৰ সকলো প্ৰান্তৰ পৰা ৪৭ জন সদস্যৰে গঠিত হৈছে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিখন৷ সমিতিখনত অন্তৰ্ভুক্ত আছে  ৰাষ্ট্ৰীয়, ৰাজ্যিক,¸ জিলা আৰু প্ৰাথমিক সমবায় সমিতিৰ প্ৰতিনিধি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় সমিতিৰ সচিব, পঞ্জীয়ক আৰু কেন্দ্ৰীয় মন্ত্ৰাণালয় আৰু বিভাগৰ বিষয়ববীয়াসকল৷ উল্লেখ্য, সমবায়সমূহৰ ওপৰত বৰ্তমানৰ ৰাষ্ট্ৰীয় নীতি, সমবায়সমূহৰ সৰ্বাংগীণ উন্নয়নৰ সুবিধা প্ৰদান কৰা আৰু তেওঁলোকক প্ৰয়োজনীয় সমৰ্থন, উৎসাহ আৰু সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২০০২ চনত প্ৰণয়ন কৰা হৈছিল এই নীতি৷ যাতে সমবায়সমূহে স্বায়ত্ত্ব শাসিত, আত্মনিৰ্ভৰশীল আৰু গণতান্ত্ৰিকভাৱে পৰিচালিত প্ৰতিষ্ঠান হিচাপে ৰাষ্ট্ৰীয় অৰ্থনীতিত উল্লেখনীয় অৱদান আগবঢ়াব পাৰে তাৰেই উদ্দেশ্য আগত ৰাখি গঠন কৰা হৈছিল সমিতিখন৷