Logo
image

২৬ হাজাৰ নিযুক্তিত লেনদেন ধনৰ? উকা উত্তৰবহীৰ ৰহস্য!

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ সদ্য অনুষ্ঠিতব্য অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যদিও এইবাৰ নিযুক্তিৰ নামত ৰাজ্যত এটা চক্ৰই ক’লা বজাৰ মেলাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে৷ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বজাৰৰ দালালিত ৰাজনৈতিক নেতা পৰ্যন্ত নামি পৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যৰ প্ৰায় ৯ লাখ নিবনুৱাই চাকৰিৰ বাবে হাহাকাৰ কৰাৰ মাজতে ক’লা বজাৰত প্ৰতিটো পদৰ দৰ ৩ লাখ টকাৰ পৰা ৮ লাখ টকা পৰ্যন্ত উঠিছে৷ বিভিন্ন প্ৰাৰ্থীৰ সৈতে চক্ৰটোৱে ফোন কল তথা হোৱাটছ এপত দৰ দামত নামি পৰাও চাঞ্চল্যক অভিযোগ উত্থাপন হৈছে৷ ২৬ হাজাৰ পদৰ নামত ক’লা চাকৰি বজাৰ চলাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি ভিক্তৰ দাস নামৰ এজন যুৱকে কৰা এটা টুইটক লৈ আৰক্ষী-প্ৰশাসনত হাহাকাৰ সৃষ্টি হোৱাৰ লগতে আশাৰে চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নিবনুৱা প্ৰাৰ্থীসকলো উৎকণ্ঠিত হৈ পৰিছে৷ গুৱাহাটীৰ ‘স্ক’ৰডেমী’ নামৰ অনলাইন ক’চিং চেণ্টাৰটো প্ৰশিক্ষক ভিক্টৰ দাসে এটা টুইটত ৰাজ্যত বৃহৎ চক্ৰই ২৬ হাজাৰ পদৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত পিছদুৱাৰেদি একাংশ প্ৰাৰ্থীক ধনৰ বিনিময়ত নিযুক্তিৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰিছে৷ চক্ৰটোৱে প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকা পৰ্যন্ত দাবী কৰাৰ লগতে চক্ৰটোত প্ৰাক্তন বিধায়ক পৰ্যন্ত জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ কৰে৷ আনকি ভিক্তৰ দাসে এই দুষ্কাৰ্য ৰোধ কৰাৰ বাবে ডিজিপি, মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙৰো দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায়৷ মুহূৰ্তৰ ভিতৰতেই এই টুইটটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত তাৎক্ষণিকভাৱে টুইটযোগে বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে সকলো তথ্য প্ৰমাণ দাখিল কৰাৰ বাবেও ভিক্তৰ দাসক আহ্বান জনায়৷ ইফালে এই সন্দৰ্ভত ভিক্তৰ দাসে সংবাদ মাধ্যমৰ আগত অভিযোগৰ কথা জানিবলৈ দি চক্ৰটোৱে চাকৰিৰ বাবদ প্ৰাৰ্থী আৰু অভিভাৱকলৈ ফোন কৰি ধন দাবী কৰাৰ নিশ্চিত তথ্য লাভ কৰা বুলি দাবী কৰে৷ একাংশ শিক্ষাৰ্থীয়ে তেওঁক অভিযোগ দিয়া বুলি এই ধন দাবী কাৰ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বুলিও উল্লেখ কৰিছে৷ ভিক্তৰ দাস নামৰ যুৱকজনে ‘জ্ঞান টেক ৪ ইউ’ নামৰ এটা শৈক্ষিক ইউটিউব চেনেলকো সন্দেহ কৰিছে৷ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰাৰ্থীক লগত আনিবলৈ নিদিয়াৰ পাছতো ইউটিউব চেনেলটোৱে কেনেকৈ সকলো প্ৰশ্ন আৰু উত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি সন্দেহ প্ৰকাশ কৰি আন এটা টুইট কৰাও দেখা গৈছে৷ ভিক্তৰ দাসে পৰীক্ষাৰ প্ৰশ্ন কাকত ঘৰলৈ আনিবলৈ নিদিয়াৰ পাছতো একাংশই কেনেকৈ হুবহু প্ৰশ্ন উক্তৰ সামাজিক মাধ্যমত আপলোড কৰিবলৈ সক্ষম হ’ল বুলি প্ৰশ্ন কৰিছে যদিও ভিক্তৰ দাসৰ এই সন্দেহৰ কিমানদূৰ সত্যতা আছে সেয়া স্পষ্ট নহয়৷ বৃহস্পতিবাৰে নিশালৈ ভিক্তৰ দাসে পাণবজাৰ থানাত অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে৷ তদুপৰি ভিক্তৰ দাসে প্ৰাৰ্থীৰ পৰা ধন দাবী কৰা কেইবাটাও মোবাইল নম্বৰ আৰক্ষীক যোগান ধৰাৰ কথাও জানিবলৈ দিছে৷