Logo
image

শীৰ্ষ বিষয়াৰ পত্নীকো একে৪৭ধাৰীৰ নিৰাপত্তা

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পত্নীকো একে ৪৭ ধাৰীৰ নিৰাপত্তা দিয়াৰ লগতে আৰক্ষী জোৱানে বজাৰ সমাৰ কৰি দিয়া ঘটনা এই মুলকত নতুন ঘটনা নহয়৷ এনে ঘটনা বহু ঘটি গৈছে যদিও অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ পত্নীয়ে বাৰাম্বাৰ আৰক্ষী জোৱানক বন কৰা যুৱক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ এইবাৰ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পত্নীৰ পিছে পিছে এজন আৰক্ষী জোৱানে পিঠিত একে ৪৭ ৰাইফল লৈ বজাৰ কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত অসম আৰক্ষীৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য মতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পত্নীয়ে এজন আৰক্ষী জোৱানক লগত লৈ বিলাসী গাড়ীৰে জু-ৰোডৰ এখন ডিপাৰ্টমেণ্টেল ষ্টোৰত বজাৰ কৰিবলৈ আহে৷ ডিপাৰ্টমেণ্টেল ষ্টোৰৰ ভিতৰত আৰক্ষী জোৱানজনে পিঠিত একে ৪৭ ৰাইফল লৈ সামগ্ৰী সৰবৰাহ কৰা ট্ৰলী চোচৰাই আৰক্ষী বিষয়াৰ পত্নীৰ পিছে পিছে গৈ থাকে আৰু আৰক্ষী বিষয়াৰ পত্নীয়ে সামগ্ৰী পছন্দ কৰি ট্ৰলীত ভৰাই আছিল৷ বজাৰ কৰাৰ অন্তত আৰক্ষী জোৱানজনে সামগ্ৰী ভৰ্তি কৰা পলিথিন সমূহ বিলাসী বাহানত উঠাই ঘটনাস্থলীৰ পৰা একেলগে আঁতৰি যায়৷ উল্লেখ্য, এইগৰাকী হৈছে শীৰ্ষস্থানীয় আৰক্ষী বিষয়াজনৰ দ্বিতীয় পত্নীহে৷ প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ পাছত তেওঁৰেই তলতীয়া এজন আৰক্ষী বিষয়াৰ কন্যাক পুনৰ বিয়া পাতে এই শীৰ্ষ আৰক্ষী বিষয়াজনে৷ ইপিনে, এই সমস্ত দৃশ্য এজন সচেতন নাগৰিকে ম’বাইল ফোনেৰে ৰেকৰ্ডিং কৰি ফেচবুকত আপলোড কৰাত নিমিষতে ভিডিঅ’টো ভাইৰেল হৈ পৰে৷ যি সময়ত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে ঠিক সেই সময়তে এজন শীৰ্ষ আৰক্ষী বিষয়াৰ পত্নীয়ে আৰক্ষী জোৱানক বন কৰা যুৱক হিচাপে ব্যৱহাৰ কৰা ঘটনা পোহৰলৈ আহিছে৷ জোৱানক বন কৰা যুৱক হিচাপে ব্যৱহাৰ কৰা শীৰ্ষ আৰক্ষী বিষয়াৰ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু ডিজিপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷