Logo
image

অভিনেতাতকৈ বহু কম ধন লাভ কৰে অভিনেত্ৰীয়ে

হলীউডৰ পাৰিশ্ৰমিক ভেদাভেদৰ কথা প্ৰকাশ জেনিফাৰৰ

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ মনোৰঞ্জন উদ্যোগৰ অভিনেত্ৰীসকলে লাভ কৰা ধনক লৈ প্ৰায়ে বিতৰ্ক চলি থকা দেখা যায়৷ ভাৰতীয় চিনেমা জগতক নেতৃত্ব কৰা বলীউডতো প্ৰায়ে এই কথা শুনা যায় যে এখন চিনেমাৰ সফলতাৰ কৃতিত্ব সদায় মূল অভিনেতাজনকহে দিয়া যায়৷ অভিনেত্ৰীয়ে ইয়াৰ কৃতিত্ব খুব কমেইহে পায়৷ যাৰ ফলত অভিনেতাৰ তুলনাত অভিনেত্ৰীয়ে লাভ কৰা পাৰিশ্ৰমিক একে নহয়৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে কেৱল বলীউডতে নহয়, হলীউডতো একেই ধাৰা চলি আছে৷ হলীউডতো অভিনেতাৰ তুলনাত অভিনেত্ৰীয়ে যথেষ্ট কম পাৰিশ্ৰমিক লাভ কৰে৷ হলীউডৰ প্ৰখ্যাত অভিনেত্ৰী জেনিফাৰ লৰেন্সে এই বিষয়ে ৰাজহুৱা কৰে৷ ‘এক্স মেন’ ছিৰিজৰ চিনেমাৰে বিশ্বজুৰি জনপ্ৰিয় হোৱা জেনিফাৰ লৰেন্সে এটা সাক্ষাৎকাৰত কয় যে হলীউডত পাৰিশ্ৰমিকৰ নামত যথেষ্ট ভেদাভেদ কৰা হয়৷ তেওঁক বা তেওঁৰ দৰে আন অভিনেত্ৰীক কেতিয়াও বেছি পাৰিশ্ৰমিক দিয়া নহয়, কাৰণ তেওঁলোক মহিলা৷ হলীউডত বেছি কাম কৰিলেও এগৰাকী অভিনেত্ৰীক কম পাৰিশ্ৰমিক দিয়া হয় আৰু কম কাম কৰিলেও এজন অভিনেতাক বেছি পাৰিশ্ৰমিক দিয়া হয়৷ তেওঁ লগতে আমেৰিকাৰ ৰাজনীতিত চলি থকা যৌনতা আৰু মহিলাৰ সৈতে হোৱা ভেদাভেদৰ কথাও খোলাকৈ প্ৰকাশ কৰে৷