Logo
image

১৫গৰাকী পত্নী, ১০৭টা সন্তানৰ সৈতে চৰ্চাত কেনিয়াৰ ডেভিদ

আমাৰ অসম, ৯ ছেপ্টেম্বৰঃ  ১৫গৰাকী পত্নী আৰু ১০৭টা সন্তানৰ সৈতে এখন সৰু গাঁৱত বাস কৰি অহা কেনিয়াৰ এজন লোকক লৈ এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা হৈছে৷ আটাইকেইগৰাকী পত্নীৰ সৈতে তেওঁ একেলগে বাস কৰি আহিছে৷ তেওঁৰ সকলো পত্নীয়েই বেলেগ বেলেগ দায়িত্ব পালন কৰে যাতে বিশাল পৰিয়ালটোৰ জীৱন অতি সহজ-সৰলভাৱে পাৰ হয়৷ লোকজনে নিজকে ৰজা ছুলেমানৰ সৈতে ৰিজায়৷ ৰজা ছুলেমানৰ আছিল ৭০০ পত্নী আৰু ৩০০ দাসী৷ নিজকে ৰজা ছুলেমানৰ সৈতে ৰিজোৱা এই লোকজনৰ নাম হৈছে ডেভিদ ছকায়ো কুলহানা৷ তেওঁৰ ঘৰ কেনিয়াৰ পশ্চিম দিশৰ এখন গাঁৱত৷ ডেভিদৰ মতে তেওঁৰ মন-মগজু অতি বেগী, গতিকে তেওঁ কেইবাগৰাকীও মহিলাৰ সৈতে বিয়া কৰাবলৈ পাইহে সুখী৷ তেওঁৰ নিৰ্দেশতে পত্নীসকলে এতিয়া বিভিন্নধৰণৰ কাম কৰি আহিছে৷ ১০৭টা সন্তানেৰে ভৰপুৰ সংসাৰ লৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই৷