Logo
image

এইবাৰ কপিল শৰ্মাৰ শ্ব’ত নয়নমণি

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেমছত লন বলত স্বৰ্ণ জয় কৰি অসমীয়াৰ নাম বিশ্বদৰবাৰত জিলিকাই তুলিছে গোলাঘাটৰ জীয়াৰী নয়নমণি শইকীয়াই৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অসম ক্ৰীড়া নীতিৰ অধীনত নয়নমণি শইকীয়াই অসম আৰক্ষীৰ ‘ডি এছ পি’ পদত নিযুক্তি দিয়াৰ লগতে ৫০ লাখ টকাৰ চেকো প্ৰদান কৰিছে৷ নয়নমণিয়ে চৰকাৰৰ পৰা পোৱা ৫০ লাখ টকাৰ ধনেৰে তেওঁৰ আই-পিতাইৰ পানীপৰা ঘৰখন সুন্দৰকৈ সজাই বন্ধাই দিব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে৷ হাজাৰ প্ৰতিবন্ধতাৰ মাজতো জগত জিনিলে নয়নমণিয়ে৷ তেওঁৰ কথাবাৰ্তাত প্ৰকাশ পোৱা অকৃত্ৰিম সৰলতা আৰু বিনয়ী স্বভাৱে সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশবাসীৰো দৃষ্টি আকৰ্ষণ কৰিছে৷ এইবাৰ স্বৰ্ণকন্যা নয়নমণিক দেখা যাব কপিল শৰ্মাৰ বিখ্যাত টেলিভিশ্বন শ্ব’ কমেডি নাইট উইথ কপিল শৰ্মাত৷ ইতিমধ্যে নয়নমণিৰ লগতে তেওঁৰ সতীৰ্থসকলৰ সৈতে শ্বুটিং সম্পন্ন কৰিছে৷ দহ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া কমেডি নাইট উইথ কপিল শৰ্মাৰ প্ৰথম খণ্ডতে ৰাষ্ট্ৰীয় টেলিভিশ্বন চেনেল চনী টিভিৰ স্কীনত দেখা যাব অসমৰ নয়নমণি শইকীয়াক৷ কপিল শৰ্মাই তেওঁৰ ইষ্টাগ্ৰামত নয়নমণি শইকীয়াৰ সৈতে এখন হাস্যমধুৰ ফটো ৰিলিজ কৰি আগন্তুক শ্ব’ৰ সন্দৰ্ভত দৰ্শকক জানিবলৈ দিছে৷ লক্ষণীয় কপিল শৰ্মাৰ এই শ্ব’ত অসমৰ নয়নমণি শইকীয়াৰ লগতে কমনৱেল্‌থ গেমছৰ বেডমিণ্টন চেম্পিয়ন পিভি সিন্ধু, বক্সাৰ নিখট জেৰিণ, লন বলৰ আন স্বৰ্ণজয়ী আন মহিলা খেলুৱৈ ক্ৰমে লাভলীনা চৌৱে, ৰূপাৰাণী টিৰকে, পিনাকী কৌশিক সিঙকো দেখা যাব৷ অৰ্থাৎ ৱাৰ্মিংহাম অলিম্পিকত দেশৰ নাম উজ্বলোৱা মহিলা খেলুৱৈসকলৰ সৈতে কপিল শৰ্মাৰ হ’ব এই বিশেষ অনুষ্ঠান৷ কপিল শৰ্মাই এই স্বৰ্ণজয়ী মহিলা খেলুৱৈসকলক ‘গল্ডেন গাৰ্ল’ বুলি অভিহিত কৰিছে আৰু তেওঁলোকক বিশেষ অতিথি হিচাপে তেওঁৰ শ্ব’লৈ আমন্ত্ৰণ জনাইছে৷ উল্লেখ্য, কমনৱেল্‌থ গেমছৰ সময়ত ভাৰতীয় মহিলা লন বলৰ দলটোক সাংবাদিকে প্ৰশ্ন কৰিছিল যে যদিহে তেওঁলোকে খেলত জয়ী হয় তেতিয়াহ’লে ভাৰতত গৈ প্ৰথমে আনন্দ ফূৰ্টিত কি কৰিব৷ ইয়াৰ উত্তৰত মহিলা খেলুৱৈসকলে ৰসিকভাৱে কৈছিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চাহ খাব আৰু কপিল শৰ্মাৰ শ্ব’ত যাব৷ অৱশেষত সেই দুই ইচ্ছাই পূৰণ হ’ল৷ লক্ষণীয় যে ৱাৰ্মিং হামৰ কমনৱেল্‌থ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াক আজি ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়া গুৱাহাটীৰ চাৰ্কলৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনায়৷ তেওঁক ষ্টেট বেংক অব ইণ্ডিয়াৰ তৰফৰ পৰা স্মাৰক দুই লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ অনুষ্ঠানত এছ বি আইৰ গুৱাহাটী চাৰ্কলৰ মুখ্য মহাপ্ৰৱন্ধক অৰবিন্দ কুমাৰ সিঙকে ধৰি বহুসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে৷