Logo
image

৭০ বছৰৰ অপেক্ষা, আজি ৰাজমুকুট পিন্ধিব চাৰ্লছে

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ গড ছেভ দ্য কিং– শোকাৰ্ত কিন্তু নতুন সম্ৰাটক আদৰাৰ উন্মাদনাৰে বিশাল জনতাই পৰম্পৰাগতভাৱে ৰজাৰ দীৰ্ঘায়ু কামনা কৰাৰ ধবনিৰ মাজত শুকুৰবাৰে স্কটলেণ্ডৰ বালমোৰাল দুৰ্গৰ পৰা আহি ব্ৰিটেইনৰ ৰাজপ্ৰাসাদ বাকিংহাম পেলেচত প্ৰৱেশ কৰিলে শনিবাৰে ৰাজ্যভিষেক ঘটিবলগীয়া তৃতীয় চাৰ্লছে৷ বৃহস্পতিবাৰে ৭০ বছৰ ধৰি ব্ৰিটেইন আৰু আন ১৫ খন দেশত শাসন চলাই জীৱনাৱসান ঘটা সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথৰ বিদায়ৰ লগে লগেই ৱেলছৰ ৰাজকুমাৰৰ পৰা ব্ৰিটেইনৰ সম্ৰাটত পৰিগণিত হৈছিল তৃতীয় চাৰ্লছ৷ শুকুৰবাৰে তেওঁ বাকিংহাম পেলেচত প্ৰৱেশ কৰাৰ ক্ষন্তেক পাছতে ৰাজ পৰিয়ালৰ পৰা চৰকাৰীভাৱে ঘোষণা কৰা হ’ল– শনিবাৰে দিনৰ ১০ বজাত নতুন সম্ৰাট তৃতীয় চাৰ্লছে ব্ৰিটেইনৰ ৰাজমুকুট পৰিধান কৰিব৷ ৰাজমুকুট পৰিধান কৰি হাতত ৰাজদণ্ড লৈ শনিবাৰে ব্ৰিটেইনৰ ৰাজ সিংহাসনত আৰোহন কৰিবলগীয়া সম্পূৰ্ণ প্ৰক্ৰিয়া পোনপটীয়াকৈ টিভিত সম্প্ৰচাৰ কৰা হ’ব, যি ঘটনা ব্ৰিটেইনৰ ইতিহাসত প্ৰথম৷ সম্ৰাট চাৰ্লছে ৰাজমুকুট পৰিধান কৰিবলগীয়া অনুষ্ঠানটো আয়োজন কৰা হ’ব ছেণ্ট জেমছ পেলেচৰ চৰকাৰী এপাৰ্টমেণ্টত৷ এছেছন কাউন্সিলে তৃতীয় চাৰ্লছক ব্ৰিটেইনৰ নতুন সম্ৰাট হিচাপে আদৰণি জনাব৷ তাত উপস্থিত থাকিব প্ৰিভি কাউন্সিলৰ সদস্য, চৰকাৰী বিষয়াবৰ্গ, কমনৱেলথ দেশৰ হাইকমিছনাৰ আৰু  লণ্ডনৰ মেয়ৰ৷ সেই অনুষ্ঠানৰ বাবে তৃতীয় চাৰ্লছে শুকুৰবাৰে স্কটলেণ্ডৰ বালমোৰাল দুৰ্গ ত্যাগ কৰি বাকিংহাম পেলেচত আহি উপস্থিত হয় পত্নী কেমিলা পাৰ্কাৰ বাউলেছৰ সৈতে৷ দুয়ো বৃহস্পতিবাৰে সম্ৰাজ্ঞী এলিজাবেথৰ গুৰুতৰ অসুস্থতাৰ বাবে স্কটলেণ্ডৰ বালমোৰাল প্ৰাসাদত গৈ উপস্থিত হৈছিল৷ ৰাণীৰ মৃত্যুৰ সময়ত পত্নী কেমিলাৰ উপৰি ভ্ৰাতৃ প্ৰিন্স এডোৱাৰ্ড, ভগ্নী প্ৰিন্সেছ এনৰ সৈতে তেওঁৰ শয্যাৰ কাষত উপস্থিত আছিল চাৰ্লছ৷ শুকুৰবাৰে ব্ৰিটেইনৰ হাউছ অৱ কমনছত নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে গড ছেভ দ্য কিং বুলি পৰম্পৰাগতভাৱে নতুন সম্ৰাটৰ দীৰ্ঘায়ু কামনা কৰে আৰু সাংসদৰ সকলো সদস্যই তেওঁৰ সুৰত সুৰ মিলাই গড ছেভ দ্য কিং বাক্যটো  একেলগে চিঞৰি উঠে৷ 

শনিবাৰে ব্ৰিটেইনৰ ৰাজ সিংহাসনক আৰোহন কৰিবলগীয়া চাৰ্লছেই হ’ব সৰ্বাধিক বয়সত হোৱা প্ৰথমজন ব্ৰিটিছ সম্ৰাট৷ ৭৩ বছৰ বয়সীয়া চাৰ্লছে ব্ৰিটেইনৰ ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ বাবে ৭০ বছৰ অপেক্ষা কৰিবলগীয়া হৈছে৷ কিয়নো ১৯৫২ চনত এলিজাবেথ ব্ৰিটেইনৰ সম্ৰাজ্ঞী হোৱাৰ সময়ত চাৰ্লছৰ বয়স আছিল ৩ বছৰ৷ তেতিয়াৰ পৰাই তেওঁক ব্ৰিটেইনৰ সিংহাসনত আৰোহনৰ বাবে অপেক্ষাৰত সম্ৰাট হিচাপে বিবেচনা কৰা হৈছিল৷ অৱশ্যে তেওঁ এই দীৰ্ঘ ৭৩ বছৰ ৱেলছৰ ৰাজকুমাৰ বা প্ৰিন্স অৱ ৱেলছ উপাধি লাভ কৰি আছিল৷ এতিয়া প্ৰিন্স অৱ ৱেলছৰ উপাধি লাভ কৰিব চাৰ্লছৰ পুত্ৰ উইলিয়ামে৷ অৰ্থাৎ এতিয়াৰ পৰাই উইলিয়ামৰ আৰম্ভ হ’ল ব্ৰিটেইনৰ সম্ৰাট হোৱাৰ অপেক্ষাৰ ক্ষণ৷ বিশ্বৰ সবাটোকৈ দীৰ্ঘকালীন সময় অপেক্ষাৰত সম্ৰাট হিচাপে অভিলেখ গঢ়া ৰাজকুমাৰ চাৰ্লছ সম্ৰাট হোৱাৰ লগে লগে তেওঁৰ দ্বিতীয়া পত্নী কেমিলা পাৰ্কাৰ বাউলেছ ব্ৰিটিছ সম্ৰাজ্ঞীৰ মুকুটত থকা, ভাৰতৰ পৰা নিয়া অমুল্য হীৰা কহিনুৰৰ গৰাকী হ’ল৷ কেমিলা চাৰ্লছৰ দ্বিতীয় পত্নী হোৱাৰ বাবে তেওঁক কুইন মৰ্যাদা দিয়া নহ’ব, তেওঁক ‘কুইন কনছৰ্ট’ বুলিহে কোৱা হ’ব৷ জীয়াই থকা হ’লে বিবাহ বিচ্ছিনা হৈয়ো ডায়েনা কুইন বা ৰাণী হ’লহেঁতেন৷ কুইন কনছৰ্ট আৰু কুইনৰ মৰ্যাদাৰ মাজত পাৰ্থক্য আছে৷ কুইন বা ৰাণী হৈছে সম্ৰাটৰ পত্নী আৰু সিংহাসনৰ উত্তৰাধিকাৰী৷ ইয়াৰ বিপৰীতে কুইন কনছৰ্ট হৈছে কেৱল সম্ৰাটৰ পত্নী, তেওঁৰ সিংহাসনৰ উত্তৰাধিকাৰ নাথাকে৷ পূৰ্বে বিবাহ বিচ্ছিন্না আৰু চাৰ্লছৰ দ্বিতীয় পত্নী কেমিলাক প্ৰিন্সেছ কনছৰ্ট উপাধি দিয়াৰ কথা আছিল৷ কিন্তু মহানুভৱতা দেখুৱাই আৰু সংবিধান সলনি কৰি সম্ৰাজ্ঞী এলিজাবেথে কেমিলাক কুইন কনছৰ্ট হিচাপে মৰ্যাদা প্ৰদান কৰিব বুলি ঘোষণা কৰে৷ তেওঁক যিকোনো ক্ষেত্ৰত কুইন বা ৰাণী হিচাপে সম্বোধন কৰিলেও আনুষ্ঠানিকভাৱে তেওঁ কেতিয়াও সেই মৰ্যাদা নাপাব, কুইন কনছৰ্ট হৈয়েই থাকিব লাগিব৷ অৱশ্যে সম্ৰাট চাৰ্লছক তেওঁ সকলোবোৰ ৰাজহুৱা অনুষ্ঠানত ৰাণী হিচাপেই সংগ দিব৷ 

ব্ৰিটেইনত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অপাৰেছন লণ্ডন ব্ৰীজ৷ এয়া হৈছে সম্ৰাজ্ঞী এলিজাবেথৰ মৃত্যুৰ পাছত অন্তে্যষ্টিক্ৰিয়া পৰ্যন্ত চৰকাৰীভাৱে পালন কৰিবলগীয়া কাৰ্যসূচীৰ কোড বা সাংকেতিক বাৰ্তা৷ উল্লেখ্য, লণ্ডন ব্ৰীজ ইজ ডাউন– এই সাংকেতিক বাৰ্তাৰেই সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ তেওঁৰ প্ৰাইভেট ছেক্ৰেটেৰীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক জনাইছিল৷ ছটা দশক পূৰ্বে স্থিৰ কৰি ৰখা সেই সাংকেতিক বাৰ্তা ব্যৱহাৰ কৰা হ’ল বৃহস্পতিবাৰে৷ পৰৱৰ্তী সময়ত ৰাণীৰ মৃত্যুৰ চৰকাৰী বাৰ্তা আৰু যোগাযোগ তেনেদৰেই হ’ল৷ ৰাণীৰ মৃত্যুৰ চৰকাৰী ঘোষণা কৰা হ’ল বিবিচিত৷ এলিজাবেথৰ মৃত্যুৰ পাছৰ পৰা পৰৱৰ্তী কাৰ্যসূচীক ৰাজভৱন আৰু ব্ৰিটিছ চৰকাৰে অপাৰেছন লণ্ডন ব্ৰীজ নামৰ সাংকেতিক ভাষাৰে পৰিচালনা কৰিছে৷ প্ৰয়াত সম্ৰাজ্ঞীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ১০ দিন পাছত ৱেষ্টমিনষ্টাৰ এবেত৷ অপাৰেছন লণ্ডন ব্ৰীজৰ আজিৰ দিনটোত ডি+০ হিচাপে অভিহিত কৰা হৈছে৷ পৰৱৰ্তী দিনসমূহ ক্ৰমে ১০ দিনলৈকে ডি+১, ডি+২ হিচাপে উল্লেখ কৰা হ’ব আৰু সেই অনুসৰি মৃত সম্ৰাজ্ঞীৰ সন্মানাৰ্থে সকলোবিলাক কাৰ্যসূচী আগবঢ়াই নিয়া হ’ব৷ তিনিদিনৰ পাছত তেওঁৰ নশ্বৰদেহ বালমোৰাল দুৰ্গৰ পৰা বাকিংহাম পেলেচলৈ অনা হ’ব আৰু সিংহাসন থকা কোঠাত ৰখা হ’ব৷ অৱশ্যে ডি+০ পাছৰ কাৰ্যসূচী এতিয়াও বাকিংহাম পেলেচে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ 

 এলিজাবেথ ৰাণী হৈছিল অতি নাটকীয়ভাৱে৷ ১৯৫২ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁ স্বামী ফিলিপ মাউণ্টবেটেনৰ সৈতে ৰাজকুমাৰী হিচাপে কেনিয়াৰ এবাৰডেয়াৰ অৰণ্যৰ এজোপা গছৰ ওপৰত থকা ট্ৰী-হাউছলৈ উঠি গৈছিল আৰু নিশাটো কটাইছিল তিনিটা কোঠালীৰ কাঠৰ কটেজত৷ পুৱতি নিশা ৰাজকুমাৰী এলিজাবেথৰ পিতৃ সম্ৰাট ষষ্ঠ জৰ্জৰ মৃত্যু হৈছিল ছেনড্ৰিংহামত৷ স্বামী ফিলিপে এলিজাবেথক তেওঁৰ পিতৃৰ মৃত্যুৰ খবৰটো দিছিল ৪০ ফুট ওখত গছৰ ওপৰত থকা কটেজত৷ এলিজাবেথ তেতিয়া গছৰ ওপৰৰ পৰা জখলা বগাই নামি আহিছিল এগৰাকী ৰাণী হৈ, ব্ৰিটিছ সিংহাসনৰ সম্ৰাজ্ঞীৰ ৰূপত৷ সেইনিশা ৰাজকুমাৰী এলিজাবেথ আৰূ এডিনবৰাৰ ৰাজকুমাৰ ফিলিপ প্ৰকৃততে আলহী হৈছিল বিশ্বখ্যাত চিকাৰী-প্ৰখ্যাত লিখক জিম কৰবেটৰ৷ জিম কৰবেটে এই অনন্য ঘটনাটো তেওঁৰ অন্তিম গ্ৰন্থ ‘ট্ৰী-টপ’ত মাথোঁ এটা অনবদ্য বাক্যৰে বৰ্ণনা কৰিছে কিতাপখনৰ শেষৰ আগৰ পৃষ্ঠাত৷ সন্দেহ নাই সেই বাক্যটো কেতিয়াবাই প্ৰবাদত পৰিণত হৈছে৷ 

জিম কৰবেটৰ বাক্যটোঃ 

For the first time in the history of the world a young girl climbed into a tree one day (February 5, 1952, at 2.00 p.m.) a princess and, after having what she described as her most thrilling experience, climbed down from the tree the next day (at 10.00 a.m.) a Queen. God bless her.’

এলিজাবেথক সৰুতে মৰমতে লিলিবেট বুলি মাতিছিল ৰাজকীয় পৰিয়ালৰ সদস্যই৷ পশ্চিমৰ দেশত সকলো এলিজাবেথক লিজ বুলি [যেনে অভিনেত্ৰী লিজ টেইলৰ, এতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ] মাতিলেও সম্ৰাজ্ঞী এলিজাবেথক সন্মান ৰক্ষা কৰি তেনেদৰে সম্বোধন কৰা নিষেধ আছিল৷ যিদৰে সকলো উইলিয়াম বিল হ’লেও [যেনে বিল ক্লিণ্টন] আৰু সকলো ৰবাৰ্ট বব হ’লেও প্ৰিন্স উইলিয়াম কেতিয়াও বিল নহয় ৰাজকুমাৰ বাবেই৷ এলিজাবেথে ব্ৰিটেইনৰ সম্ৰাজ্ঞী হ’বলৈ সুযোগ পাইছিল তেওঁৰ খুড়াক অষ্টম এডৱাৰ্ডে সম্ৰাট হোৱাৰ যোগ্যতা হেৰুওৱাৰ বাবে৷ এডৱাৰ্ডে দুবাৰকৈ বিবাহ বিচ্ছিন্না আমেৰিকান ৱালিছ ছিম্পছনক বিয়া কৰোৱাৰ বাবে সিংহাসন হেৰুৱাইছিল, অৰ্থাৎ তেওঁ প্ৰেমৰ বাবে ব্ৰিটিছ সিংহাসন ত্যাগ কৰিছিল৷ ফলত ১০ বছৰ বয়সতে সিংহাসনৰ উত্তৰাধিকাৰী হৈছিল এলিজাবেথ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ অৱসানৰ পাছত আৰু ব্ৰিটেইনে তেওঁলোকৰ অধীনত থকা অধিকাংশ দেশক স্বাধীনতা প্ৰদান কৰাৰ পাছত ব্ৰিটেইনৰ সম্ৰাজ্ঞী হোৱা এলিজাবেথৰ শাসনকাল অতিশয় উজ্জ্বল আৰু সময়ে সময়ে বিতৰ্কৰে ভৰা৷ দীৰ্ঘ ৭০ বছৰৰ শাসনত যিদৰে বিশ্বৰ সকলো ক্ষেত্ৰতে ক্ৰমবিৱৰ্তন ঘটিছে সেইদৰে ৰাণী এলিজাবেথেও অনেক ৰাজকীয় পৰম্পৰা ত্যাগ কৰিবলগীয়া হৈছে৷ অৱশ্যে তেওঁ তাৰ মাজতো অক্ষুণ্ণ ৰাখিছিল ৰাজপৰিয়ালৰ মৰ্যাদা৷ সূৰ্য ডুব নোযোৱা দেশ বুলি আখ্যা দিয়া ব্ৰিটেইনৰ সূৰ্য কোন কাহানিতেই টেমছ নদীৰ কুলত অস্ত গৈছে, পিছে তাৰ মাজতো এলিজাবেথে ৰক্ষা কৰি গৈছিল ৰাজকীয় পৰম্পৰা, পৰিৱৰ্তিত পৰিস্থিতি আৰু সময়ৰ সৈতে তাল মিলাই৷ ২০১৫ চনতে তেওঁ দীৰ্ঘসময় শাসন চলোৱা ৰাণী হিচাপে মহাৰাণী ভিক্টোৰিয়াৰ অভিলেখ ভংগ কৰিছিল৷ তেওঁৰ দীঘলীয়া শাসন কালত ব্ৰিটেইনৰ ১৫জন প্ৰধানমন্ত্ৰী নিযুক্তি দিছিল৷ টেমছ নদীৰে যোৱা ৭০ বছৰত বহু পানী বৈ গ’লেও নিজৰ মৰ্যাদাৰ জোৰত এলিজাবেথৰ বাবেই সমস্ত ব্ৰিটেইনবাসীৰ বাবে অতদিনে ৰাণী আৰু ৰাজতন্ত্ৰ আছিল সমাৰ্থক৷ সেই মৰ্যাদা নতুন সম্ৰাট তৃতীয় চাৰ্লছে কিদৰে অক্ষুণ্ণ ৰাখে সেয়া ব্ৰিটিছ নাগৰিকে গভীৰ দৃষ্টিৰে লক্ষ্য কৰিব৷