Logo
image

চৰকাৰে স্কুলৰ দায়িত্ব মোক দিয়ক মই চলাম! আজমলৰ প্ৰত্যাহ্বান

‘ছুপাৰ ৪০’ৰ পৰা ২৪০ শিক্ষাৰ্থী নীটত উত্তীৰ্ণ

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ ধৰ্মীয় শিক্ষা প্ৰদানৰ দোহাই দি চৰকাৰী মাদ্ৰাছাসমূহ ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়াৰ পাছত এইবাৰ জেহাদীৰ কাম-কাজ চলাৰ অভিযোগত এখনৰ পাছত এখনকৈ বেচৰকাৰী মাদ্ৰাছাত বুলড’জাৰ চলাই উচ্ছেদ কৰিছে প্ৰশাসনে৷ মাদ্ৰাছা উচ্ছেদ চলোৱাৰ সমান্তৰালভাৱে নিম্ন ফলাফল আৰু ছাত্ৰ-ছাত্ৰীৰ নাটনিৰ অজুহাতত হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত চিৰদিনলৈ তলা ওলোমাই দিছে৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মাদ্ৰাছা উচ্ছেদ আৰু শিক্ষানুষ্ঠান বন্ধৰ কাৰ্যক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে ‘আজমল ছুপাৰ ৪০’ নামৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ন্যাসৰক্ষী তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ মাদ্ৰাছা উচেছদ আৰু বিদ্যালয় বন্ধ কৰা বুলি অভিযোগ কৰি চৰকাৰে চলাব নোৱৰা শিক্ষানুষ্ঠানসমূহ আজমল ফাউণ্ডেছনক চলাবলৈ দায়িত্ব দিয়াৰ প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমলে৷ আজমল-ছুপাৰ ৪০ প্ৰতিষ্ঠানৰ পৰা এইবাৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ নীট পৰীক্ষাত উত্তীৰ্ণ ২৪০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৫-৩০ জনেই মাদ্ৰাছাত পঢ়া বুলি সদৰি কৰি পাঠ্যক্ৰম সলনি কৰিলেই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতাত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে আজমলে৷ চৰকাৰ মাদ্ৰাছাৰ শিক্ষাৰ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰি বদৰুদ্দিন আজমলে চৰকাৰে বন্ধ কৰা মাদ্ৰাছাসমূহ চলোৱাৰ বাবে দায়িত্ব দিলে শিক্ষা বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱাব বুলিও দাবী কৰে৷ চৰকাৰে ভুৱা প্ৰচাৰ চলোৱাতকৈ মাদ্ৰাছাসমূহ আজমল ফাউণ্ডেছনৰ হাতত গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই শুকুৰবাৰে হোজাইত সাংবাদিকৰ আগত সাংসদ বদৰুদ্দিন আজমলে কয়– মই নিজেও অসমৰ শিক্ষা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছো৷ আজি সঁচা কথা ক’লে হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব৷ চৰকাৰে ভুৱা প্ৰচাৰ চলাই আছে যে– মাদ্ৰাছাৰ পৰা ওলাই আমাৰ ল’ৰাবোৰে বিজ্ঞান পঢ়িব নোৱাৰে, অভিযন্তা হ’ব নোৱাৰে বা এম বি এ পঢ়িব নোৱাৰে৷ এইটো ১০০ শতাংশই ভুৱা প্ৰচাৰ৷ চৰকাৰে যদি মাদ্ৰাছা তথা চৰকাৰী শিক্ষানুষ্ঠান চলাব নোৱাৰে, তেনেহ’লে আমাক দি দিয়ক৷ মাদ্ৰাছাৰ পাঠ্যক্ৰম সলনি কৰিব লাগিব৷ কিন্তু কষ্ট কৰিব লাগিব৷ কিছুমান নতুন বিভাগ তথা পাঠ্যক্ৰম পঢ়োৱাব লাগিব৷ সেইসমূহ ভালকৈ পঢ়ালে আৰু শিক্ষকসকলে ভাল হ’লে যিটো চৰকাৰে কৰিব পৰা নাই, সেয়া আমি কৰি দেখুৱাম৷ এইবাৰ নীট পৰীক্ষাত আমাৰ প্ৰতিষ্ঠানৰ ২৪০ জনতকৈ অধিক ল’ৰা-ছোৱালীয়ে পাছ কৰিছে৷ ইয়াৰে ২৫-৩০ জন মাদ্ৰাছা বেকগ্ৰাউণ্ডৰ পৰা অহা৷ এইসকল ল’ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনীয়াৰ হ’লেই৷ সফলতা লাভত তেওঁলোকক কোনে বাধা দি আছিল? তেওঁলোকৰ মগজুৰ দুৱাৰ খুলি দিব লাগিব৷ মাদ্ৰাছা বন্ধ কৰি দিয়াটো কেতিয়াও সমাধান হ’ব নোৱাৰে৷ এখন স্কুল নিৰ্মাণ কৰিবলৈ বহুত কষ্ট হয়৷ ১০-২০ বছৰ সময় লাগে৷ ভেঞ্চাৰ স্কুলসমূহ ৰাইজৰ বৰঙণি লৈ শিক্ষকসকলেই নিৰ্মাণ কৰে৷ তাতে জীৱনটো শেষ হৈ যায়৷ শিক্ষকে দৰমহা নাপাই আত্মহত্যাও কৰে৷ নিৰ্মাণ কৰিবলৈ ২০-২৫ বছৰ লগা এখন স্কুল প্ৰশাসনে ১ মিনিটৰ ভিতৰতে ভাঙি পেলাব নাপায়৷ চৰকাৰক আহ্বান জনাম মাদ্ৰাছা বা আন শিক্ষানুষ্ঠান বন্ধ কৰাতকৈ, সেইসমূহ শিক্ষানুষ্ঠান কেনেকৈ ভাল কৰিব পাৰি তাক গুৰুত্ব দিয়ক৷ শিক্ষকক যদিহে দৰমহাই নিদিয়ে আৰু ২-৩ জন শিক্ষকেৰে বিদ্যালয় চলালে, সেই বিদ্যালয়ৰ পৰা কেনেদৰে ভাল ফলাফল আশা কৰিব পাৰে৷ তদুপৰি শিক্ষানুষ্ঠানত বেঞ্চ-ডেক্স, টেবুল, চকী, ফেন ইত্যাদি আন্তঃগাঁথনি নাথাকিলে কেনেকৈ পঢ়িব পাৰিব৷ এনে ক্ষেত্ৰত বিদ্যালয়খনক দোষ দি লাভ নাই৷ দোষ দিব লাগিব চৰকাৰক৷ চৰকাৰ ব্যৰ্থ হৈছে৷ নিজৰ ব্যৰ্থতা তথা লাজ ঢাকিবৰ বাবেহে চৰকাৰে শিক্ষানুষ্ঠান বন্ধ কৰিছে৷ নহ’লে চৰকাৰে ৰাজহুৱা বিতৰ্কৰ আহ্বান কৰক৷ অসমত বহুত ভাল ভাল শিক্ষাবিদ আছে৷ তেওঁলোকৰ পৰা স্কুলসমূহৰ মান কেনেকৈ ভাল কৰিব লাগে পৰামৰ্শ লওক৷ কিন্তু মাদ্ৰাছা উচ্ছেদ বা স্কুল বন্ধ কৰি দিয়াটো বহুত বেয়া হৈছে৷ উল্লেখ্য আজমল ছুপাৰ-৪০ৰ সফলতাৰ বাবে ১৪০ পাউণ্ডৰ কেক কাটি উল্লাস কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ নীট ২০২২ৰ বাছনি পৰীক্ষাত আজমল ছুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে স্বনৱাৰ হুছেইন, ৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায়, জামাজ আখতাৰ [৬৩৮], নবিউল ইছলাম [৬৩৬], হবিবা ফিৰদৌচ [৬৩৫] ছাহিদ আহমেদ [৬৩৫], চাবা চামচাদ [৬৩১] নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷