Logo
image

হিমন্তবিশ্বৰ সভাত অথন্তৰ, টি আৰ এছ কৰ্মীয়ে কাঢ়িলে মাইক

হায়দৰাবাদৰ গণেশ উৎসৱ সমিতিৰ আয়োজনত বিঘিনি

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ তেলেংগানা ভ্ৰমণ সুখকৰ নহ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ তেলেংগানাৰ ভাগ্যনগৰত গণেশ বিসৰ্জন কাৰ্যসূচীত অংশ ল’বলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে৷ ভাগ্যনগৰ গণেশ উৎসৱ উদ্‌যাপন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি হিমন্ত বিশ্ব শৰ্মাই বেগম বজাৰৰ গণেশ বিসৰ্জন শোভাযাত্ৰা ৰেলীৰ ৰাজহুৱা মঞ্চত ভাষণ দি থকাৰ সময়তে মঞ্চত এজন ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিবলৈ চেষ্টা কৰা কাৰ্যক লৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ লোকজনে আকস্মিকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখৰ পৰা মাইক্ৰ’ফোনটো কাঢ়ি নিয়াৰ চেষ্টা কৰাত মঞ্চতে হুৱা-দুৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ লগে লগে মঞ্চত থকা আন আন ব্যক্তিসকলে উক্ত লোকজনক বাধা প্ৰদান কৰি আঁতৰাই নিয়ে৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতে থকা অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও মাইক্ৰ’ফোন কাঢ়ি নিব বিচৰা লোকজনক ঠেলি মঞ্চৰ পৰা আঁতৰাই পঠোৱাৰ চেষ্টা কৰা দেখা যায়৷ অৱশ্যে নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰে যদিও লোকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কিবা কথা কোৱাও দেখা গৈছিল৷ তেলেংগানাত এজন অতিথি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা মঞ্চত অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হোৱাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে তেলেংগানা ৰাষ্ট্ৰ সমিতি চমুকৈ টি আৰ এছ দলৰ সদস্য বুলি চিনাক্ত কৰা নন্দ কিশোৰ ব্যাস নামৰ লোকজনে মঞ্চত মাইক কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাঁহি থকাহে দেখা গৈছিল৷ উল্লেখ্য ভাগ্যনগৰ গণেশ উৎসৱ সমিতিয়ে বিসৰ্জন কাৰ্যসূচীলৈ মুখ্য অতিথি হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে ধৰ্মাচাৰ্য উদীপি পেজাৱাৰ স্বামীকো নিমন্ত্ৰণ জনাইছিল৷ বৃহস্পতিবাৰে সন্ধিয়া হায়দৰাবাদত উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পুৱা মহালক্ষ্মী মন্দিৰ দৰ্শন কৰি দুপৰীয়া শ্যাম মন্দিৰত পূজা দিয়াৰ পাছতেই গণেশ বিসৰ্জন ৰেলীত অংশ লৈছিল৷ হায়দৰাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিৰোধী দল টি আৰ এছৰ নেতা কে চন্দ্ৰশেখ¸ৰ ৰাওক ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ মহালক্ষ্মী মন্দিৰ দৰ্শনৰ পাছতেই সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয়–ৰাজনীতি সদায় বংশমুক্ত হ’ব লাগে৷ কোনো চৰকাৰ কেতিয়াও এটা পৰিয়ালৰ বাবে হ’ব নালাগে৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে বিজেপি মুক্ত ৰাজনীতিৰ কথা কয়৷ কিন্তু আমি বংশমুক্ত ৰাজনীতিৰহে কথা কও৷ আজিও হায়দৰাবাদত চন্দ্ৰশেখৰ ৰাওৰ পুত্ৰ-কন্যাৰ ছবি আমি দেখিবলৈ পাওঁ৷ দেশৰ ৰাজনীতি বংশগত ৰাজনীতিৰ পৰা মুক্ত হ’ব লাগে৷ মঞ্চত মাইক কাঢ়ি লোৱা নন্দ কিশোৰ ব্যাস নামৰ লোকজনে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ বাবেই এইদৰে প্ৰতিবাদ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে৷ ইফালে তেলেংগানাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টি আৰ এছ দলৰ সদস্যই মাইক্ৰ’ফোন কাঢ়ি নিবলৈ চেষ্টা কৰা কাৰ্যত গৰিহণা জনাইছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও৷