Logo
image

হাগ্ৰামাৰ হাহাকাৰ, বিপিএফত উলম্ব বিভাজন

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ বিটিআৰৰ এসময়ৰ অপ্ৰতিদ্বন্দ্বী দল বি পি এফ এতিয়া অস্তিত্বহীন হোৱাৰ দিশে ধাবমান হৈছে৷ কংগ্ৰেছ আৰু বিজেপিৰে পৃথকে মিত্ৰতাৰে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আঞ্চলিক দল বি পি এফত শীঘ্ৰেই উলম্ব বিভাজন হ’ব৷ ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত এটা ভাগে যোগদান কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন দল ইউ পি পি এলত৷ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷ ইউপিপি তলত আনুষ্ঠানিকভাৱে যোগদান কৰি বাগ্‌সাৰ অদালবাৰীত এখন ৰাজহুৱা সভাত ব্ৰহ্মই কয়– আগন্তুক ছমাহৰ ভিতৰত হাগ্ৰামা নেতৃত্বাধীন বি পি এফত হ’ব উলম্ব বিভাজন৷ গতিকে বিটিআৰত আৰু হাগ্ৰামাৰ প্ৰতিপত্তি নাথাকে৷ তেওঁ ৰাজনীতি এৰি হিমালয়লৈ গৈ তপস্যা কৰি সিদ্ধি লাভ কৰক৷ উল্লেখ্য, ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত বাগ্‌সাত ৩০২৯ জন বিপিএফ কৰ্মীয়ে ইউ পি পি এলত যোগদান কৰে৷ উল্লেখ্য, তৰুণ গগৈৰ তিনিটা কাৰ্যকালত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰী দল বিপিএফে পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰো অংশীদাৰী দল আছিল বি পি এফ৷