Logo
image

কংগ্ৰেছত অন্তৰ্কন্দল, ধুমুহা আসন্ন

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ এটাৰ পাছত আনটো নিৰ্বাচনত বিপৰ্যস্ত হোৱা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আন এক ধুমুহাৰ ইংগিত দিছে দলৰ এজন কাৰ্যকৰী সভাপতিয়ে৷ দলৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দলৰ একাংশ নেতাৰ কাম-কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সামাজিক মাধ্যমত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰব গগৈ, বিধায়ক ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদক লগত লৈ ত্ৰিবান্দ্ৰম বিমান বন্দৰত উঠা এখন ফটো গুৱাহাটী অভিমুখে আহি থকা সময়ত ফেচবুকত আপলোড কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে৷ ছ’চিয়েল মিডিয়াত তেওঁ কয়– ‘ফটোখন চাই বৰ্তমান কমেণ্ট নকৰোঁ, কিন্তু দলীয় সভাত মুক্ত হস্তে ক’ম, হাজাৰ হাজাৰ নিঃস্বাৰ্থ কৰ্মীৰ স্বাৰ্থত৷’ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদৰ সৈতে একেলগে উঠা ফটো আপলোড কৰা বাবে প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতিজনে তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰা বুলি চৰ্চিত হৈছে৷ উল্লেখ্য, প্ৰাক্তন কংগ্ৰেছী দুলু আহমেদেও ফটোখনত উক্ত দুই ব্যক্তি থকা সন্দৰ্ভত কটাক্ষ কৰিছে৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে কিহৰ বাবে এনেদৰে অসন্তুষ্টি প্ৰকাশ কৰিছে সেই সন্দৰ্ভত এতিয়াই মুখ খুলিব খোজা নাই৷ বাৰম্বাৰ তেওঁৰ এই সন্দৰ্ভত সোধাত মাথোঁ কয়– ‘মই যি ক’ম দলৰ মজিয়াত চিঞৰি চিঞৰি ক’ম৷ আপোনালোক সকলোৱে শুনিব মোৰ বক্তব্য৷’ প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতিজনে কংগ্ৰেছত হোৱা অন্তৰ্কন্দল সন্দৰ্ভত এতিয়াই কোনো কথা ক’ব খোজা নাই যদিও ভিতৰি ভিতৰি যে কংগ্ৰেছত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি আছে, ধুমুহা আসন্ন সেয়া সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট৷