Logo
image

জে’ললৈ গ’ল ইফটিছুন

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে ধৃত ছলনাময়ী বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ জিম্মাৰ তিনি দিনৰ ম্যাদ উকলি যোৱাত শুকুৰবাৰে গীতানগৰ আৰক্ষীয়ে ধৃত ছলনাময়ী বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি প্ৰবঞ্চক বেংক বিষয়া গৰাকীক ন্যায়িক জিম্মা লৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ জেৰাৰ সময়ত বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীয়ে তদন্তকাৰী বিষয়াক সহযোগ কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ বিভিন্ন সময়ত বিভিন্ন ভাষ্য প্ৰদান কৰি আৰক্ষীক বিভ্ৰানি কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে আৰক্ষীয়ে বেংক বিষয়া গৰাকীৰ ভাষ্য বিশ্বাসত নলৈ কাৰিকৰী দিশত তদন্ত কৰি বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীৰ বিৰুদ্ধে যথেষ্ট সাক্ষ্য প্ৰমাণ লাভ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ বেংকৰ গ্ৰাহকৰ ধন হৰলুকি কৰা ঘটনাত বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীৰ প্ৰেমিক নবীন বৰদলৈ জড়িত থকা বুলি আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত সন্দেহ কৰিছিল৷ এই সন্দৰ্ভত ধৃত ছলনাময়ী বেংকৰ উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীৰ প্ৰেমিক নবীন বৰদলৈক বৃস্পতিবাৰে গীতানগৰ আৰক্ষীয়ে মাৰাথন জেৰা কৰে৷ গীতানগৰ থানা লৈ মাতি আনি কেইবা ঘণ্টা জেৰা কৰা প্ৰেমিকজনে ইফটিছুন হক চৌধুৰীয়ে বেংকৰ গ্ৰাহকৰ ধন লুট কৰা বিষয়ে অঞ্জতা প্ৰকাশ কৰে৷ আৰক্ষীয়েও প্ৰেমিক নবীনৰ বিৰুদ্ধে কোনো ধৰণৰ সাক্ষ্য প্ৰমাণ লাভ নকৰাত প্ৰেমিক জনক ঘৰলৈ যাবলৈ দিয়ে৷ ইপিনে, ধৃত উপ প্ৰবন্ধক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কাৰিকৰী দিশত তদন্ত কৰি এটাৰ পাছত আনটো প্ৰৱঞ্চনাৰ তথ্য উন্মোচন কৰিবলৈ সক্ষম হৈছে৷ ছলনাময়ী সুন্দৰী উপ প্ৰবন্ধক ইফটিছুনে জু-ৰোডৰ বাসিন্দা জ্যোতি কৃষ্ণাদাসৰ একাউণ্টৰ পৰা সৰ্বমুঠ ১.৭৫ লাখ টকা হৰলুকি কৰাৰ তথ্য লাভ কৰিছে৷ ইয়াৰে উপ-প্ৰবন্ধক ইফটিছুনে ৬৫০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিছে আৰু ১.৬৮ লাখ টকা এ টি এমৰ বুথৰ পৰা ওলোৱা বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে হাতীগাঁৱৰ ভেটাপাৰাৰ এক্সিছ বেংকৰ উপ-প্ৰৱঞ্চক ইফটিছুন হক চৌধুৰীয়ে ডেলিভাৰী নিদিয়া গ্ৰাহকৰ এটিএম কাৰ্ডসমূহ নিজে সলনি কৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ বহু বেংক গ্ৰাহকৰ এটিএম, পাছবুক আৰু চেকবুক ব্যৱহাৰ কৰি উপ-প্ৰবন্ধক ইফটিচুন হক চৌধুৰীয়ে গ্ৰাহকৰ ধন হৰলুকি কৰাৰ তথ্য লাভ কৰিছে গীতানগৰ আৰক্ষীয়ে৷ ইতিমধ্যে বেংক বিষয়া ইফটিচুন হক চৌধুৰীক শীৰ্ষ আৰক্ষী বিষয়াই পৃথকে পৃথকে জেৰা চলাই আছিল৷ জেৰাৰ কালছোৱাত ধৃত বেংক বিষয়াগৰাকীয়ে ধন হৰলুকি ঘটনাত কোনো বেংক বিষয়া-কৰ্মচাৰীৰ নাম লোৱা নাই৷ সুন্দৰী বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম কাৰ্ড জালিয়াতিৰে ধন উলিয়াই নিজে খৰচ কৰিছিল বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ গুৱাহাটীৰ জু-ৰোডৰ বাসিন্দা জ্যোতি কৃষ্ণা দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি মহিলা গ্ৰাহকগৰাকীৰ এটিএম ব্যৱহাৰ কৰি যোৰাবাটৰ এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল ক্ৰয় কৰাৰ লগতে এখন সুৰাৰ বিপনীৰ পৰা এটিএম কাৰ্ড ব্যৱহাৰ কৰি সুৰা ক্ৰয় কৰাৰ তথ্য লাভ কৰে তদন্তকাৰী আৰক্ষীৰ দলটোৱে৷ যোৰাবাটৰ পেট্ৰ’ল পাম্প আৰু সুৰাৰ বিপণীৰ পৰা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে৷ দুয়োটা ফুটেজত এগৰাকী যুৱতী মূৰত বগা টুপী আৰু নীলা স্প’ৰ্টিং পিন্ধি সামগ্ৰী ক্ৰয় কৰাৰ চিত্ৰৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰথামিক তদন্তত এই ঘটনাত বেংক বিষয়া জড়িত থাকিব পাৰে বুলি সন্দেহ কৰি গীতানগৰৰ আৰক্ষীয়ে জু-ৰোডৰ এইচ ডি এফ চি বেংকত তদন্ত চলায়৷ বেংকৰ কৰ্মচাৰীয়ে চিচি টিভি কেমেৰাৰ ফুটেজ চাই যুৱতীগৰাকী ইফটিছুন হক চৌধুৰী বুলি চিনাক্ত কৰে আৰু বৰ্তমান যুৱতীগৰাকীয়ে ভেটাপাৰাৰ এক্সিছ বেংকত উপ-প্ৰবন্ধক হিচাপে কাম কৰি থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিখুতভাৱে তদন্ত কৰি এই সমস্ত ধন লুটৰ ঘটনাত ইফটিচুন হক চৌধুৰী জড়িত থকা বুলি তদন্তকাৰী বিষয়াজনে নিশ্চিত তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পাছতেই গীতানগৰ আৰক্ষীয়ে সোমবাৰে ভেটাপাৰাৰ এক্সিছ বেংকৰ পৰা উপ-প্ৰবন্ধক ইফটিছুন হক চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল৷