Logo
image

৪১ হাজাৰ টকীয়া টি-ছাৰ্ট ৰাহুলৰ, মোদীৰ ১০ লাখৰ ছ্যুটৰ প্ৰসংগ কংগ্ৰেছৰ

‘ভাৰত জোড়ো’ৰ মাজতে বিতৰ্ক

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ দেশজোৰা ‘ভাৰত জোড়ো কাৰ্যসূচীৰ মাজতে ৰাহুল গান্ধীৰ ৪১ হাজাৰ টকীয়া টি চাৰ্ট আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দহ লাখ টকীয়া ছ্যুটক লৈ  হৈছে তীব্ৰ বিতৰ্ক৷ ৰাহুল গান্ধীয়ে ৪১ হাজাৰ টকীয়া টিচাৰ্ট পিন্ধি ভাৰত জোড়ো কাৰ্যসূচীত ভাগ লোৱাক লৈ সমালোচনা কৰিছে বিজেপিয়ে৷ টুইটত ফটো হেন্দেল কৰি ৰাহুল গান্ধীক কটু সমালোচনা কৰিছে বিজেপিয়ে৷ ইয়াৰ পাছতেই কংগ্ৰেছেও উভতি ধৰিছে বিজেপিক৷ প্ৰধানমন্ত্ৰী মোদীয়ে দহ লাখ টকীয়া ছ্যুট পিন্ধা সন্দৰ্ভত সমালোচনা কৰি কংগ্ৰেছে কয়– কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী লোৱা বাবে ভয় খাইছে বিজেপিয়ে৷ উল্লেখ্য, ২০১৫  চনত বাৰাক ওবামা ভাৰতলৈ অহাৰ সময়তে মোদীয়ে পৰিধান কৰিছিল দহ লাখ টকীয়া ছ্যুটটো৷ সেই সময়তে দহ লাখ টকীয়া ছ্যুটটোক লৈ সমালোচিত হৈছিল প্ৰধানমন্ত্ৰী মোদী৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৪১ হাজাৰ টকীয়া টি চাৰ্টটোক লৈ বিজেপিয়ে সমালোচনা কৰাৰ সময়ত মোদীৰ ডেৰ লাখ টকীয়া চশমা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৮০ হাজাৰ টকীয়া মাফলা পৰিধান কৰাৰ প্ৰসংগও উত্থাপিত হৈছে৷ এনে সময়তে অসমৰ বিজেপি বিধায়কে ২৩ লাখ টকীয়া ঘড়ী পিন্ধা প্ৰসংগও ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত হৈছে৷

মুখ্যমন্ত্ৰী হিমন্তৰ বক্তব্যক নাকচ পাকিস্তানৰ

অখণ্ড ভাৰত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানকো সাঙুৰি দিয়া মন্তব্যক অগ্ৰাহ্য কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানে৷ পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য নাকচ কৰি কয়– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে বক্তব্য হিন্দুত্ববাদী ৰাজনীতিৰ জৰিয়তে৷ মেৰু বিভাজন কৰাৰ ইচ্ছুৰ বাহিৰে আন একো নহয়৷ ইয়াৰ জৰিয়তে চুবুৰীয়া দেশসমূহৰ লগতে নিজৰ ধৰ্মীয় সংখ্যালঘুসকলৰ পৰিচয় আৰু সংস্কৃতি বশ কৰিব বিচাৰে৷ পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে বিবৃতিটোত এই বুলিও কয় যে বিজেপিৰ নেতাসকলে জম্মু-কাশ্মীৰত সংঘটিত হৈ থকা মানৱ অধিকাৰ উলংঘাৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰ কৰিবলৈ কেতবোৰ আপত্তিজনক আৰু মনে সজা কথাৰে চুবুৰীয়া ৰাষ্ট্ৰক উদ্দেশ্যি আঙুলিয়াব বিচাৰে৷ অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্য বিজেপিৰ ইতিহাস আৰু বিভ্ৰম চিন্তাধাৰা প্ৰতিফলন বুলিও কয় পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে৷ উল্লেখ্য, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো’ কাৰ্যসূচী লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল– ভাৰত জোৰা লাগিয়েই আছে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈ আমি এক ভাৰত হৈ আছোঁ৷ কংগ্ৰেছে দেশক ভাৰত-পাকিস্তান ভাগ ভাগ কৰিছে৷ পাছত বাংলাদেশ সৃষ্টি হৈছে৷ যদি ৰাহুল গান্ধীয়ে ইচ্ছা কৰে যে তেওঁৰ ককাকে [জৱাহৰলাল নেহৰু] ভুল কৰি পেলাইছিল তাৰ বাবে তেওঁ দুখ পাই আছে, তেনেহ’লে তেওঁ ভাৰতৰ মাটিত ভাৰত জোড়ো আন্দোলন কৰাৰ কোনো অৰ্থ নাই৷ পাকিস্তান-বাংলাদেশকো একেলগ কৰি অখণ্ড ভাৰত গঠন কৰাত মনোনিৱেশ কৰক৷ স্মৰ্তব্য, অখণ্ড ভাৰতৰ ধাৰণা আৰু আৰ এছ এছৰ৷ আদৰ্শগতভাৱে আৰ এছ এছৰ মতে চলে বিজেপি৷ এই ধাৰণা মতে অখণ্ডভাৱে ভাৰতৰ অৰ্থ হ’ল পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, ভূটান, আফগানিস্তান, তিব্বত আৰু ম্যানমাৰক সামৰি এক ৰাষ্ট্ৰ– ভাৰত৷