Logo
image

ইণ্টাৰনেট বন্ধ কিয়? কেন্দ্ৰলৈ জাননী উচ্ছতম ন্যায়ালয়ৰ

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ অসম আৰু ৰাজস্থানত অলপতে সামগ্ৰিকভাৱে ৰাজ্যজুৰি চৰকাৰে কি প্ৰয়োজনত আৰু কি নিয়মৰ আধাৰত ইণ্টাৰনেট সেৱা দুদিনকৈ দীৰ্ঘসময় ধৰি বন্ধ কৰি ৰাখিছিল তাৰ উত্তৰ দিবলৈ জাননী প্ৰেৰণ কৰিছে৷ উল্লেখ্য অসমত অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ সময়ত অসম চৰকাৰে সামগ্ৰিকভাৱে পৰীক্ষা কেন্দ্ৰৰ সমীপৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছিল৷ কিন্তু ৰাজ্যবাসীৰ অভিযোগ কেৱল পৰীক্ষা কেন্দ্ৰৰ সমীপতেই নহয় ইণ্টাৰনেট সেৱা বন্ধ আছিল সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যত৷ কি বিধি অনুসৰি অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল তাক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ছফট্‌ৱেৰ ফ্ৰিডম ল’ চেণ্টাৰ নামৰ এটা সংগঠন৷ পৰীক্ষাত যাতে কোনো পৰীক্ষাৰ্থীয়ে ইণ্টাৰনেটৰ জৰিয়তে অবাঞ্চিত সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই পদক্ষেপ ল’লেও সেয়া আইনগতভাৱে সমৰ্থনযোগ্য নহয় বুলি সংগঠনটোৱে উচ্ছতম ন্যায়ালয়ত আবেদন জনাই অসম আৰু ৰাজস্থান চৰকাৰক প্ৰত্যাহ্বান জনাইছিল৷ উচ্ছতম ন্যায়ালয়ে এই আবেদনৰ শুনানী গ্ৰহণ কৰি কি প্ৰট’কল অনুসৰি চৰকাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ৰবীন্দ্ৰ ভাট আৰু পি চি নৰসিংহৰ দ্বাৰা গঠিত বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ কি বিধি আছে সেয়া জানিবলৈ বিচাৰিছে৷ সেই উত্তৰ বিচাৰিয়েই উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে৷