Logo
image

অৰ্ণৱ গোস্বামীক আকৌ গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে!

আমাৰ অসম, ১৭ ডিচেম্বৰঃ দেশৰ জনপ্ৰিয় টিভি চেনেল ৰিপাব্লিক টিভি আৰু ইয়াৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ অৰ্ণৱ গোস্বামীক নিঃশেষ কৰিবলৈ মুম্বাই আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে এজন  ব্যৱসায়ীক আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ গোচৰত মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক জামিন মঞ্জুৰ কৰাত অৰ্ণৱে জে’লৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল৷ কিন্তু এতিয়া টি আৰ পি কেলেংকাৰী গোচৰত পুনৰ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বাবে দিল্লীলৈ ৰাওনা হৈছে মুম্বাই আৰক্ষীৰ দল৷ ইতিমধ্যে এই গোচৰত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খানচন্দানিক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ এতিয়া এই গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বাবে পৰিকল্পনা কৰিছে মুম্বাই আৰক্ষীয়ে৷ ৰিপাব্লিক টিভিৰ হৈ আদালতত যুঁজ দিয়া অধিবক্তা অবদ পণ্ডাই বোম্বে উচ্ছ ন্যায়ালয়ত এই কথা প্ৰকাশ কৰে৷ অধিবক্তাজনে কয় যে মুম্বাই আৰক্ষীৰ এটা দল ইতিমধ্যে দিল্লীত উপস্থিত হৈছেগৈ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ৷ এই সম্পৰ্কীয় বাৰ্তা তেওঁ লাভ কৰা বুলিও অধিবক্তাজনে দবী কৰে৷