Logo
image

সম্বিত পাত্ৰ উত্তৰ-পূব বিজেপিৰ প্ৰভাৰী

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড॰ সম্বিত পাত্ৰক বিজেপি দলৰ অসমকে ধৰি উত্তৰ-পূবৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে৷ বিজেপি ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ স্বাক্ষৰিত এখন জাননীৰ জৰিয়তে ড॰ সম্বিত পাত্ৰক প্ৰভাৰী আৰু ঋতুৰাজ সিনহাক উত্তৰ-পূব বিজেপিৰ উপ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হয়৷ শাসকীয় দলটোৱে কেইবাখনো ৰাজ্যত নতুনকৈ প্ৰভাৰী নিযুক্তি দিছে৷ নতুনকৈ মুঠ ১৫ জন প্ৰভাৰী আৰু ১১ জন উপ-প্ৰহাৰীক দায়িত্ব অৰ্পণ কৰিছে৷ মূলত ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি দলৰ সাংগঠনিক তৎপৰতা বৃদ্ধিৰ লক্ষ্যৰে নতুনকৈ প্ৰভাৰী নিযুক্তি দিয়া হৈছে৷ ইয়াৰ পূৰ্বে বৈজয়ন্ত পাণ্ডা বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰীৰ দায়িত্বত আছিল৷ সম্বিত পাত্ৰ আৰু ঋতুৰাজ সিনহাই উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ বিজেপিৰ সাংগঠনিক দায়িত্ব পালন কৰিব৷