Logo
image

আদাক দেখি উঠিল গা... ৰূপজ্যোতিয়ে বোলে মোকো চা

স্কুলত ছাডেন ভিজিট, শিক্ষয়িত্ৰীক ককৰ্থনা

‘শিক্ষয়িত্ৰী স্কুললৈ আহে ষ্টাইল মাৰি, দৰমহা এনেয়ে লৈ আছে’

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ অসমীয়া এষাৰ প্ৰবচন আছে– আদাক দেখি উঠিল গা, কেটুৰীয়ে বোলে মোকে খা৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভিন্ন বিভাগত ছাডেন ভিজিট কৰি বিষয়া-কৰ্মচাৰীক কেমেৰাৰ সন্মুখত কটু মন্তব্য কৰাটো সকলোৰে দৃষ্টি গোচৰ হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাক দেখি স্কুলত ছাডেন ভিজিট দি কেমেৰাৰ সন্মুখতে শিক্ষয়িত্ৰীক ককৰ্থনা কৰি চৰ্চা লাভৰ ব্যৰ্থ চেষ্টা কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে৷ ইতিমধ্যে লাগ-বান্ধহীন কথাৰে সততে চৰ্চিত হৈ অহা ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী বিদ্যালয়ত উপস্থিত হৈ শিক্ষয়িত্ৰীক উদ্দেশ্যি অশোভনীয় বক্তব্য কৰাকলৈ ব্যাপক চৰ্চা হৈছে৷ মৰিয়নিৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰীখণ্ডৰ বিদ্যালয়ত উপস্থিত হৈ ধুনীয়াকৈ সাজ-পোছাক পিন্ধি অহা শিক্ষয়িত্ৰীক উদ্দেশ্যি অশোভনীয় মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে৷ শুকুৰবাৰে পুৱাৰ ভাগত মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনক কাষত বহুৱাই শিক্ষক-শিক্ষয়িত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু গুণোৎসৱৰ হতাশজনক ফলাফলৰ বাবে জবাবদিহি কৰি শিক্ষয়িত্ৰীসকলক ধুনীয়াকৈ অহাৰ বাবে তাচ্ছিল্য কৰে বিধায়কজনে৷ নকছাৰি উচ্ছতৰ মাধ্যমিক আৰু চেলেংহাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ উদাহৰণ দাঙি ধৰি কয়– একে দৰমহা একে বিদ্যালয়, তেওঁলোকে ভাল ফলাফল দেখুৱাইছে আপোনালোকে কিয় পৰা নাই? এনেকৈ হ’লে বিদ্যালয়ত তলা ওলমিব৷ ধুনীয়াকৈ সাজ-পোছাক পিন্ধি বিদ্যালয়লৈ আহিলে নহ’ব, ছাত্ৰ-ছাত্ৰীক ভালদৰে পঢ়ুৱাব লাগিব বুলিও ধমক দিয়ে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ বিদ্যালয়খনত হঠাতে বিধায়কজন উপস্থিত হৈ কনফাৰেঞ্চ হলত বিদ্যালয়ৰ অধ্যক্ষক কাষত বহুৱাই শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মুখত লৈ বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত তথা উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ লগতে গুণোৎসৱত কিয় হতাশাজনক ফলাফল দেখুৱাইছে তাৰ উত্তৰ বিচাৰে৷ বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনক জবাবদিহি কৰি সন্তোষজনক উত্তৰ নোপোৱাত গৰজি উঠে বিধায়কজন৷ বিদ্যালয়খনে এনে ফলাফল দেখুৱাই থাকিলে তলা ওলমিব বুলিও কয় বিধায়কজনে৷ বিদ্যালয়খনৰ অৱস্থাৰ বিষয়ে শিক্ষামন্ত্ৰীক পত্ৰ লিখি অৱগত কৰাৰ লগতে বিধানসভাতো বিষয়টো উত্থাপন কৰিব বুলি প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে৷ ইয়াৰ পাছত বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয়– শিক্ষয়িত্ৰীসকল স্কুললৈ ষ্টাইল মাৰি আহে, দৰমহা এনেয়ে লৈ আছে, শিকোৱাত তেওঁলোকৰ মনোযোগ নাই৷ উল্লেখ্য যে বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হাৰ আছিল ৪০ শতাংশ৷ উচ্ছতৰ মাধ্যমিকৰ বাণিজ্যিক শাখাৰ দুজন পৰীক্ষাৰ্থীৰ এজনহে উত্তীৰ্ণ হয়৷ আনহাতে গুণোৎসৱৰ ফলাফলত বিদ্যালয়খনে ‘ডি’ গ্ৰেডহে লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াকে লৈ বিদ্যালয়খনৰ শিক্ষকসকলৰ ওপৰত নাৰাজ হৈ পৰে বিধায়কজন৷