Logo
image

অভিযোগ দিবলৈ গৈ গ্ৰেপ্তাৰেই হ’ল ভিক্টৰ

২৬ হাজাৰ নিযুক্তিত ধনৰ লেনদেন!

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ নিযুক্তিৰ নামত কেলেংকাৰি-অনিয়মৰ তথ্য প্ৰমাণ লৈ আৰক্ষীক অভিযোগ দি নিজেই বিপদত পৰিল অভিযোগকাৰী ভিক্টৰ দাস৷ চাকৰিৰ নামত একোটা পদৰ বিপৰীতে প্ৰাৰ্থীৰ পৰা প্ৰাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই ৩-৮ লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ নামত ক’চিং চেণ্টাৰৰ প্ৰশিক্ষকজনক শুকুৰবাৰে পাণবজাৰ থানাৰ আৰক্ষীয়ে দীৰ্ঘ জেৰাৰ অন্তত নিশালৈ গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ দাবী ক’চিং চেণ্টাৰৰ প্ৰশিক্ষক ভিক্টৰে ‘পাব্লিচিটী ষ্টাণ্ট’ৰ নামত মিছা অভিযোগ দি আৰক্ষীক বিপথে পৰিচলিত কৰাৰ লগতে স্বচ্ছতাৰে সম্পন্ন হোৱা এটা পৰীক্ষাক লৈ লাখ লাখ প্ৰাৰ্থীৰ মাজত উৎকণ্ঠাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ উল্লেখ্য, ‘স্ক’ৰডেমী’ নামৰ অনলাইন ক’চিং চেণ্টাৰটোৰ শিক্ষক গুৱাহাটীৰ ভিক্টৰ দাসে এদিন পূৰ্বে এটা টুইটত তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পদৰ নিযুক্তিৰ নামত এটা চক্ৰই ধন সংগ্ৰহ কৰা বুলি অভিযোগ কৰিছিল৷ উক্ত চক্ৰটোত প্ৰাক্তন বিধায়ক জড়িত থকা বুলিও দাবী কৰি প্ৰতিটো পদৰ বিপৰীতে চক্ৰটোৱে ৩-৮ লাখ টকাকৈ সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল৷ আনকি সামাজিক মাধ্যমতে ভিক্টৰ দাসে ‘জ্ঞান টেক ৪ ইউ’ নামৰ এটা শৈক্ষিক ইউটিউব চেনেলৰ বিশেষ ভিডিঅ’ আপলোড কৰি চেনেলটোৱে পৰীক্ষাৰ ১০০ শতাংশ প্ৰশ্ন-উত্তৰ কেনেকৈ লাভ কৰিলে বুলিও সন্দেহ প্ৰকাশ কৰিছিল৷ পৰীক্ষাৰ প্ৰশ্ন কাকত কোনো প্ৰাৰ্থীকে লগত আনিবলৈ দিয়া হোৱা নাছিল যদিও ইউটিউব চেনেলটোৱে হুবহু প্ৰশ্ন-উত্তৰ লাভ কৰাক লৈ প্ৰশ্ন কৰি আৰক্ষীক তদন্তৰ আহ্বান জনাইছিল৷ ভিক্টৰ দাসৰ উক্ত টুইট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত অসম আৰক্ষীয়ে অভিযোগটোৰ গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে৷ বৃহস্পতিবাৰে ভিক্টৰ দাসে অভিযোগৰ সন্দৰ্ভত গুৱাহটীৰ পানবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত ধন দাবী কৰি পৰীক্ষাৰ্থীলৈ অহা ফোন কলসমূহৰ নম্বৰ আৰক্ষীক দাখিল কৰা বুলিও জানিবলৈ দিছিল৷ অৱশ্যে শুকুৰবাৰে ওলোটাই ভিক্টৰ দাসকহে সোধা-পোচা কৰে আৰক্ষীয়ে৷ শুকুৰবাৰে পুৱাই দুবছৰীয়া সন্তানক লগত লৈ ভিক্টৰ দাস পানবজাৰ থানাত উপস্থিত হোৱাৰ পাছতেই আৰক্ষীয়ে অভিযোগকাৰী ভিক্টৰৰ মোবাইল ফোন আৰু বাইকখন জব্দ কৰি গোপন স্থানত বহু সময় ধৰি জেৰা কৰে৷ এই জেৰাত ভিক্টৰে অভিযোগৰ সন্দৰ্ভত কোনো সুদুত্তৰ দিব নোৱাৰাত অৱশেষত নিশা ভাগলৈ অভিযোগকাৰীজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ এই সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে প্ৰকাশ কৰে যে– ভিক্টৰে দিয়া অভিযোগসমূহ পৰীক্ষা কৰা হয় যদিও কোনো তথ্য প্ৰমাণ লাভ কৰা নগ’ল৷ যাৰ পৰিপ্ৰেক্ষিততেই মিছা অভিযোগ দি আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু লাখ লাখ পৰীক্ষাৰ্থীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অপৰাধত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ অৱশ্যে, ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলেও সামাজিক মাধ্যমত পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত আন এটা প’ষ্ট ভাইৰেল হৈ পৰিছে৷ ফেচবুকত জ্যোতি ডেকা নামৰ এজন যুৱকে চতুৰ্থবৰ্গৰ পদৰ পৰীক্ষাত এটা পৰীক্ষাকেন্দ্ৰত এজন প্ৰাৰ্থীয়ে উকা অ’ এম আৰ শ্বীট জমা দিয়াৰ অভিযোগ কৰিছে৷ এই সন্দৰ্ভত জ্যোতি ডেকাই উক্ত প্ৰাৰ্থীজনক প্ৰশ্ন কৰাত তেওঁৰ এজন ছাৰে তেনেদৰে উকা অ’ এম আৰ শ্বীট জমা দিবলৈ উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে জ্যোতি ডেকাৰ এই প’ষ্টটোক তদন্তৰ আউটিলৈ আনিব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷