Logo
image

চোৰাং কেংগাৰু, চিম্পাঞ্জী ধৰি ৰঙিয়া থানাই পুৰস্কাৰ পালে ২ লাখ

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ সততাৰে কাম কৰাৰ পুৰস্কাৰ লাভ কৰিলে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰমল্ল পাটোৱাৰীয়ে৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা নিজৰ দায়িত্ব আৰু কৰ্তব্যনিষ্ঠাৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙৰ পৰা সমীহ আদায় কৰাৰ লগতে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি সন্ধিয়া কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদ মেল সম্বোধন কৰি আৰক্ষী অধীক্ষকজনে এই কথা সদৰি কৰে৷ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে লগতে কয় যে, বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কামৰূপ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ইতিমধ্যে বাঘৰ ছাল, বাঘৰ নখ, কেটেলা পহু, হাতী দাঁত, কেকোসাঁপ, বনৰৌ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষী অধীক্ষকজনে লগতে কয় যে কোনো লোকে বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত থকাৰ সম্ভেদ পালে লগে লগে কামৰূপ জিলা জনসাধাৰণক আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়৷ কামৰূপ আৰক্ষীৰ এই অভাবনীয় সাফল্যৰ বাবে কামৰূপ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তয়ো এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা বুলিও আৰক্ষী অধীক্ষকজনে সদৰি কৰে৷ সংবাদ মেলতে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী আৰু তেওঁৰ দলক আগবঢ়োৱা দুই লাখ টকা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ বন্যপ্ৰাণীৰ চোৰাং বেহাৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰক্ষী বিষয়াজনে৷ বৃহস্পতিবাৰে গোপন সূত্ৰৰ পমখেদি আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে উদ্ধাৰ কৰিছিল দুটা কেংগেৰু, দুটা চিম্পাঞ্জী, ঊনৈশটা বিভিন্ন প্ৰজাতিৰ বান্দৰ, পোন্ধৰটা সৰু-বৰ কাছকে ধৰি অনেক দুষ্পাপ্য বন্যপ্ৰাণী৷ লগতে এই বন্যপ্ৰাণীৰ সৰবৰাহৰ লগত জড়িত অশোক আৰু ৰঘু নামৰ দুজন লোকৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা দুখন বিলাসী বাহন৷ সংবাদ মেলত কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, কামৰূপ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ লগতে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী উপস্থিত আছিল৷