Logo
image

দুবছৰৰ পাছত আজি ‘কা’ শুনানি

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ সুদীৰ্ঘ দুবছৰৰ অন্তত সোমবাৰে সৰ্বোচ্ছ ন্যায়ালয়ত শুনানি চলিব নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰোধিতাৰে ৰুজু হোৱা গোচৰৰ৷ ২০২০ চনৰ মাৰ্চতে ‘কা’ সম্পৰ্কীয় গোচৰৰ শুনানি হৈছিল যদিও ক’ভিডজনিত পৰিস্থিতিৰ বাবে বিগত দুবছৰে কোনো শুনানিৰ দিন ধাৰ্য কৰা নাছিল উচ্ছতম ন্যায়ালয়ে৷ স্বাভাৱিকতেই নাগৰিকত্ব সংশোধনী আইন বিৰোধী গোচৰটোক লৈ এতিয়া অসমৰ বিভিন্ন শ্ৰেণীৰ লোকসকল উকণ্ঠিত হৈ পৰিছে৷ জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰোধিতাৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ দল সংগঠন তথা ব্যক্তি বিশেষে ২২০ খনৰো অধিক আবেদন দাখিল কৰিছে সৰ্বোচ্ছ ন্যায়ালয়ত৷ উক্ত আবেদনসমূহৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ সোমবাৰে যৌথ শুনানি গ্ৰহণ কৰিব উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ খণ্ড বিচাৰপীঠে৷ অৱশ্যে ‘কা’ৰ সন্দৰ্ভত দুই শতাধিক আবেদন দাখিল হ’লেও অসম আৰু ত্ৰিপুৰাৰ গোচৰ সমূহ পৃথকভাৱে শুনানি চলিব বুলি ইতিপূৰ্বে উচ্ছতম ন্যায়ালয়ে প্ৰকাশ কৰিছিল৷ উল্লেখ্য, নাগৰিকত্ব [সংশোধনী] আইন চমুকৈ ‘কা’ৰ জাননী জাৰি কৰা হৈছিল ২০১৯ চনৰ ১২ ডিচেম্বৰত৷ আনহাতে ২০২০ চনৰ জানুৱাৰীত এই আইন বলৱৎ কৰা হৈছিল৷ ‘কা’ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী তথা খ্ৰীষ্টান ধৰ্মাৱলম্বী নাগৰিক সকলক ভাৰতত নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰা হৈছিল৷ কিন্তু ‘কা’ৰ বিৰুদ্ধে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ হৈছিল৷ বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল৷ অসমতো সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি সকলো খিলঞ্জীয়া ছাত্ৰ তথা অন্যান্য সামাজিক দল-সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দল তথা সংগঠনে এই আন্দোলনত নামি পৰিছিল৷ ‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে অসম আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৰাজ্যৰ পাঁচ জনকৈ তেজাল যুৱকে৷ আনহাতে, দিল্লীতো ‘কা’ বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ ২০২০ চনৰ জানুৱাৰী মাহত উচ্ছতম ন্যায়ালয়ে ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত জাননী জাৰি কৰিছিল৷ আনহাতে, ২০১৯ চনৰ ডিচেম্বৰ মাহত তদানীন্তন মুখ্য ন্যায়াধীশ শাৰদ এ বোবডে, ন্যায়াধীশ বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ গঠিত শীৰ্ষ আদালতৰ বিচাৰপীঠে কেন্দ্ৰক জানুৱাৰী দ্বিতীয় সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দি আদালতে প্ৰথমে চৰকাৰৰ কথা নুশুনাকৈ আইনখন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল৷ ইয়াৰ পাছতেই ন্যায়ালয়ে ২০২০ চনৰ জানুৱাৰীত ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ সময় সীমা বান্ধি দিছিল৷ ২০২০ চনৰ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰি ‘কা’ৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ আইনী, গণতান্ত্ৰিক বা ধৰ্ম নিৰপেক্ষ অধিকাৰণত কোনো প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰি নিজৰ স্থিতিত অটল আছিল৷