Logo
image

আজিৰ পৰা পাঁচদিনীয়া শৰৎকালীন অধিৱেশন

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷ পাঁচ দিনৰ বাবে চলিত এই অধিৱেশন৷ ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে৷ এইবাৰৰ অধিৱেশনত ৪৮ খন পুৰণি আইন বাতিলৰ বিষয়টো উত্থাপন কৰিব ৰাজ্য চৰকাৰে৷ ইয়াৰ সমান্তৰালভাৱে উত্থাপন হ’ব ১৯ খনকৈ নতুন বিধেয়ক৷ অৱশ্যে এই সংখ্যা বৃদ্ধি হ’ব পাৰে৷ চৰকাৰী পক্ষৰ প্ৰস্তুতিৰ বিপৰীতে এইবাৰৰ বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী অৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বিৰোধী শিবিৰ৷ মূলতঃ মাদ্ৰাছা উচ্ছেদ, শিক্ষাৰ মাধ্যম বিতৰ্ক, চৰকাৰী বিদ্যালয় বন্ধ, নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ, ব্যাপক মূল্যবৃদ্ধি, ৰাজহুৱা উদ্যোগ বিক্ৰী আদিৰ দৰে বিষয়সমূহক লৈ বিৰোধী শিবিৰে সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে বিৰোধী পক্ষৰ মাজত এইবাৰ বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা নাযাব কোনো ফ্লৰ সমন্বয়৷ বিৰোধী দলসমূহে ইচ্ছু ভিত্তিত সদনৰ মজিয়াত এটা দলে আনটো দলক সমৰ্থন জনাব পাৰে যদিও নিশা বাতৰি লিখা পৰ্যন্ত বিৰোধী দলসমূহে ফ্লৰ সমন্বয়ৰ ক্ষেত্ৰত ঐক্যমঞ্চত উপনীত হ’ব পৰা নাই৷ যাৰ ফলত কংগ্ৰেছ, এ আই ইউ ডি এফ বা অখিল গগৈ, চি পি আই [এম]ৰ মনোৰঞ্জন তালুকদাৰে চৰকাৰী পক্ষৰ বিৰুদ্ধে নিজস্বভাৱে বিধানসভাৰ মজিয়াত যুঁজ দিব লাগিব৷ বিধানসভাৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা চৌহদত গ্ৰহণ কৰা হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা৷ আনহাতে দেওবাৰে সন্ধিয়া শাসক-বিৰোধী উভয় শিবিৰ ৰাজনৈতিক দলসমূহৰ বিধায়নী দলৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে চূড়ান্ত হয় বিধানসভাত গ্ৰহণ কৰিবলগীয়া ৰণকৌশল৷ উল্লেখ্য যে মূলতঃ মাধ্যম বিষয়টোক লৈ কংগ্ৰেছ দলে এইবাৰ বিধানসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ মূল্যবৃদ্ধিক লৈ দলে সভা স্থগিত প্ৰস্তাব উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে৷