Logo
image

১৮০ কিঃমিঃ! ‘বন্দে ভাৰত’ৰ অভিলেখ

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ এক নজিৰবিহীন অভিলেখ গঢ়িলে বন্দে ভাৰত এক্সপ্ৰেছে৷ ট্ৰায়েল চলাৰ সময়ত এইবাৰ মাত্ৰ ৫২ ছেকেণ্ডত ১০০ কিলোমিটাৰ গতিবেগত চলিবলৈ সক্ষম হ’ল বন্দে ভাৰত এক্সপ্ৰেছ৷ ইয়াৰ দ্বাৰা বুলেট ট্ৰেইনৰ অভিলেখো ভংগ কৰিলে ট্ৰেইনখনে৷ তথ্য অনুসৰি এই গতি লাভ কৰিবলৈ বুলেট ট্ৰেইনক ৫৪.৬ ছেকেণ্ডৰ সময়ৰ প্ৰয়োজন হয়৷ পুৰণি বন্দে ভাৰত এক্সপ্ৰেছৰ গতিবেগ প্ৰতি ঘণ্টাত সৰ্বোচ্ছ ১৮০ কিলোমিটাৰ আছিল৷ ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ৭৫ খন বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰে’ল মন্ত্ৰণালয়ে৷ যোৱা শুকুৰবাৰে আহমেদাবাদ আৰু মুম্বাইৰ মাজত নতুন বন্দে ভাৰত ট্ৰেইনৰ ট্ৰায়েল সম্পন্ন হয়৷ আহমেদাবাদৰ পৰা মুম্বাই চেণ্ট্ৰেল পৰ্যন্ত  ৪৯২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ট্ৰেইনখনৰ ৫ ঘণ্টা ১০ মিনিট সময়ৰ প্ৰয়োজন হয়৷ আনহাতে আহমেদাবাদৰ পৰা মুম্বাই চেণ্ট্ৰেল পৰ্যন্ত পাবলৈ শতাব্দী এক্সপ্ৰেছৰ ৬ ঘণ্টা ২০ মিনিট সময়ৰ প্ৰয়োজন হয়৷ নতুন ট্ৰেইনখন পুৱা ৭.০৬ বজাত আহমেদাবাদৰ পৰা যাত্ৰা কৰি মাত্ৰ ২ ঘণ্টা ৩২ মিনিটত চুৰাটত উপস্থিত হয়৷ অথচ এই পথচোৱা অতিক্ৰম কৰিবলৈ শতাব্দী এক্সপ্ৰেছক সময় লাগে প্ৰায় ৩ ঘণ্টা৷ নতুন ট্ৰেইনখনে মাত্ৰ ১৩০ ছেকেণ্ডত ১৬০ কিলোমিটাৰ গতি বেগত চলিব পাৰিব বুলি ৰে’ল মন্ত্ৰণালয়ে দাবী কৰিছে৷ উল্লেখ্য যে ৰে’ল মন্ত্ৰণালয়ৰ লক্ষ্য হ’ল অক্টোবৰ মাহৰ পৰা বন্দে ভাৰত ট্ৰেইনৰ নিৰ্মাণ নিয়মিতভাৱে আৰম্ভ কৰি প্ৰতি মাহত দুই-তিনিখনকৈ এনে ট্ৰেইন নিৰ্মাণ কৰা৷ আগন্তুক সময়ছোৱাত এই সংখ্যা পাচৰ পৰা আঠখন কৰাৰ কথা কৈছে ৰে’ল মন্ত্ৰণালয়ে৷ সেয়ে এই নতুন ৰে’লখনৰ সকলো পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াক বাণিজ্যিকভাৱে চলোৱাৰ প্ৰস্তুতি চলিছে৷ নতুন ট্ৰেইনখনত একাধিক অত্যাধুনিক ব্যৱস্থা আছে৷ নতুন ট্ৰেইখন যাতে দ্ৰুতগতিত চলিব পাৰে আৰু প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ওজন ৩৮ টন পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ নতুন বন্দে ভাৰত ট্ৰেইনখনত ভেকুৱাম ভিত্তিক বায়ো টয়লেট, স্বয়ংক্ৰিয় স্বাইডিং দুৱাৰ, জিপিএছ ব্যৱস্থা, কেমেৰাসহ চিচিটিভিৰ ব্যৱস্থা আছে৷ এয়াৰ পিউৰিফায়াৰ ব্যৱস্থা সংযোগ কৰাৰ ফলত কৰ’না সহ অন্যান্য বায়ুৰ জৰিয়তে সংক্ৰমিত ৰোগৰ বীজাণুৰ পৰা ই মুক্ত থাকিব৷