Logo
image

৭ মাহ ধৰি বিশ্ব বজাৰত নিম্নমুখী খাৰুৱা তেলৰ দাম

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছিল৷ ইয়াৰ প্ৰভাৱ পৰিছিল ভাৰতৰ বজাৰতো৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ দামো উদ্ধৰ্গামী হোৱাত মধ্যবিত্তসকলে মূৰে-কপালে হাত দিবলগীয়া হয়৷ কিন্তু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে৷ বিগত ৭ মাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম সৰ্বনিম্ন হোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম কমিলেও ভাৰতত এতিয়াও তাৰ প্ৰভাৱ পৰা নাই৷ এতিয়াও ভাৰতৰ ৰাষ্ট্ৰীয়কৃত তৈল প্ৰতিষ্ঠানসমূহে লোকচান ভৰিয়েই আছে৷ উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৯০ ডলাৰলৈ নামি আহিছিল৷ ইয়াৰ পাছত এই দাম ৯২.৮৪ ডলাৰ হয়৷ শেহতীয়াকৈ যোৱা বুধবাৰে  অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৮৮ ডলাৰলৈ নিম্নগামী হৈছিল৷ যিটো যোৱা ৭ মাহৰ ভিতৰত সৰ্বনিম্ন বুলি চিহ্নিত হৈছে৷ কিন্তু ইয়াৰ পাছতো ভাৰতত পেট্ৰ’ল বা ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ জানিব পৰা মতে অতি শীঘ্ৰেই এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ এক আলোচনাত মিলিত হ’ব৷ অহা সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে অপৰিশোধিত তেল আৰু পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ দামক লৈ পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে তেলৰ দাম বিশ্ব বজাৰত এতিয়াও স্থিতিশীল হোৱা নাই বুলি এটা সূত্ৰই দাবী কৰিছে৷ সূত্ৰটোৱে দাবী কৰা মতে তেলৰ চাহিদাৰ তুলনাত উৎপাদন বৃদ্ধি পাইছে বাবেই বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম নিম্নগামী হোৱা বুলি ধাৰণা কৰা হৈছে৷