Logo
image

পূজাত নিযুক্তি পৰীক্ষাৰ ফলাফল

গাড়ীৰ নম্বৰ এটা দিলেই নহ’ব

জেম্‌ছ বণ্ডৰ চিনেমা নহয়! মুখ্যমন্ত্ৰী

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত দুৰ্নীতি অনিয়মৰ অভিযোগ কৰি আৰক্ষীৰ হাততে ওলোটাই গ্ৰেপ্তাৰ হ’ল অভিযোগকাৰী ভিক্টৰ দাস৷ গুৱাহাটী আৰক্ষীয়ে ভিক্টৰ দাসৰ অভিযোগৰ কোনো সত্যতা নাই বুলি দাবী কৰি ধনদাবী তথা ধৰ্মীয় ঘৃণা বিয়পোৱা অপচেষ্টা চলোৱাৰ অভিযোগত জামিন অযোগ্য ধাৰাতহে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি ৭ দিনৰ জিম্মাত লয়৷ আৰক্ষীয়ে সাধাৰণ এজন অভিযোগকাৰীক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰাত ভুক্তভোগী ভিক্টৰৰ সমৰ্থনত এতিয়া থিয় দিছে বিভিন্নজন৷ ক’চিং চেণ্টাৰৰ শিক্ষক ভিক্টৰ দাসক শনিবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত চাকৰি প্ৰাৰ্থী আৰু দালালৰ মাজত ধনৰ লেনদেনত ব্যৱহূত এখন বাইকৰ নম্বৰ ভিক্টৰে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰাৰ পাছতেই দেওবাৰে অম্লানজ্যোতি দত্ত নামৰ এজন প্ৰাৰ্থীয়েও ধন দাবী কৰা চক্ৰটোৰ ফোন নম্বৰ তদন্তকাৰী আৰক্ষীক দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ কিন্তু ইয়াৰ পাছতো তদন্তকাৰী গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে ভিক্টৰৰ অভিযোগৰ কোনো সত্যতা নাই বুলি পূৰ্বৰ স্থিতিতে অটল আছে৷ আনহাতে আৰক্ষীৰ বক্তব্যকে সমৰ্থন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিযুক্তিৰ নামত দুৰ্নীতিৰ হোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে৷ ভিক্টৰ দাস নামৰ শিক্ষকজনে অনা অভিযোগৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনৰ লেনদেন হোৱা বুলি অভিযোগ উঠা তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়সূচীহে প্ৰকাশ কৰিছে৷ ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কৰ নেতৃত্বত দালাল চক্ৰই প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰাৰ পাছত বৰ্তমান সামাজিক মাধ্যমত বিভিন্ন প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি পৰীক্ষা কেন্দ্ৰত দৃষ্টিগোচৰ হোৱা অভিজ্ঞতা ৰাজহুৱা কৰিছে৷ সামাজিক মাধ্যমত কেইবাজনো প্ৰাৰ্থীয়ে পৰীক্ষা হলত একাংশ সন্দেহজনক প্ৰাৰ্থীয়ে উকা অ’ এম আৰ এনছাৰ শ্বীট অৰ্থাৎ খালী উত্তৰ বহী জমা দিয়াৰ চাঞ্চল্যকৰ অভিযোগ কৰিছে৷ আনকি উকা উত্তৰ বহী জমা দিয়া নিৰ্দিষ্ট প্ৰাৰ্থীয়ে কোনো ‘ছাৰ’ৰ নিৰ্দেশত এনে কাম কৰাৰ কথাও অভিযোগকাৰীৰ আগত প্ৰকাশ কৰা বুলিও দাবী কৰিছে৷ স্বাভাৱিকতেই এতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতাত কোনো চক্ৰই উকা অ’ এম আৰ শ্বীটত ছেবাৰ কাৰ্যালয়ত জালিয়াতিত লিপ্ত হৈছে নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো বিগত পৰীক্ষা সমূহত বিশেষ কেইটামান সমষ্টিৰ প্ৰাৰ্থীয়ে অজ্ঞাত কাৰণত বাছনি লাভ কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে৷ সেয়ে চ্ছ হাজাৰ পদৰ বিপৰীতে ৰাজ্যৰ প্ৰায় ৯ লাখ নিবনুৱাৰ ভৱিষ্যত জড়িত হৈ পৰাত প্ৰাৰ্থীসকলৰ মাজত থকা সন্দেহ আঁতৰ কৰি নিকা তথা স্বচ্ছতাৰ ফলাফল প্ৰকাশ কৰাটো চৰকাৰৰ দায়িত্ব আছিল৷ কিন্তু তাকে নকৰি অনিয়মৰ অভিযোগকাৰীক আৰক্ষীয়ে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰি খৰখেদাকৈ ফলাফল প্ৰকাশৰ প্ৰস্তুতি চলোৱাক লৈ ৰাইজৰ মাজত অনিয়মৰ সন্দেহ দুগুণহে বৃদ্ধি পাইছে৷ কিয়নো দেওবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ক্ষেত্ৰত পূজাৰ আগতে এটা পৰীক্ষাৰ ফলাফল আৰু পূজাৰ পাছত আনটো পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা সদৰী কৰিছে৷ দেওবাৰে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কেইটামান সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলে ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি বন্ধ কৰিবলৈ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে৷ তেওঁৰ মতে, পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত হৈছে৷ ফলাফলৰ পাছত পানী পানী আৰু গাখীৰ গাখীৰ হৈ পৰিব৷ একাংশই ৮ লাখ যুৱক-যুৱতীৰ জীৱনৰ সৈতে খেলি নিযুক্তি পৰীক্ষা বন্ধ কৰিব বিচাৰে৷ আনহাতে ভিক্টৰ দাসে শনিবাৰে এখন গাড়ীৰ নম্বৰ উল্লেখ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ ক’লেই হৈ যাব৷ কোনোবাই টুইট কৰি প্ৰাক্তন বিধায়কৰ কথা কৈছে৷ কিন্তু নাম সুধিলে কেনেকৈ ক’ব নোৱাৰে৷ মুখ্যমন্ত্ৰীয়ে এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দি প্ৰথম অৱস্থাৰ পৰা নিযুক্তি পৰীক্ষাক লৈ একাংশই নানা ভিত্তিহীন কথা উলিয়াই থকা বুলি কয়৷ ইফালে, ভিক্টৰ দাসৰ মাতৃয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ পুত্ৰক হত্যাকাৰী অথবা অপৰাধী নহয় বুলি মন্তব্য কৰিছে৷ ভিক্টৰ দাসৰ মাতৃয়ে আৰক্ষীৰ জিম্মাত থকা পুত্ৰক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাতৃয়ে কয় যে তেওঁৰ পুত্ৰ ভিক্টৰ দাস কোনো হত্যাকাৰী বা অপৰাধী নহয়৷ কাৰোবাক সহায় কৰিবলৈ গৈ সি আৰক্ষীৰ জিম্মাত থকাৰ কাৰণে মাতৃ হিচাপে মোৰ সদায় দুখ থাকিব৷ কিন্তু তাৰ সেই কষ্টৰ বিনিময়ত কাৰোবাৰ সহায় হ’লে মোৰ কষ্ট লাঘৱ হ’ব বুলিও মন্তব্য কৰে ভিক্টৰৰ মাতৃয়ে৷ পুত্ৰ ভিক্টৰ দাসে পাব্লিচিটীৰ বাবে এই কাম কৰা নাই৷ সি কোনো পলিটিকেল লিডাৰ নহয় যে এনে কাম কৰিব৷ নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হওক বুলিহে ভিক্টৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলিও ভিক্টৰ দাসৰ মাতৃয়ে কয়৷ ইফালে আৰক্ষীয়ে ভিক্টৰ দাসৰ পৰিয়ালক এতিয়ালৈকে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই বুলিও স্পষ্টভাৱে প্ৰকাশ কৰিছে ভিক্টৰ দাসৰ মাতৃয়ে৷ আনহাতে অভিযোগকাৰী ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ কাৰ্যক আৰক্ষীৰ কৌতুক বুলি অভিহিত কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়– আৰক্ষী-প্ৰশাসন এক কৌতুকত পৰিণত হৈছে৷ ৰাজনৈতিক নেতাৰ মন যোগাবলৈ কাম কৰা আৰক্ষীৰ অৱস্থাটো এনেকুৱাই হয়৷ ভিক্টৰ দাসক ১৫৩[ক] ধাৰাত গ্ৰেপ্তাৰ কৰাৰ বুদ্ধিটো কোনজন আৰক্ষী বিষয়াৰ উৰ্বৰ মস্তিষ্কৰ পৰা ওলাল সেয়া গম নাপালো৷ সকলো কথাৰে এটা সীমা থকাৰ প্ৰয়োজন৷ আৰক্ষীয়ে যদি সীমা অতিক্ৰমী শাসক দলৰ ট্ৰল সেনাৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে তাতোতকৈ ভয়াবহ কথা একো থাকিব নোৱাৰে৷ এজন এজহাৰকাৰীয়ে যেতিয়া এক অভিযোগ আনিব তাৰ প্ৰমাণ গোটোৱাৰ দায়িত্ব আৰক্ষীৰ৷ অভিযোগকাৰীয়ে যদি প্ৰমাণো গোটাই দিব লাগে আৰক্ষীৰ কাম কি থাকিল! প্ৰমাণ নাপালে আৰক্ষীয়ে গোচৰ বন্ধ কৰিব৷ কথা সিমানেই৷ এতিয়া কথাটো হৈছে এনেধৰণৰ– আমাৰ চাৰে নিকাকৈ পৰীক্ষা পতা বুলি কৈছে, তই খেলিমেলি হৈছে বুলি ক’বলৈ কোন? এই গ্ৰেপ্তাৰ যদি এটা নিদৰ্শন ৰূ¸পে থাকি যায় ইয়াতকৈ বিপদজনক কথা একো নাথাকিব৷ চৰকাৰী কাম-কাজত চলা কোনো ধৰণৰ অনিয়মৰ কথা কোৱাটোকেই অপৰাধীকৰণ কৰা হ’ব৷ সেয়েহে এই গ্ৰেপ্তাৰৰ সকলোৱেই বিৰোধিতা কৰাটো প্ৰয়োজনীয়৷ আহক সকলোৱে আৰক্ষীৰ এনে স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মাত মাতো৷ 

গাড়ীৰ নম্বৰ এটা দিলেই নহ’ব, জেমছ বণ্ডৰ চিনেমা নহয়ঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি হোৱা বুলি উঠা অভিযোগৰ সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছকে ধৰি  বিৰোধী দল তথা সংবাদ মাধ্যমে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ তুমুল চৰ্চা কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়– ‘নিযুক্তি কেলেংকাৰি জেমছ বণ্ডৰ চিনেমা নহয়৷ ভিক্টৰ দাসে কোনো ধৰণৰ উপযুক্ত প্ৰমাণ দিব পৰা নাই৷ গাড়ীৰ নম্বৰ এটা দিলেই নহ’ব, কোনোবাই মোৰ গাড়ীৰো নম্বৰ ক’ব পাৰে, আপোনাৰ গাড়ীৰো নম্বৰ ক’ব পাৰে৷ গাড়ীৰ নম্বৰৰ সৈতে প্ৰশ্নকাকত ফাদিলৰ কি সম্পৰ্ক৷ অসমত দালালি কৰা মানুহৰ অভাৱ নাই৷ দালালে পইচা বিচাৰি চাকৰি দিবলৈ চেষ্টা কৰিব পাৰে, সেইবুলি দালালে চাকৰি দিব পৰিব নেকি? কোন প্ৰাক্তন বিধায়ক জড়িত আছে ল’ৰাজনে একো ক’ব পৰা নাই, কোনোধৰণৰ উপযুক্ত প্ৰমাণ তেওঁ দিব পৰা নাই৷ ৰিজাল্টত ওলাব মুকেশ আম্বানিৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰি বিক্ৰী কৰা দুখীয়াৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাইছে৷ ৰিজাল্ট দিলেই পানী পানী আৰু গাখীৰ গাখীৰ হৈ যাব৷’ উল্লেখ্য যে দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰিত সোণাৰি মহাবিদ্যালয়ৰ স্বৰ্ণ জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ নামত হোৱা বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘কোনোবা এজনে টুইট কৰি দিলে যে মোক ইয়াতে যোগাযোগ কৰিছে৷ আৰে ভাই তেনেকৈ পৰীক্ষাৰ ৰিজাল্ট হয় নেকি? পৰীক্ষাৰ প্ৰশ্নকাকত আছে ছেবাত, তেওঁলোকে পৰীক্ষা কৰি ৰিজাল্ট দিব৷ অসমৰ দুটামান সংবাদ মাধ্যমে ইমান উৎপাত কৰিছে যে ৮ লাখ নিবনুৱা ল’ৰা-ছোৱালী এতিয়া পাগল হৈ যাব৷ কেইটামান সংবাদ মাধ্যম আৰু হীনমন্যতাত ভোগা দুটামান বিৰোধী ৰাজনৈতিক দলে গাঁৱৰ দুখীয়া নিবনুৱা ল’ৰা-ছোৱালীবিলাকে চাকৰি পোৱাটো নিবিচাৰে৷ তেওঁলোকে গাঁৱৰ ৮ লাখ দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি লাভ কৰিলে অসমৰ ৮ লাখ দুখীয়া পৰিয়াল আৰ্থিকভাৱে টনকিয়াল হ’ব বুলি ভয় খাইছে৷ অহা ১৫ ছেপ্টেম্বৰত কামাণ্ডো বেটেলিয়নৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ আনহাতে দুৰ্গাপূজাৰ আগে-পাছে তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ ইফালে একেই প্ৰসংগত গুৱাহাটীত সংবাদমেল পাতি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ভিক্টৰ দাসে অনা অভিযোগৰ এটাও প্ৰমাণ দিব পৰা নাই৷ বৰঞ্চ চৰকাৰৰ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়া এটাক তেওঁ কলুষিত কৰিব বিচাৰিছে৷ ভিক্টৰ দাসে গোৱালপাৰাৰ চামিম নামৰ এজন লোকৰ সৈতে দুটা ক’চিং চেণ্টাৰ চলায়৷ ক’চিঙৰ নামত তেওঁ ছাত্ৰ-ছাত্ৰীৰ পৰা টকা লয়৷ কিন্তু  তেওঁ চলোৱা ক’চিং চেণ্টাৰৰ কোনেও চাকৰি নাপায় বুলি জানিব পাৰি ভিক্টৰ দাসে নাটক কৰিছে৷