Logo
image

অসমৰ ৰাজহুৱা পুথিভঁৰালত দ্ৰুতগতিত হ্ৰাস পাইছে পঢ়ুৱৈ

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ অসমৰ ৰাজহুৱা পুথিভঁৰালসমূহত পঢ়ুৱৈৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে৷ ৰাজ্যিক পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনৰ জিলা, মহকুমা আৰু গ্ৰাম্য পুথিভঁৰালসমূহৰ পুতৌলগা অৱস্থাই সচেতন মহলক উদ্বিগ্ন কৰিছে৷ পুথিভঁৰালত পঢ়ুৱৈৰ ক্ৰমহ্ৰাসমান সংখ্যাই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ আশ্চৰ্যজনকভাৱে পুথিভঁৰালৰ চালিকা শক্তিৰূপে গণ্য কৰা বাতৰি কাকত আৰু আলোচনীৰ যোগান প্ৰায়বোৰ ৰাজহুৱা পুথিভঁৰালতে ইতিমধ্যে বন্ধ হৈ পৰিছে৷ ইয়াৰ কাৰণ এয়ে যে বিগত তিনিবছৰে পুথিভঁৰাল সঞ্চালকালয়ৰ তৰফৰ পৰা পুথিভঁৰালসমূহক বাতৰি কাকত-আলোচনীৰ নামত দিবলগীয়া ধন আদায় দিয়া হোৱা নাই৷ ইফালে, ৰাজহুৱা পুথিভঁৰালসমূহত কেইবাবছৰ ধৰি বন্ধ হৈ আছে কিতাপৰ যোগান৷ ২০২১-২২ বৰ্ষত সঞ্চালকালয়ৰ পৰা কিছুসংখ্যক কিতাপৰ যোগান ধৰা হয় যদিও কিতাপৰ ৰেগ আদি যোগান নধৰাৰ বাবে পুথিভঁৰালৰ বিধবস্ত মজিয়াতে দ’মাই থোৱা হৈছে কিতাপ৷ ইফালে, ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্বনৰ পৰা অহা অনুদান ২০১৮-১৯ বৰ্ষৰ পৰাই বন্ধ কৰি ৰাখিছে বিভাগীয় কতৃৰ্পক্ষই৷ পুথিভঁৰালসমূহৰ উন্নয়নমূলক কাম-কাজো দীৰ্ঘদিনে বন্ধ হৈ আছে৷ ফলত আওপুৰণি চকী-মেজ আৰু বুক ৰেগ আদিৰে ভৰি পৰিছে ৰাজ্যৰ চৰকাৰী পুথিভঁৰালসমূহ৷ দুখজনক কথা এয়ে যে অসমৰ অধিকাংশ চৰকাৰী পুথিভঁৰালৰে শ্মশান যাত্ৰাৰ পথ ইতিমধ্যে প্ৰশস্ত হৈছে৷ তৎসত্ত্বেও বিভাগীয় সঞ্চালকৰ এই ক্ষেত্ৰত কোনো উদ্বেগ নাই৷ ইয়াৰ বিপৰীতে বিভাগীয় কৰ্মচাৰীক নিৰ্যাতন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৰাজ্যৰ পুথিভঁৰাল সঞ্চালক দীনমণি দাসে– এই অভিযোগ কৰ্মচাৰীসকলৰ৷ ইতিমধ্যে এই সন্দৰ্ভত পুথিভঁৰাল সঞ্চালকালয়ৰ কৰ্মচাৰীসকলে বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে অভিযোগ-পত্ৰ৷ মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত এইদৰে উল্লেখ কৰা হৈছে– ‘মহোদয়, ২৮ ফেব্ৰুৱাৰীত পূৰ্বৰ সঞ্চালক মহোদয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব, এচিএছ বিষয়া দীনমণি দাসে ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে পহিলা মাৰ্চত৷ তেতিয়াৰে পৰাই তেখেতে প্ৰশাসনৰ নামত পুথিভঁৰাল সঞ্চালকালয়ৰ কৰ্মচাৰীসকলক মানসিকভাৱে নিৰ্যাতন কৰি আহিছে৷ সাধাৰণ কথাতে কৰ্মচাৰীক নিলম্বন কৰা আৰু চাকৰি শেষ কৰি দিয়াৰ ভাবুকি দিয়ে৷ আনকি নিজৰ আসনৰ পৰা উঠি কৰ্মচাৰীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় সঞ্চালক দাস৷ প্ৰতিটো কথাতে পূৰ্বে তেওঁ সাংবাদিক আৰু পুলিচক চৰিওৱা আদি কথা কোৱাৰ লগতে তেওঁক কোনেও একো কৰিব নোৱাৰে বুলি সকলোকে ভাবুকি দিয়ে৷ তলতীয়া কৰ্মচাৰীসকলক তই কেৰাণী, তই চকীদাৰ, তই গাড়ীচালক, তই মালী, কুকুৰ আদি শব্দ ব্যৱহাৰ কৰি অভব্য আচৰণ কৰে– মানসিক নিৰ্যাতন চলায়৷ আনকি মহিলা কৰ্মচাৰীৰ সন্মুখতো তেওঁৰ মুখত আখৈ ফুটাদি ফুটে অশালীন শব্দবাক্য৷ এনেধৰণৰ ঘটনাৰ বাবে কাৰ্যালয়ৰ পৰিৱেশ প্ৰদূষিত হৈছে৷ সঞ্চালকৰ অভব্য আচৰণে কৰ্মচাৰীসকলৰ সৈতে সঞ্চালকৰ দূৰত্ব বৃদ্ধি কৰিছে৷ ফলত কাৰ্যালয় পৰিচালনাত জটিলতাৰ সৃষ্টি হৈছে৷ সঞ্চালকৰ মানসিক নিৰ্যাতন অব্যাহত থাকিলে আমি এসময়ত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হ’ব৷ সেয়েহে আমি মন্ত্ৰী মহোদয়ক কাতৰে প্ৰাৰ্থনা জনাওঁ যাতে এনে পৰিস্থিতিৰ পৰা আমাক পৰিত্ৰাণ দিবৰ বাবে দীনমণি দাসৰ ঠাইত আন এজনক পুথিভঁৰাল সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্ব দি পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ কৰ্মচাৰীসকলক সুস্থ পৰিৱেশত কাম কৰিবলৈ সুবিধা দিব লাগে৷ আমি ভয় আৰু শংকাৰ মাজতে এই অভিযোগ-পত্ৰত স্বাক্ষৰ কৰিছোঁ৷ দীনমণি দাসে এইবোৰ কথা গম পালে আমাৰ বিপদ অনিবাৰ্য৷ আমাক সুস্থ পৰিৱেশত কাম কৰিবলৈ সুযোগ দিবৰ বাবে আমি মন্ত্ৰী মহোদয়ক বিনীতভাৱে অনুৰোধ জনালোঁ...৷’ ইফালে, বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰা আন এখন অভিযোগ-পত্ৰত এইদৰে অভিযোগ কৰা হৈছে– ‘... মোৰ স্বামী পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক৷ দুৰ্ঘটনাজনিত কাৰণত বাওঁহাতত দুখ পোৱাৰ বাবে, লগতে কঁকালৰ বিষ আৰু ভৰিৰ অসুবিধাৰ বাবে স্বামীয়ে ছুটীৰ বাবে আবেদন কৰিছিল৷ অস্ত্ৰোপচাৰৰ ভুলৰ বাবেই মোৰ স্বামীৰ শাৰীৰিক জটিলতা বৃদ্ধি পাইছে৷ কিন্তু সঞ্চালক দীনমণি দাসে কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰাৰ লগতে মোৰ স্বামীক মানসিকভাৱে হাৰাশাস্তি কৰে৷ ফলত স্বামীৰ মানসিক অস্থিৰতা ইমানেই বৃদ্ধি পালে যে তেওঁ স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ সঞ্চালকে দুমাহ ধৰি তেওঁৰ দৰমহা বন্ধ কৰি থৈছে৷ কথাই কথাই মন্ত্ৰী-বিধায়কক ভয় নকৰা বুলি কৈ থকা দীনমণি দাসে বহু কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলাইছে৷ মই স্থানীয় বিধায়ক তথা পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰীক এই বিষয়ে অৱগত কৰিছোঁ...৷’ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ কৰ্মচাৰীসকলে স্বয়ং সঞ্চালকৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ তোলা ঘটনাই নিঃসন্দেহে বিশেষ তাৎপৰ্য বহন কৰিছে৷ বিভাগীয় মন্ত্ৰী তথা চৰকাৰে অচিৰেই বিষয়টোত হস্তক্ষেপ নকৰিলে পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ লগতে ৰাজ্যৰ চৰকাৰী পুথিভঁৰালসমূহৰ অৱস্থা যে আৰু অধিক শোচনীয় হৈ পৰিব সেয়া নিশ্চিত৷