Logo
image

আম গছত ওলমিল বেল্ট, দেৱালত ঘড়ী-বাইকৰ চাবি

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ পৰীক্ষা নহয়, যেন কোনোবা সেনা-বাহিনীৰ ঘাটিতহে প্ৰৱেশৰ কৰিছে৷ আৰক্ষীৰ ২-৩ তৰপীয়া তন্নতন্ন তালাচী প্ৰৱেশ দ্বাৰত৷ প্ৰৱেশদ্বাৰৰ ভিতৰত কেৱল এটা কলম আৰু এডমিট কাৰ্ডখনৰ বাহিৰে কোনো সামগ্ৰীকে নিবলৈ দিয়া নাই আৰক্ষী-প্ৰশাসনৰ লোকে৷ পেণ্টৰ কমৰ ঢিলা হ’লেও বেল্ট মাৰি ভিতৰত যাবলৈ কোনো অনুমতি নাই৷ মোবাইল হেডফোন দূৰৰে কথা ঘড়ী পিন্ধি প্ৰৱেশতো বাধা আৰোপ নিৰাপত্তাৰক্ষীৰ৷ আনকি নগদ ধন বা এটি এম কাৰ্ড যিয়েই নাথাকক লাগে মানি বেগটোও প্ৰৱেশদ্বাৰৰ ভিতৰলৈ নিয়াৰ কোনো অনুমতি নাই৷ ইমানেই নহয় পিন্ধি যোৱা জোতা-মোজা খুলিও তন্ন তন্নকৈ কৰা হয় পৰীক্ষা৷ আনহাতে, মহিলাসকলকো, অস্থায়ী আছুতীয়া কক্ষত তন্ন তন্নকৈ পৰীক্ষা কৰে মহিলা আৰক্ষীয়ে৷ মুঠৰ ওপৰত এটা বেজী নসৰকা অগ্নিগড় সদৃশ নিৰাপত্তা তথা তালাচীৰ মাজত দেওবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ অন্তিমটো পৰীক্ষা৷ দেওবাৰে প্ৰায় ৬ হাজাৰ গাড়ী চালকৰ পদৰ বাবে ৰাজ্যৰ ৭০ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়৷ কিন্তু পুৱা পৰীক্ষা দিবলৈ আহি পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰতে জলাকলা খাব লগীয়াত পৰে দূৰ-দূৰণিৰ পৰা অহা প্ৰাৰ্থীসকলে৷ কিয়নো পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত পেণ্টৰ বেল্ট, মানিবেগ, গাড়ীৰ ছাবি, হাত ঘড়ী, চাধা টেমা, মোবাইল ফোন ইত্যাদি লৈ প্ৰৱেশত বাধা প্ৰদান কৰাত প্ৰাৰ্থীসকল সমস্যাত পৰিবলগীয়া হয়৷ কিয়নো পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰলৈ এনেবোৰ সামগ্ৰী নিবলৈ বাধা প্ৰদান  কৰাত সামগ্ৰীসমূহ কাক চাবলৈ দিব তাক লৈ চিন্তিত হৈ পৰে৷ কোনো কোনোৱে লগত অহা আত্মীয়ৰ হাতত এনে সামগ্ৰীসমূহ গতাই দি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে যদিও অধিকাংশ প্ৰাৰ্থীয়ে নিজৰ নিজৰ সামগ্ৰীকেইপদ চোৱা-চিতা কৰাৰ বাবে আপোন মানুহ নথকাত দুঃচিন্তাত পৰে৷ ফলত উপায়ন্তৰ হৈ পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ দেৱালৰ ওপৰতে বেল্ট-ঘড়ী আদি ওলোমাই থোৱাৰ বিপৰীতে বহুতো আকৌ পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ গাতে লাগি থকা আম গছ, তামোল গছ আদিত মানিবেগ, গাড়ীৰ ছাবি আদি ওলোমাই দুঃচিন্তাৰ মাজতে পৰীক্ষাত অৱতীৰ্ণ হয়৷ পাঠশালাৰ শ্ৰীৰাম একাডেমীৰ দেৱাল তথা গছত বিভিন্নজনে বেল্ট, ঘড়ী, বাইকৰ ছাবি আদি ওলোমাই থোৱা দৃশ্যই স্থানীয় পথচাৰীসকলক যথেষ্ট আমোদ দিয়ে৷ কিয়নো পৰীক্ষা কেন্দ্ৰটোৰ কাষৰ যিজোপা গছলৈ চোৱা যায়, প্ৰতিজোপা গছতে দীঘল দীঘকৈ ওলমি থাকে পেণ্টৰ বেল্টসমূহ৷ ইফালে ৰাজীৱ বৰ্মন নামৰ এজন প্ৰাৰ্থীয়ে মানিবেগটো তামোল গছৰ পাতৰ ফাঁকত লুকুৱাই থৈ পৰীক্ষাত বহিবলগীয়া  হোৱাত প্ৰশ্নোত্তৰত ভালদৰে মন দিবই নোৱাৰিলে বুলিহে আক্ষেপ প্ৰকাশ কৰিছে৷ ইফালে, পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহি বহুতে আকৌ নিজৰ সামগ্ৰী বিচাৰি নোপোৱাৰো অভিযোগ কৰে৷ মুঠৰ ওপৰত দেওবাৰে পৰীক্ষা দিবলৈ গৈ একাংশ প্ৰাৰ্থীয়ে  আন নহ’লেও  চাধা টেমাটো হেৰুৱাবলীয়া হোৱা বুলিও ক্ষোভ ব্যক্ত কৰা দেখা যায়৷

কোকৰাঝাৰত পৰীক্ষাৰ্থীক তন্ন তন্ন তালাচী

বিশেষ প্ৰতিনিধি ৰাজ্যৰ আন জিলাসমূহৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰতো আজি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ গাড়ী চালকৰ খালী পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়৷ কোকৰাঝাৰ চহৰত চাৰিটাকৈ পৰীক্ষা কেন্দ্ৰত৷ উক্ত পৰীক্ষা অনুষ্ঠিত হয়৷ কিন্তু পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীসকলক প্ৰৱেশৰ সময়ত তন্ন তন্নকৈ তালাচী চলোৱা হয়৷ উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়, ছোৱালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ছিআইটি আৰু ইউএন এন একাডেমীৰ চাৰিটা পৰীক্ষা কেন্দ্ৰত মুঠ ৪৯৬৪ জন পৰীক্ষাৰ্থী আজিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷