Logo
image

ড্ৰাইভিঙৰ নহয়, চালকৰ পৰীক্ষাত জুবিনৰ গান লৈ প্ৰশ্ন

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ ইণ্টাৰনেট কৰ্তন নকৰাকৈ দেওবাৰে সুকলমে অনুষ্ঠিত হৈ যায় তৃতীয় বৰ্গৰ পদৰ অন্তিমটো পৰীক্ষা৷ দেওবাৰে ৰাজ্যৰ ৮৭টা পৰীক্ষা কেন্দ্ৰত ৭০ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে ৬ হাজাৰটা গাড়ী চালকৰ পদৰ পৰীক্ষাত অৱতীৰ্ণ হয়৷ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হোৱা নাছিল যদিও দেওবাৰে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰিছিল স্থানীয় প্ৰশাসনে৷ অৱশ্যে কেন্দ্ৰৰ প্ৰৱেশদ্বাৰাত আৰক্ষীয়ে তন্ন তন্নকৈ প্ৰতিজন পৰীক্ষাৰ্থীক তালাচী চলোৱাতে ক্ষান্ত নাথাকি কঁকালৰ বেল্ট খুলি, মানিবেগ, গাড়ীৰ ছাবি ইত্যাদি চৌহদৰ বাহিৰতে ৰাখিহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়ে৷ যাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ বাহিৰৰ দেৱাল তথা গছৰ ডালত ওলোমাই থোৱা দেখা গ’ল প্ৰাৰ্থীৰ পেণ্টৰ বেল্ট, হাত ঘড়ী, গাড়ীৰ ছাবি আদি৷ আশ্চৰ্যজনক বিষয়টো হৈছে দেওবাৰে তৃতীয় বৰ্গৰ গাড়ী চালক পদৰ অ’ এম আৰ ভিত্তিক লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও উক্ত পৰীক্ষাত গাড়ী চালনা সন্দৰ্ভত তথা যান-বাহন আইন সম্পৰ্কীয় এটাও প্ৰশ্ন নাহিলে৷ আনকি গাড়ী চালনাৰ প্ৰাথমিক ছিগনেল সম্পৰ্কীয় কোনো প্ৰশ্নও নথকাৰ অভিযোগ কৰিছে একাংশ প্ৰাৰ্থীয়ে৷ ১৫০ নম্বৰৰ প্ৰশ্ন কাকতত কেৱল গণিত, ইংৰাজী, সাধাৰণ জ্ঞান তথা কুইজ জাতীয় প্ৰশ্নকে স্থান দিয়াৰ অভিযোগ কৰিছে৷ ছেবাই পৰিচালনা কৰা এই পৰীক্ষাত গাড়ী চালকক সোধা হ’ল গায়ক জুবিন গাৰ্গৰ প্ৰথম সংগীত এলবামটোৰ নাম কি? জুবিন গাৰ্গৰ সংগীতৰ প্ৰথম এলবামটোৰ প্ৰশ্ন সুধি গাড়ী চালকৰ পদৰ প্ৰাৰ্থীৰ কি জ্ঞান তথা দক্ষতাৰ ছেবাই প্ৰমাণ ল’ব বিচাৰিলে, তাৰ কোনো সুদুত্তৰ নোপোৱা বুলিও একাংশ প্ৰাৰ্থীয়ে ক্ষোভ প্ৰকাশ কৰিছে৷ তদুপৰি দুঘণ্টীয়া চালকৰ পৰীক্ষাটোত হাৰিয়ানাৰ ৰাজ্যিক ফুল, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল, ভাৰতৰ আইৰন মেন, মানালি কোন ৰাজ্যৰ ৰাজধানী ইত্যাদি প্ৰশ্নৰে গাড়ীচালক প্ৰাৰ্থীসকলৰ জ্ঞানৰ পৰীক্ষা লোৱা হয়৷ স্বাভাৱিকতেই যান-বাহন আইন আৰু গাড়ী চালনাৰ সন্দৰ্ভত কোনো প্ৰশ্ন নথকাত ক্ষুব্ধ হৈ পৰা দেখা গৈছে বহু প্ৰাৰ্থীক৷ ইফালে তৃতীয় বৰ্গৰ চালক পদৰ বাবে শিক্ষাগত অৰ্হতা উচ্ছতৰ মাধ্যমিক নিৰ্ধাৰণ কৰিছে যদিও মেকানিকেল ইঞ্জিনিয়াৰিং উত্তীৰ্ণ নিবনুৱাইও দেওবাৰে চালকৰ পদৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা যায়৷