Logo
image

এইবাৰ মাৰ্ঘেৰিটাৰ ছখন গাঁও দাবী কৰিলে অৰুণাচলে

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাত অসম-অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমাবিবাদ নিষ্পত্তি কৰাৰ এক অংশস্বৰূপে ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত নামচাই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই চুক্তিৰ পৰা বাদ পৰিছিল মাৰ্ঘেৰিটাৰ ৬খনকৈ বিবদমান গাঁও৷ প্ৰকৃততে এই ৬খন গাঁও অসমৰ যদিও গাঁওকেইখনত বাস কৰা লোকসকলে আৰু অৰুণাচলী লোকে গাঁওকেইখন অৰুণাচলৰ বুলি দাবী উত্থাপন কৰিছিল৷ আজি অসমৰ বন বিভাগৰ এটি দল আৰু অৰুণাচল প্ৰদেশ চাংলাং জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে সীমান্ত এলেকা পৰিদৰ্শন কৰে৷  পৰিদৰ্শনৰ সময়ত গাঁওকেইখনৰ লোকে মুকলিকৈ গাঁওকেইখন অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে৷ তদুপৰি, অসমৰ বনাঞ্চলৰ এক বৃহত্তৰ ভূ-খণ্ড অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰি আহিছে অৰুণাচলী লোকে৷ প্ৰাকৃতিক বনজ সম্পদেৰে চহকী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৬খন গাঁও অৰুণাচলত চামিলৰ দাবী৷ অসম-অৰুণাচল সীমা সমস্যাৰ চৰজমিন বুজ ল’বলৈ যোৱা তিনি ছেপ্টেম্বৰত সীমান্তৰ ৰাংৰিংকানত যোৱা  মন্ত্ৰী অতুল বৰাৰ ওচৰত এই দাবী উপস্থাপন কৰিছিল অৰুণাচলৰ কেইবাখনো গাঁৱৰ গাঁওবুঢ়া তথা প্ৰতিনিধিসকলে৷ অসম- অৰুণাচল চৰকাৰৰ মাজত সম্পন্ন নামচাই চুক্তিত অন্তভুক্ত নোহোৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ  ৬খন গাঁও অৰুণাচলৰ বুলি দাবী উত্থাপন কৰে অৰুণাচলে৷ মাৰ্ঘেৰিটাহৈ চাংলাং জিলাৰ ৰাংৰিকানত অসম-অৰুণাচল সীমা নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ হিচাপে উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই  অৰুণাচলৰ মন্ত্ৰী-বিধায়কৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া গাঁওবুঢ়াসকলৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰিছিল৷