Logo
image

প্ৰাক্তন বিধায়কক শিশুপাল খেদা ছাত্ৰীৰ

পত্নীক সন্তুষ্ট কৰিবলৈ ভুৱা কলেজ

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত গাৰ্লছ ডিগ্ৰী কলেজৰ অস্তিত্ব বিচাৰি আহি আজি অস্বস্তিত পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা তদন্তকাৰী দল৷ কলেজ ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য, এক্‌জিকিউটিভ কাউন্সিলৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনথ্ৰ’প’লজি বিভাগৰ মুৰব্বী অধ্যাপকজন মৈৰাবাৰী হাম গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত হৈ গাৰ্লছ ডিগ্ৰী কলেজৰ অস্তিত্ব বিচৰাত হতবাক হৈ পৰে স্কুলখনত কৰ্মৰত শিক্ষক-কৰ্মচাৰী আৰু অধ্যয়নৰত ছাত্ৰীসকল৷ আচলতে মৈৰাবাৰীত কোনো ডিগ্ৰী গাৰ্লছ কলেজ নাই৷ হাম গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ অপসাৰিত সভাপতি মোস্তফা শ্বহীদুল ইছলামে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিজনীয়া তদন্তকাৰী দলটোক বিপথে পৰিচালিত কৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনকে ডিগ্ৰী গাৰ্লছ কলেজ বুলি পতিয়ন নিয়াব বিচৰাত উপস্থিত কেইবাশতাধিক ছাত্ৰীয়ে নিজকে পৰিচালনা কমিটীৰ সভাপতি হিচাপে দাবী কৰা মোস্তফা শ্বহীদুল ইছলামক তদন্তকাৰী দলটোৰ সন্মুখতে পহুখেদা দি স্কুলখনৰ পৰা বাহিৰ কৰি দিয়ে৷ ১৯৯৬ চনতে মৈৰাবাৰী মৌজাৰ প্ৰয়াত মৌজাদাৰ হাজী আমচৰ আলী মুক্তাৰৰ নামেৰে নামকৰণ কৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনত বিগত প্ৰায় ২৫ বছৰ ধৰি কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ পদসমূহ মোস্তফা শ্বহীদুল ইছলামৰ তৃতীয় পত্নী ছালেহা বেগমৰ শিক্ষাগত অৰ্হতা প্ৰাদেশিকীকৰণ আইন ২০১৭ চনে ঢুকি নোপোৱাত ২০২১ চনৰ প্ৰাদেশিকীৰণৰ তালিকাৰ পৰা বাদ পৰিছিল৷ নিজৰ তৃতীয় পত্নীৰ চাকৰিটো প্ৰাদেশিকীকৰণ নহ’ব বুলি গম পাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ বিৰুদ্ধে দুই স্বামী-স্ত্ৰীয়ে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্কুলখনত কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলে৷ পৰিচালনা কমিটীৰ সভাপতি পদৰ পৰা মোস্তফা শ্বহীদুল ইছলাম আৰু অধ্যক্ষৰ আসনৰ পৰা ছালেহা বেগম অপসাৰিত হোৱাৰ পাছতো শিক্ষা বিভাগৰ বিভিন্ন কাৰ্যালয়ত স্কুলখনৰ লেটাৰ পেড ব্যৱহাৰ কৰি বিষয়াবৰ্গক বিপথে পৰিচালিত কৰি অহাৰো গুৰুতৰ অভিযোগ আছে এই দুই স্বামী-স্ত্ৰীৰ বিৰুদ্ধে৷ আনকি মহামান্য গুৱাহাটী উচ্ছ ন্যয়ালয়তো নিজকে স্কুলখনৰ পৰিচালনা কমিটীৰ সভাপতি আৰু তৃতীয় পত্নী ছালেহা বেগমক অধ্যক্ষ বুলি কৈ লেখ আবেদনো দাখিল কৰি ন্যায়ালয়কো বিপথে পৰিচালিত কৰি অহাৰ প্ৰমাণ আছে এই দুই স্বামী-স্ত্ৰীৰ বিৰুদ্ধে৷ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনত বিভিন্ন সময়ত জালিয়তি সংঘটিত কৰা এই দুই স্বামী-স্ত্ৰীক নাকী লগাবলৈ স্থানীয় একাধিক দল-সংগঠনে দাবী জনাইছে৷