Logo
image

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি ধৰ্ষণ, হত্যাৰ ঘটনা

ছয়গাঁৱৰ চৰত অসহায় মহিলাক পুৰুষৰ দলবদ্ধ আক্ৰমণ

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধ৷ পোনপটীয়াকৈ ক’বলৈ গ’লে ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে চোৰ-ডকাইত, হত্যাকাৰী, বলাৎকাৰীৰ সংখ্যা৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনতো উল্লেখ কৰা হৈছে অসমত অপৰাধজনিত ঘটনা বৃদ্ধি হোৱাৰ প্ৰসংগ৷ গাৰ্হস্থ্য হিংসাৰ পৰা ছাইবাৰ ক্ৰাইমলৈকে প্ৰায় সকলো ধৰণৰ অপৰাধ বাঢ়িছে অসমত৷ অসম চৰকাৰে ড্ৰাগ বেপাৰীকে ধৰি অসামাজিক চক্ৰসমূহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও অপৰাধীসকলো যেন থমকি ৰোৱা নাই৷ নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি দুষ্কাৰ্য অব্যাহত ৰাখিছে অপৰাধীসকলে৷ একাংশ অপৰাধীৰ তৎপৰতা আৰু কৌশলৰ আগত যেন নিষ্প্ৰভ হৈ পৰিছে অসম চৰকাৰৰ গৃহ বিভাগ তথা বহুচৰ্চিত স্মাৰ্ট পুলিচ৷

ছয়গাঁৱৰ চৰত মহিলাক হাত-ভৰি বান্ধি অত্যাচাৰ

আজিও ৰাজ্যৰ একাংশ চৰ অঞ্চলত চলি আছে মাফিয়াৰাজ, দেৱানীৰাজ আৰু মাতব্বৰীৰাজ৷ তাৰেই এক বাস্তৱ প্ৰতিফলন ঘটিছে কামৰূপ জিলাৰ এখন বিশেষ চৰত৷ সম্প্ৰতি ৰাজ্যখনত নাৰীৰ ওপৰত চলি অহা বিভিন্ন নিৰ্যাতন, হত্যা, ধৰ্ষণ, অপহৰণ আদিৰ নিচিনা জঘন্য অপৰাধজনিত কাৰ্যকলাপে চৰম সীমা পাৰ কৰিব লোৱা মুহূৰ্ততে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ভকুৱামাৰী চৰত সভ্য সমাজক নজ্জান্বত কৰা এক অমানৱীয় কাণ্ড পোহৰলৈ আহিছে৷ শুৱালকুছি নদী আৰক্ষী থানাৰ অধীনস্থ ভকুৱামাৰী চৰত মানৱতাক ভূ-লণ্ঠিত কৰি এদল পুৰুষে তালিবাণী কায়দাৰে এগৰাকী অসহায় মহিলাৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰৰ ঘটনাই সম্প্ৰতি সমগ্ৰ ছয়গাঁও সমষ্টিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে, যোৱা নিশা ভকুৱামাৰী চৰ নিৱাসী তিনিটা সন্তানৰ মাতৃ আনোৱাৰা বেগমক একে চৰৰ নিৱাসী ছাজামাল হকৰ নেতৃত্বত এদল পুৰুষে ৰাস্তাৰ পৰা চোঁচৰাই আনি এটা ঘৰত আবদ্ধ কৰি নিষ্ঠুৰতাৰ চৰমসীমাক অতিক্ৰমী তালিবাণী নিৰ্যাতন চলায়৷ পুৰণি শত্ৰুতাক কেন্দ্ৰ কৰি ছাজামাল হক নামৰ লোকজনে এদল পুৰুষৰ সহযোগত নিজঘৰত হাত-ভৰি বান্ধি নিশাপৰ্যন্ত আটক কৰি ৰাখি নিৰ্মমভাৱে মাৰধৰ কৰে৷ ফলত মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত গুৰুতৰ জখম হয়৷ পিছে আজি স্থানীয় ৰাইজৰ হস্তক্ষেপত মহিলাগৰাকীক এৰি দিয়ে উদণ্ড ছাজামালে৷ এনে অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক পৰিয়ালৰ লোকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে৷ সম্প্ৰতি মহিলাগৰাকী গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে৷ ইফালে, বাতৰি লিখা পৰলৈকে এই ঘটনাৰ সম্পৰ্কত নিৰ্যাতিত মহিলাগৰাকীৰ ফালৰ পৰা শুৱালকুছি নদী আৰক্ষী থানাত কোনো এজাহাৰ দাখিল কৰা নাই বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷

কৰিমগঞ্জৰ পাথাৰকান্দিত সন্ধানহীন যুৱতীক ধৰ্ষণ কৰি হত্যা

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি টিনোখলত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ পথাৰত উদ্ধাৰ হৈছে এগৰাকী অৰ্ধউলংগ আৰু ৰক্তাক্ত যুৱতীৰ মৃতদেহ৷  দেওবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহ দেখা পোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ পাথাৰকান্দি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ কচুবাৰী গাঁৱৰ ত্ৰিশ বছৰীয়া যুৱতী পঞ্চমী সিন্‌হা বুলি চিনাক্ত কৰে৷ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জলৈ প্ৰেৰণ কৰে৷ জানিব পৰা মতে, শনিবাৰ সন্ধিয়াৰ পৰাই যুৱতীগৰাকী সন্ধানহীন হৈ আছিল৷ দেওবাৰে পুৱা যুৱতীৰ অৰ্ধউলংগ আৰু ৰক্তাক্ত মৃতদেহটো উদ্ধাৰ কৰা হয়৷  এই ঘটনাত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে৷  স্থানীয় ৰাইজে ততাতৈয়াকৈ দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷ স্থানীয় ৰাইজৰ অভিযোগ যে, যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে৷

প্ৰেমৰ বাবেই দুটাপক্ষৰ মাজত সংঘাত, মহিলাসহ দহজন আহত

বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত এফ চি আইত এহাল যুৱক-যুৱতীৰ মাজত গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কক লৈ দুটাপক্ষৰ মাজত সৃষ্টি হয় সংঘাত৷ প্ৰেমিক নুৰ মহম্মদক প্ৰেমিকাৰ পৰিয়ালৰ লোকে কৌশলেৰে ঘৰলৈ মাতি নি আবদ্ধ কৰি ৰখাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াকে দুটাপক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ একাংশই দা, লাঠি লৈ কৰা আক্ৰমণ-প্ৰত্যাক্ৰমণত দুগৰাকী মহিলাসহ মুঠ দহজন লোক আহত হয়৷ আহত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণি মতে, ভড়ালকুণ্ডী দশম খণ্ড গাঁৱৰ নুৰ মহাম্মদ নামৰ প্ৰেমিকজনক উক্ত গাঁৱৰ ৰহিম বাদশ্ব ওৰফে জাকিৰে কালি সন্ধিয়া তেওঁৰ ঘৰত মাতি নিয়ে৷ ৰহিম বাদশ্বাই পূৰ্বে পৰিকল্পিতভাৱে তেওঁৰ ঘৰত নুৰ মহম্মদক মাতি আনি আবদ্ধ কৰি ৰাখে৷ আনকি যুৱকজনক ঘৰত আবদ্ধ কৰি ৰাখি ৰহিম বাদশ্বা আৰু তেওঁৰ পৰিয়ালৰ লোকে মাৰপিট কৰে৷ এই খবৰ যুৱকজনৰ পৰিয়ালৰ লোক অৱগত হৈ যুৱকজনক উদ্ধাৰৰ বাবে যায় যদিও দুয়োপক্ষৰ মাজত ভয়াৱহ সংঘৰ্ষ হয়৷ দুয়োপক্ষৰ মাজত দা, লাঠি লৈ কৰা আক্ৰমণ-প্ৰত্যাক্ৰমণত দুগৰাকীকৈ মহিলাসহ প্ৰায় দহজন গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজ উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত সকলোকে চলন্তপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে৷ চলন্তপাৰা স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত তিনিজনক গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ জনা মতে, প্ৰেমিক যুৱক নুৰ মহম্মদৰ মাতৃ নুৰেজা খাতুন বৰ্তমান গোৱালপাৰা ছলেচ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ জানিব পৰা মতে, ৰহিম বাদশ্বাৰ কন্যাৰ সৈতে নুৰ মহম্মদৰ দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ দুয়ো প্ৰেমিকযুগলৰ সম্পৰ্কৰ বাবেই যোৱা নিশা উক্ত ঘটনা সংঘটিত হয়৷ ইতিমধ্যে দুয়োপক্ষই পৃথকে যোগীঘোপা থানাত এজাহাৰ দাখিল কৰে৷ ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷