Logo
image

বিলম্বৰ অভিলেখ! পুৱা ১১ বজাৰ বিমান উৰিল বিয়লি, বৰঝাৰ উত্তাল

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দেওবাৰে পুৱা ১০.৫৫ বজাত ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰলৈ যাত্ৰা কৰিবলগীয়া স্পাইছজেট কোম্পানীৰ এখন বিমান প্ৰায় ৫ ঘণ্টা পলমকৈ যাত্ৰা কৰাক কেন্দ্ৰ কৰি বিমানবন্দৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিযোগ অনুসৰি উৰণৰ প্ৰাকক্ষণত বিমানখনত যাবলগীয়া প্ৰায় ১১৯জন যাত্ৰীক বিমান কোম্পানীটোৰ ফালৰ পৰা কাৰিকৰী বিজুতিৰ বাবে উৰণত কিছু পলম হ’ব বুলি জনোৱা হয়৷ কিন্তু বিয়লি ডেৰ মান বজালৈ বিমানখন যাত্ৰা আৰম্ভ নকৰাত যাত্ৰীসকল উত্তেজিত হৈ পৰে৷ আনকি বহু যাত্ৰীয়ে এই সন্দৰ্ভত বিমান কোম্পানীৰ বিষয়া সকলৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়৷ বিলম্বৰ অভিলেখ ৰচনা কৰা স্পাইছ জেটৰ কৰ্মচাৰীসকলৰ লগতো উত্তেজিত যাত্ৰীসকলে বিভিন্ন প্ৰশ্ন বানেৰে থৰকা-সৰকা কৰে৷ আনকি যাত্ৰী আৰু কৰ্মচাৰীৰ বাক বিতণ্ডাই চৰম পৰ্যায়ত উপনীত হয়৷ এটা সময়ত যাত্ৰীসকল নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়৷ ইয়াৰ মাজতে বিমান কোম্পানীটোৰ ফালৰ পৰা বিমানখনৰ যান্ত্ৰিক বিজুতি হোৱা আৰু সেই বিজুতি ঠিক কৰাৰ পাছতহে বিমানখনে যাত্ৰা কৰিব বুলি যাত্ৰীসকলক অৱগত কৰোৱা হয়৷  অৱশ্যে বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ বিষয়া - জোৱান সকলে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ আনহাতে যান্ত্ৰিক বিজুতি ঠিক কৰাৰ পাছত প্ৰায় ৫ ঘণ্টা পাছত বিয়লি ৩.৩৫ বজাত বিমানখনে নিৰাপদে যাত্ৰা কৰে৷ আনকি নিশা প্ৰায় ৭ বজাত বিমানখনে জয়পুৰ বিমানবন্দৰত সুকলমে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে৷