Logo
image

মহাৰাণী দ্বিতীয় এলিজাবেথৰ দীৰ্ঘ আয়ুসৰ ৰহস্য কি আছিল!

আমাৰ অসম, ১২ ছেপ্টেম্বৰঃ সত্তৰ বছৰ ব্ৰিটেইনৰ মহাৰাণী হিচাপে শাসন কৰা দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে মৃত্যু হোৱাত সমগ্ৰ ব্ৰিটেইনৰ লগতে বিশ্বতো শোকৰ ছাঁ পৰে৷ মহাৰাণীৰ মৃত্যুত শোক প্ৰকাশ বিশ্বৰ আগশাৰীৰ নেতা-নেত্ৰীৰ লগতে সাধাৰণ জনতাই৷ ৯৬ বছৰ জীয়াই থাকিবলৈ সক্ষম হোৱা মহাৰাণী দ্বিতীয় এলিজাবেথৰ এই দীৰ্ঘ আয়ুসৰ ৰহস্য কি আছিল সেয়া জানিবলৈ মন নাযায়নে? ১৯২৬ চনৰ ২১ এপ্ৰিলত জন্ম হোৱা মহাৰাণী এলিজাবেথে মাত্ৰ ২৫ বছৰ বয়সতে ব্ৰিটেইনৰ মহাৰাণী হিচাপে ৰাজপাটত বহিছিল৷ মহাৰাণী দ্বিতীয় এলিজাবেথ বিশ্বৰ ধনী মহিলাসকলৰ ভিতৰত অন্যতম হ’লেও তেওঁ যাপন কৰিছিল এক সাধাৰণ আৰু হিচাবী জীৱন৷ যিয়ে তেওঁৰ আয়ুস যথেষ্ট দীঘলীয়া কৰে৷ ব্ৰিটিছ ৰাজপৰিয়ালৰ চেফ ডেৰেন মেকগ্ৰাডিয়ে ২০১৭ চনত চিএনএনৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে মহাৰাণী দ্বিতীয় এলিজাবেথে পুৱা  শুই উঠি ‘আৰ্ল গ্ৰে টী’ খায়৷ পুৱাৰ আহাৰত তেওঁ দহী বা চাবু খায়৷ কেতিয়াবা টোষ্ট বা জেমো গ্ৰহণ কৰে৷ যদিহে কোনো অনুষ্ঠানত আহাৰ গ্ৰহণ কৰিবলগীয়া নহয়, তেন্তে তেওঁ দুপৰীয়া আৰু নিশা কেৱল গ্ৰিল্ড আমিষ আহাৰ গ্ৰহণ কৰে৷ দুপৰীয়া আহাৰত তেওঁ ছালাদৰ সৈতে মাছ বা মাংস গ্ৰহণ কৰে৷ নিশাও আহাৰ হিচাপে চৰ্বি নবঢ়োৱা মাছ খাইছিল৷ তেওঁ আহাৰত সদায় নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিছিল আৰু স্বাস্থ্য উপযোগী আহাৰ গ্ৰহণ কৰিছিল৷ দুপৰীয়াৰ আহাৰৰ পাছত আৰু নিশাৰ আহাৰৰ মাজৰ সময়খিনিত কেকৰ সৈতে চাহ খাইছিল৷