Logo
image

বাংলাদেশত ৩২ হাজাৰতকৈও অধিক মণ্ডপত পূজাৰ আয়োজন

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ দুৰ্গাপূজা সমাগত৷ এইবাৰ চুবুৰীয়া দেশ বাংলাদেশত ৩২ হাজাৰটা পূজা মণ্ডপত হ’ব দেৱী বন্দনা৷ ইয়াৰ বাবে বাংলাদেশ চৰকাৰে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ পূজাৰ সময়ত যাতে দেশখনৰ কোনো ঠাইতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে  চৰকাৰখনে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে সোমবাৰে দূৰ্গাপূজা উপলক্ষে হ’ব পৰা আইনশৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী আছাদুজ্জামান খানে নিজৰ মন্ত্ৰণালয়ত এক বিশেষ বৈঠকত মিলিত হয়৷ উক্ত বৈঠকৰ পাছত মন্ত্ৰী খানে সাংবাদিকক জনায় যে এইবাৰ বাংলাদেশত সৰ্বমূঠ ৩২ হাজাৰ ১৬৮ টা পূজা মণ্ডপত দুৰ্গোৎসৱ অনুষ্ঠিত হ’ব৷  এইবাৰ দেশখনত পূৰ্বকে এহাজাৰটা পূজা মণ্ডপ বৃদ্ধি পোৱা বুলিও তেওঁ সাংবাদিকক জনায়৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিটো মণ্ডপতে থাকিব চিচি টিভি কেমেৰাৰ ব্যৱস্থা আৰু নিৰাপত্তাৰ বাবে আৰক্ষীৰ উপৰি আনছাৰ তথা স্বেচ্ছাসেৱক বাহিনী মোতায়েন কৰা হ’ব৷  প্ৰতিটো পূজা মণ্ডপতে ২৪ ঘণ্টা ধৰি নিৰাপত্তাৰক্ষী মোতায়েন হৈ থাকিব৷ নামাজ আৰু আজানৰ সময়ত শব্দৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা  হ’ব৷ পূজা মণ্ডপসমূহত মহিলা আৰু পুৰুষসকলৰ বাবে আছুতীয়া প্ৰৱেশপথৰ ব্যৱস্থা থাকিব৷ যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে ৯৯৯ নম্বৰৰ এটা হেল্প লাইনৰ ব্যৱস্থা থাকিব৷ একেদৰে ছ’চিয়েল মিডিয়াত যাতে কোনো পক্ষই দুৰ্গাপূজাক লৈ উৰা বাতৰি বা  গুজৱ বিয়পাব নোৱাৰে তাৰ বাবে ২৪ ঘণ্টাই আৰক্ষী প্ৰশাসনে পৰ্যবেক্ষণ কৰিব৷ অহা এক অক্টোবৰৰ পৰা বাংলাদেশত পাঁচদিনীয়া কাৰ্যসূচীৰে এইবাৰ উদযাপন হ’ব শাৰদীয় দুৰ্গোৎসৱ৷ উল্লেখ্য যে হিন্দু-বাংলাদেশী আৰু ‘কা’ অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনকলৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে এইবাৰ চুবুৰীয়া দেশখনত পূৰ্বতকৈ এহাজাৰটা পূজা মণ্ডপ বৃদ্ধি পোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷