Logo
image

আৰম্ভ হৈয়েই ‘কা’ৰ শুনানিত দীৰ্ঘ বিৰতি

২১৯খন ‘কা’বিৰোধী আৱেদন, অসমৰ শুনানি পৃথককৈ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ আৰম্ভ হৈয়েই ‘কা’ৰ শুনানিত পুনৰ দীঘলীয়া বিৰতি৷ উল্লেখ্য, দুবছৰৰ অন্তত সোমবাৰে উচ্ছতম ন্যায়ালয়ত উত্থাপিত হয় নাগৰিকত্ব সংশোধনী আইনক [কা] প্ৰত্যাহ্বান জনোৱা দুই শতাধিক আবেদন৷ লক্ষণীয়ভাৱে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ বিচাৰপীঠে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া প্ৰেক্ষাপটত ‘কা’ক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া যে সোমবাৰৰ শুনানিৰ পূৰ্বে সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা শেহতীয়াকৈ এখন শপতনামা দাখিল কৰা হৈছিল৷ উক্ত শপতনামাত নাগৰিকত্ব সংশোধনী আইনখন অসম, ত্ৰিপুৰা তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বাবে ভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণৰ প্ৰয়োজন আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ তৰফত উল্লেখ কৰা হৈছে৷ শপতনামাৰ ৮২নং দফাত স্পষ্টকৈ কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী আইনক লৈ অসম, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত উদ্ভৱ হোৱা বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সুকীয়াকৈ তথা বিস্তাৰিতভাৱে এখন শপতনামা প্ৰস্তুত কৰি আছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামাত সদৌ অসম ছাত্ৰ সন্থাৰ লেখ আবেদনৰ কথা উল্লেখ কৰি ইয়াৰ সৈতে সন্নিবিষ্ট আন আবেদনসমূহৰ বাবে সুকীয়াকৈ শপতনামা দাখিল কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ বাস্তৱত নাগৰিকত্ব সংশোধনী আইনখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ সৈতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়টো যে সম্পূৰ্ণ সুকীয়া সেই কথা কেন্দ্ৰীয় চৰকাৰে প্ৰকাৰন্তৰে শেহতীয়া শপতনামাত স্বীকাৰ কৰা পৰিলক্ষিত হৈছে৷ আনহাতে কেৱল উত্তৰ-পূৰ্বাঞ্চল বুলি নহয় নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱা সকলোবোৰ আবেদন তালিকাভুক্ত কৰি আবেদনসমূহৰ বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণী বিন্যাস কৰিবলৈ মুখ্য ন্যায়াধীশ ললিত আৰু এছ ৰবিন্দ্ৰ ভাটেৰে গঠিত দুজনীয়া বিচাৰপীঠে কেন্দ্ৰৰ চলিচিটৰ জেনাৰেল তুষাৰ মেহতাক নিৰ্দেশ প্ৰদান কৰে৷ অহা চাৰি সপ্তাহৰ ভিতৰত আবেদনসমূহৰ শ্ৰেণী বিন্যাস কৰিবলৈ ন্যায়ালয়ে আজি নিৰ্দেশ প্ৰদান কৰে৷ ৩১ অক্টোবৰত ন্যায়ালয়ে পৰৱৰ্তী শুনানী গ্ৰহণ কৰিব৷ উল্লেখ্য যে এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী আইনৰ পক্ষে বিপক্ষে মুঠ ২১৯খন আবেদন উচ্ছতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে৷ লক্ষণীয়ভাৱে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই অসম আৰু ত্ৰিপুৰাৰ কেইবাটাও দল-সংগঠনে উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছে যদিও অসম আৰু ত্ৰিপুৰা চৰকাৰে সমগ্ৰ বিষয়টোত এতিয়ালৈকে উচ্ছতম ন্যায়ালয়ৰ সমুখত চৰকাৰৰ স্থিতি স্পষ্ট কৰা নাই৷ সেয়েহে অহা চাৰি সপ্তাহৰ ভিতৰত দুয়োখন চৰকাৰকো শপতনামা দাখিল কৰিবলৈ ন্যায়ালয়ে আজি নিৰ্দেশ প্ৰদান কৰে৷ লগতে সংশ্লিষ্ট সকলো পক্ষক নিজা নিজা বক্তব্যসমূহ ন্যায়ালয়ৰ সমুখত ৰাখিবলৈ প্ৰয়োজনীয় সকলো নথি-পত্ৰসহ শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে৷ লক্ষণীয়ভাৱে প্ৰয়োজনত দুজনীয়া বিচাৰপীঠৰ পৰিৱৰ্তে তিনিজনীয়া বিচাৰপীঠত নাগৰিকত্ব সংশোধনী আইনৰ আবেদনসমূহৰ শুনানী গ্ৰহণ কৰা হ’ব বুলি মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে আজি পোষকতা কৰে৷ নাগৰিকত্ব সংশোধনী আইনৰ নিচিনা সংবেনশীল বিষয়ত আবেদনসমূহৰ গুৰুত্বৰ কথা বিবেচনা কৰি মুখ্য ন্যায়াধীশে এই প্ৰস্তাৱ আগবঢ়ায়৷ মনকৰিবলগীয়া যে আবেদনসমূহৰ বৈশিষ্ট্যৰ ভিত্তিত কৰিবলগীয়া শ্ৰেণী বিন্যাসৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰ আবেদনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক সুকীয়া সুকীয়াকৈ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ ইয়াৰ বাবে উচ্ছতম ন্যায়ালয়ে সময় বান্ধি দি ৩১ অক্টোবৰত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰে৷ নাগৰিকত্ব সংশোধনী আইনৰ আবেদনসমূহৰ শুনানী সুকলমে আগবঢ়াই নিয়াৰ বাবে আবেদনসমূহৰ শ্ৰেণীবিন্যাস কৰা উচিত বুলি মুখ্য ন্যায়াধীশে আজি মতব্যক্ত কৰে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে চুবৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু ক্ৰমে হিন্দু, শিখ, বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ দিহা কৰা হৈছে৷ আজি ন্যায়ালয়ত সংশ্লিষ্ট বিভিন্ন পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিবাল, অভিষেক মনু সিংভি, ইন্দিৰা জয়সিং, মেনকা গুৰুস্বামী আদিয়ে যুক্তি আগবঢ়োৱা পৰিলক্ষিত হয়৷ আনহাতে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱা অসমৰ দল-সংগঠনসমূহৰ ভিতৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পলাশ ছাংমাই, অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে শুনানীকালত উপস্থিত থাকে৷ আনহাতে ত্ৰিপুৰাৰ আবেদনকাৰী হিচাপে টিপ্ৰাৰ অধ্যক্ষ প্ৰদু্যৎ মাণিক্য দেববৰ্মা আৰু ৰাজ্যখনৰ বিজেপিৰ উপ-সভানেত্ৰী পাতাল কন্যা জামাতিয়া উপস্থিত থাকে৷ লক্ষণীয়ভাৱে বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী হোৱা সত্ত্বেও জমাতিয়াই আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজা স্থিতি স্পষ্ট কৰি কয় যে ত্ৰিপুৰা পিপ্‌লছ ফ্ৰণ্টৰ হৈ মই ‘কা’ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলো৷ মই এতিয়া বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী হ’লেও মই পূৰ্বৰ স্থিতিত অটল আছো আৰু ন্যায়ালয়ে যি ৰায়দান কৰে সেয়া সকলোৱে মানি লব লাগিব৷ ইপিনে আজিৰ শুনানীৰ পাছত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে সমগ্ৰ দেশৰ সৈতে অসম, ত্ৰিপুৰা কিম্বা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পাৰ্থক্য আছে৷ বিশেষকৈ অবৈধ প্ৰব্ৰজনকাৰীৰ দৃষ্টিকোণৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক ভিন্ন দৃষ্টিৰে চাই ‘কা’ অঞ্চলটোত কিমান বৈধ সেয়া চাব লাগিব৷ বাস্তৱত আছু, নেছ আৰু ত্ৰিপুৰাৰ দল- সংগঠনৰ প্ৰতিনিধিৰ কথা চাই উচ্ছতম ন্যায়ালয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ সুকীয়াকৈ শুনানী গ্ৰহণ কৰা হ’ব বুলি মুখ্য ন্যায়াধীশ বিচাৰপীঠে নিশ্চয়তা প্ৰদান কৰা বুলি ভট্টাচাৰ্যই সাংবাদিকৰ আগত মন্তব্য কৰে৷

অসম, ত্ৰিপুৰাৰ শুনানি হ’ব সুকীয়াকৈ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ ৰবীন্দ্ৰ ভাটৰ আদালতত ‘কা’ৰ বিষয়টো লৈ আজি শুনানী হয়৷ সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ২১৯খন আবেদনৰ জৰিয়তে ‘কা’ বাতিলৰ বাবে আবেদন জনোৱা হৈছিল৷ আজিৰ শুনানীত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা দাখিল কৰা ২১৯খন আবেদনকাৰীৰ অধিবক্তাসকলে নিজ নিজ দৃষ্টিভংগী উত্থাপন কৰিবলৈ উচ্ছতম ন্যায়ালয়ত সমবেত হয়৷ শুনানীৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিষয়টোৰ সন্দৰ্ভত শপতনামা দাখিলৰ কথা উচ্ছতম ন্যায়ালয়ক অৱগত কৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ অধিবক্তাসকলে নিজ নিজ দৃষ্টিভংগীৰে ‘কা’ বাতিলৰ সন্দৰ্ভত কেনেকৈ শুনানী হোৱা উচিত মত প্ৰকাশ কৰে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন [নেছ]ৰ অধিবক্তাই শুনানীত যুক্তিপূৰ্ণ আৰু বলিষ্ঠভাৱে যুক্তি আগবঢ়াই কয়– অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলত অবৈধ বাংলাদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যা সুকীয়া৷ প্ৰব্ৰজনৰ গম্ভীৰ, ভয়াৱহ সমস্যাটো দেশৰ আন ৰাজ্যৰ লগত নিমিলে৷ অসমত ঐতিহাসিক অসম আন্দোলন হৈছিল৷ ঐতিহাসিক এই গণ আন্দোলনৰ পাছত অসম চুক্তি সম্পাদিত হৈছিল৷ সেয়ে অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যালৈ সুকীয়াকৈ শুনানীৰ সময় নিৰ্ধাৰণ হোৱা উচিত৷ সদৌ অসম ছাত্ৰ সন্থা, নেছ’, অসম, ত্ৰিপুৰাৰ পৰা ‘কা’ বাতিলৰ বাবে দাখিল কৰা আবেদনৰ সন্দৰ্ভত শুনানীৰ বাবে সুকীয়া সময় নিৰূপণ কৰা প্ৰয়োজন৷ উল্লেখ্য যে উচ্ছতম ন্যায়ালয়ে ২০২০ চনৰ ২২ জানুৱাৰীত ‘কা’ৰ শুনানীত অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়াকৈ সময় দিয়াৰ কথা উল্লেখ কৰিছিল৷ সকলোৰে কথা শুনাৰ পাছত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে কয়– ‘কা’ শুনানী কেনেকৈ আগবাঢ়িব সেই বিষয়ত সকলো পক্ষৰ দৃষ্টিভংগী বিবেচনা কৰি চলিচিটৰ জেনেৰেল কাৰ্যালয়ক এক ৰূপৰেখা প্ৰস্তুতৰ দায়িত্ব দিয়ে৷ ন্যায়ালয়ে এটা কথা স্পষ্ট কৰি দি কয়– ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাৰ আধাৰত অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ শুনানীৰ বাবে সুকীয়া সময় নিৰ্ধাৰণ কৰা হ’ব৷ শুনানী একেলগে আৰম্ভ হ’ব কিন্তু অসম, ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় নিৰ্ধাৰণ কৰা হ’ব৷ ন্যায়ালয়ে ৩১ অক্টোবৰত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰে৷ ৩১ অক্টোবৰৰ আগেয়ে সকলোৰে তথ্য সম্বলিত লিখিত প্ৰতিবেদন উচ্ছতম ন্যায়ালয়ত দাখিল কৰিব লাগিব৷ সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ তৰফৰ পৰা জ্যেষ্ঠ অধিবক্তা মালবিকা ত্ৰিবেদী, অধিবক্তা অংকিট যাদৱসহ এটা দলে বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰে৷ আজিৰ শুনানীত উপস্থিত থাকি উচ্ছতম ন্যায়ালয়ৰ পৰা ওলাই আহি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উচ্ছতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাই কয়– কেন্দ্ৰীয় চৰকাৰে অবৈধ বাংলাদেশীৰ ভোট বেংক ৰক্ষাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত অন্যায়ভাৱে ‘কা’ জাপি দিয়ে৷ অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজে ‘কা’ মনা নাই, ‘কা’ নামানে৷ উচ্ছতম ন্যায়ালয়ে অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক ন্যায় প্ৰদান কৰিব বুলি আশা কৰিছো৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ উচ্ছতম ন্যায়ালয়ৰ পৰা ন্যায় পাব বুলি আশা কৰিছে৷