Logo
image

অৰুণাচলৰ দখললৈ হাৰমতীৰ একাংশ! প্ৰতিবাদ, পথ অৱৰোধ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ অৰুণাচলৰ দখললৈ যাব লখিমপুৰ জিলাৰ হাৰমতী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ একাংশ৷ এই শংকাৰ বাবেই ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ৷ অৰুণাচলৰ সলনি অসমৰ লগতে থাকিবলৈ স্বাভাৱিকতেই ইচ্ছুক অসমৰ এই গাঁওকেইখনৰ ৰাইজ৷ সেইবাবেই কোনো কাৰণতে যাতে অঞ্চলটোৰ এচিকুট মাটিও অৰুণাচলক এৰি দিয়া নহয়, সেয়া নিশ্চিত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে অঞ্চলটোৰ ৰাইজ৷ উল্লেখ্য, অসম-অৰুণাচল সীমা সমস্যাক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ মইনাজুলিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷  পুৱা ১১.৪৫ বজাৰ পৰা অসম-অৰুণাচল সীমান্ত হাৰমতী সংযোগী পথটো প্ৰায় এঘণ্টাৰ বাবে অৱৰোধ কৰি অৰুণাচল প্ৰদেশ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সমিতিৰ সভাপতি মুনিন্দ্ৰ বৰুৱা আৰু সম্পাদক ৰাজ্জাক আলীয়ে উল্লেখ কৰে যে শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন এলেকাত অৰুণাচলৰ সৈতে যি সীমাবিবাদ চলি আছে তাক আলোচনাৰ মাধ্যমেৰ সমাধান কৰিব লাগে৷ বিশেষকৈ লখিমপুৰ জিলাৰ গোমটু, ডেংকাবস্তি, ধেমাগড়, ৰামপুৰ, টিপলিং, তৰাজুলা, বান্দৰদেৱা, পাভমুখ নাহৰণি, ৰাজগড়, কাছজুলি আদি বিভিন্ন সীমান্ত অঞ্চলৰ হাজাৰ হাজাৰ বনাঞ্চলৰ ভূমি অৰুণাচলৰ লোকে বেদখল কৰি ৰাখিছে৷ সংগঠনৰ নেতৃত্বই প্ৰতিবাদস্থলীৰ পৰা দণ্ডাধীশৰ জৰিয়তে ৬দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷  স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে যে অসম-অৰুণাচল সীমা সমস্যা স্থায়ী সমাধান কৰা আৰু সাংবিধানিকভাৱে নিদ্ধাৰিত সীমা সুৰক্ষিত কৰা, সীমান্তৱৰ্তী ৰাইজৰ জীৱন জীৱিকা আৰু সম্প্ৰতিৰ নিৰাপত্তা সুনিশ্চিত কৰা, অৰুণাচলৰ অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰা ভূমি বেদখলমুক্ত কৰা, বৈধভাৱে অসমৰ মাটিত সংস্থাপিত হোৱা অৰুণাচলী লোকক অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়া, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজক সম্পূৰ্ণ আন্ধাৰত ৰাখি পুনৰ যি সীমা নিৰ্দ্ধাৰণৰ বাবে আপোচ মীমাংসাৰ প্ৰক্ৰিয়া চলাই আছে তাক বন্ধ কৰা আদি কুৰিটা দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷

অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণাচলক মাটি এৰি দিবলৈ ওলাইছেঃ লুৰীণজ্যোতি গগৈ

ধেমাজিত অসম জাতীয় পৰিষদৰ এখন সংবাদমেল অনুষ্ঠিত হয়৷ ২৩ লাখ টকীয়া ঘড়ী আৰু  ৬৮ লাখ টকীয়া গাড়ীৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এইবাৰ উত্থাপন কৰিলে ৪৯ লাখ টকীয়া ঘড়ীৰ কথা৷ কোনে কাক কিয় উপহাৰ দিছিল ৪৯ লাখ টকীয়া ঘড়ী? এই প্ৰসংগ অচিৰেই পোহৰলৈ আহিব বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে৷ ইফালে অসমৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ‘অসুস্থ প্ৰতিযোগিতা’ কৰি দিল্লীত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি অৰুণাচলক এৰি দিবলৈ ওলাইছে বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে৷ ৰাজনৈতিক গুৰুত্ব বঢ়াবলৈকে অসম আৰু অসমীয়াৰ স্বাৰ্থ জলাঞ্জলি দি অসমবাসীক শিখণ্ডি সজাই মুখ্যমন্ত্ৰীয়ে তেনে কৰিব বিচাৰিছে বুলি অভিযোগ কৰে৷ ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেল পাতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ভূমি কেলেংকাৰি, লুই বাজাৰ কেলেংকাৰি, সাৰদা কেলেংকাৰি, ২৩ লাখ টকীয়া ঘড়ী, ৪৯ লাখৰ ঘড়ী, ৬৮ লাখৰ গাড়ী কথাবোৰ ৰাইজে এতিয়া বুজি পাইছে৷ সেইবোৰ প্ৰসংগ চৰকাৰে স্পষ্ট কৰি দিব লাগে বুলি লুৰীণজ্যোতি গগৈয়ে কয়৷ সংবাদমেলত নিযুক্তি কেলেংকাৰি সম্পৰ্কত মন্তব্য কৰি গগৈয়ে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি নিযুক্তি কেলেংকাৰিত প্ৰভাৱশালী মন্ত্ৰী জড়িত থকাৰ আশংকা প্ৰকাশ কৰে৷ লগতে চৰকাৰী যন্ত্ৰটো জড়িত বুলি অভিযোগ কৰে৷ ইফালে সম্প্ৰতি চৰ্চালৈ অহা ৬৮ লাখ টকীয়া গাড়ী প্ৰসংগত মন্তব্য কৰি মুম্বাইৰ ব্যৱসায়ী জিৎ নাৰায়ণ শ্ৰীবাস্তৱে অসমৰ জাগীৰোডত ফাৰ্মেটিকেল কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ আহি একাংশ ৰাজনৈতিক নেতাৰ লগত গোপন মিতিৰালি কৰা প্ৰসংগৰ সৈতে এইসমূহৰ কিবা যোগসূত্ৰ আছে নেকি বুলিও প্ৰশ্ন তোলে৷ লগতে এইসমূহৰ তদন্ত হ’বই লাগে বুলি উল্লেখ কৰে৷ সংবাদমেলতেই অসম জাতীয় পৰিষদৰ লক্ষ্য উদ্দেশ্য আৰু কৰ্মৰাজী দাঙি ধৰাৰ লগতে সমস্যাজৰ্জৰ ধেমাজি জিলাৰ সমস্যাৰাজী দূৰ কৰাৰ ক্ষেত্ৰত বিধায়ক তথা শিক্ষামন্ত্ৰীৰ ৰণোজ পেগুৰ ভূমিকাকো সমালোচনা কৰে৷