Logo
image

এইবাৰ বিজেপি সভাপতিৰ বিৰুদ্ধেই যুৱতীৰ অভিযোগ

গোচৰ তৰিলে ভৱেশ কলিতাই

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ প্ৰাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই ২৬ হাজাৰ পদৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ভিক্টৰ দাস৷ ভিক্টৰ দাসৰ পাছতেই সামাজিক মাধ্যমত বিভিন্নজনে এতিয়া চাকৰিৰ নামত চলা দুৰ্নীতি-অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে৷ অতি তাৎপৰ্যপূৰ্ণভাৱে সামাজিক মাধ্যমত ৰঙিয়াৰ এগৰাকী যুৱতীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আপলোড কৰা ‘ভিক্টৰৰ দৰে ময়ো এদিন ভুক্তভোগী আছিলোঁ’ শীৰ্ষক এটা প’ষ্টক লৈ চৰম অস্বস্তিত পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা৷ কিয়নো যুৱতীগৰাকীয়ে ভৱেশ কলিতাৰ নাম নোলোৱাকৈ এজন বিধায়কে ২০১৮চনত জলসিঞ্চনৰ চাকৰিৰ নামত ৩ লাখ টকা দাবী কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে৷ জয়া কলিতা নামৰ যুৱতীগৰাকীৰ অভিযোগ সম্বলিত প’ষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই যুৱতীগৰাকীয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা তদানীন্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাকে টাৰ্গেট কৰি লিখা বুলি দাবী কৰিছে খোদ ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই৷ সামাজিক মাধ্যমত জয়া কলিতাই লিখিছে এইদৰে– ‘ভিক্টৰৰ দৰে ময়ো এদিন ভুক্তভোগী আছিলো! ২০১৮ চনৰ ১৭ ডিচেম্বৰৰ সন্ধিয়া মোৰ তাত এটা অচিনাকি নম্বৰৰ ফোন আহিছিল৷ আৰু মই তেওঁক কোনে ক’লে বুলি সোধোতে তেওঁ মোক বিধায়কে কৈছোঁ বুলি ক’লে৷ লগে লগে ৰেকৰ্ডিং অপ্‌চনটো ক্লিক কৰি তেওঁৰ প্ৰশ্নৰ উত্তৰ দি গৈছিলোঁ যুক্তিৰে৷ ৰেকৰ্ডিং এই কাৰণে কৰিছিলোঁ যে তেতিয়া চলি আছিল ‘কা’ আন্দোলন৷ ভাবিছিলোঁ নিশ্চয় ভাবুকি দিব যিহেতু মই ‘কা’ আন্দোলনৰ লগত সক্ৰিয় ভাৱে জড়িত আছিলোঁ৷ কিন্তু ভবামতে হ’ল যদিও অকণমান বেলেগ হ’ল৷ তেওঁ মোক জলসিঞ্চন বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ কৈ ৩ লাখ টকা বিচাৰিছিল৷ আনে ৬ৰ পৰা ৮লাখ দিছে মোক অলপ ৰেহাই দিয়া বুলি ক’লে৷ মই এবাৰতে চাকৰিও নকৰো পইছাও নিদিও বুলি ক’লো৷ কেইমাহমানৰ পাছত বিজেপিৰ লগত মোৰ হৈ থকা এখন বাক্‌ যুদ্ধত মই খঙৰ ভমকত দিলোঁ ৰেকৰ্ডিং ভাইৰেল কৰি৷ উপায় বিহীন হৈ বিধায়ক ডাঙৰীয়াই তেওঁৰ সোঁহাত-বাওঁহাত স্বৰূপ মানুহবোৰক মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে৷ মোৰ অজ্ঞাতে মোৰ বিৰুদ্ধে পাঁচটা ধাৰাৰে গোচৰ ৰুজু হৈছিল৷ মই হেনো জিলা পৰিষদৰ সদস্যৰ পৰা ১লাখ টকা আৰু ব্লকৰ সভানেত্ৰী ১ পৰা ৫০হাজাৰ টকা ধন দাবী কৰিছোঁ৷ হাস্যকৰ কথা এইটো আছিল ব্লকৰ সভানেত্ৰীক ধনদাবী কৰিবলৈ যোৱা এজাহাৰ খনত ১৪জন নিজকে বাঘা বাঘা নেতা বুলি ভবা একো একোজন চামছাৰ সাক্ষীৰ স্বাক্ষৰ৷ প্ৰশাসনিক বিষয়া এজনে আহি মোৰ অনুপস্থিতত মোৰ ঘৰৰ পৰা লেপটপতো লৈ যায় আৰু মোক হাজিৰ হ’বলৈ কৈ যায়৷ যদি ধনদাবীয়েই কৰিছিলো সঁচাকৈ লেপটপ লৈ গৈ ৰেকৰ্ডিং কিয় ডিলিট কৰাইছিল৷ সততা আৰু নিষ্ঠাৰে গৈ মই অকলে থানা চৌহদত ভৰি দিছিলোঁ৷ গৈ দেখিলো গোটেই থানাৰ চৌহদ বিজেপি বিজেপি৷ মনতে ভয় জন্মিছিল যদিও সাহসেৰে আগবাঢ়ি গ’লো৷ প্ৰশাসনিক বিষয়া জনৰ সকলো প্ৰশ্নৰ উত্তৰ দিলোঁ৷ ময়ো ওভতাই বিষয়াজনক প্ৰমাণ বিচাৰিলোঁ ব্লক অফিচৰ চিচি টিভি ফুটেজৰ৷ তেওঁ নাই বুলি ক’লে তেতিয়া মোৰ খং উঠিছিল আৰু লগে লগে কৈ পেলাইছিলো সাক্ষী দিয়া ১৪জন পুৰুষে ধনদাবী কৰিব যোৱা এজনী ২১বছৰীয়া ছোৱালীক বান্ধি পুলিচক গতাই দিব নোৱাৰিলে কিয়? বিপৰীত মুখী গোচৰ দিবলৈ সম্পূৰ্ণৰূপে নিজক সাজু কৰালো ঠাইতে৷ জিলাৰ পৰিষদৰ সদস্যৰ নাৰী কেলেংকাৰি অৰ্থাৎ চৰিত্ৰৰ মুখাখন আৰু সভানেত্ৰী দুৰ্নীতিৰ মুখাখন খুলি পেলালোঁ৷ বিশ্বাস কৰক এঘণ্টাৰ ভিতৰত কেছ চাফা৷ মনত এটা কথাই আহি আছিল এই ১৪জন পুৰুষে এদিন উপলব্ধি কৰিব আৰু মোৰ ওচৰত ক’ব তেওঁ লোকে ভুল কৰিছিল নহ’লে ক’ব আগৰ কথাবোৰ ধৰি নাথাকিব৷ আৰু সময়েও তাকে কৰিবলৈ বাধ্য কৰালে সেই নেতা কেইজনক৷ ধন্যবাদ ভগৱান সুবিচাৰ কৰিব পৰা ক্ষমতা দিয়া বাবে এই নেতাকেইজনক৷ ৰঙিয়াবাসীৰ জ্ঞাত ঘটনাটো৷ ভিক্টৰৰ অৱস্থাতো দেখি মনতে আহি আছিল মোৰ লগত হোৱা ঘটনাটো৷’ ফেচবুকত ভাইৰেল হোৱা এই প’ষ্টটোৰ পাছত জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি প্ৰকাশ কৰিছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই৷ সোমবাৰে বিধানসভাৰ চৌহদত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই কয়– ‘কা’ ফেচবুকত এজনী ছোৱালীয়ে মোৰ বিষয়ে ধন দাবীৰ কথা লিখিছে৷ কোনোবাই ফোন কৰি কাৰোবাক পইচা খুজিব পাৰে নেকি? তেওঁ তথ্য প্ৰমাণ দিয়ক? আজি তেওঁৰ বিৰুদ্ধে মই গোচৰ দিম৷ ২০১৮ চনত মোৰ বিভাগটোৰ কোনো চাকৰি বিজ্ঞাপন প্ৰকাশেই হোৱা নাছিল৷ ২০১৯ চনতহে বিজ্ঞাপন ওলাইছিল৷ কিন্তু ছোৱালীজনীয়ে ২০১৮ চনৰ ১৭ ডিচেম্বৰত মই ফোন কৰা বুলি কৈছে৷ সমষ্টিৰ ছোৱালী হ’লে মই বিধায়ক হিচাপে কিবা কথাত ফোন কৰিব পাৰোঁ৷ কিন্তু সেই বুলি চাকৰিৰ বাবে ৩ লাখ টকা বিচাৰিম নেকি৷ মই যদি কিবা দৰ-দাম কৰিছোঁ, তেনেহ’লে প্ৰমাণ দিয়ক৷ তেওঁ মোকেই টাৰ্গেট কৰি লিখিছে৷ তেওঁ সেই সময়ত আছুত আছিল৷ কিবা কিবি আন্দোলন কৰিছিল৷ মই ছোৱালীজনীক চিনি পাওঁ৷ বিগত বৰ্ষত অগপৰ হৈ পৌৰসভাৰ ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন খেলিছিল৷ কিন্তু বেয়াকৈ হাৰিল৷ তেতিয়াই ফেচবুকত  লিখিছিল– ‘মই চাই ল’ম বিধায়কক’৷ মই এজিপিৰ নেতৃবৃন্দকো ছোৱালীজনীৰ কথা কৈছোঁ৷ তেওঁলোকে ছোৱালীজনীক দলৰ পৰা অব্যাহতি দিয়া বুলি কৈছে৷ বিগত ৪ বছৰ তেওঁ ক’ত আছিল৷ যদিহে ফোন ৰেকৰ্ডিং আছিল তেনেহ’লে ইমান দিনে ৰাজহুৱা কৰিব লাগিছিল৷ মই ছোৱালীগৰাকীৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দিম৷’

অভিযোগকাৰীৰ বিৰুদ্ধে ভবেশ কলিতাৰ গোচৰ 

ৰঙিয়া থানাত আজি জয়া কলিতাৰ বিৰুদ্ধে গোচৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই৷ ৰঙিয়া তিনিআলিৰ জয়া কলিতাই ২০১৮ চনত স্থানীয় বিধায়কে চাকৰিৰ নামত ধন বিচৰা বুলি ফেচবুকত অভিযোগ তুলি এদিন পূৰ্বে পোষ্ট দিছিল৷ ভবেশ কলিতাই তেওঁক টাৰ্গেট কৰি জয়া কলিতাই দিয়া পোষ্টটো ভিত্তিহীন বুলি মন্তব্য কৰি আজি ৰঙিয়া থানাত এটি গোচৰ তৰে৷ লগতে ভবেশ কলিতাই ভাবমূৰ্তি ম্লান কৰাৰ বাবে এনে মিছা অভিযোগ উত্থাপন কৰা বুলিও দাবী কৰে৷ উল্লেখ্য যে ভিক্তৰ দাসৰ লেখিয়াকৈ জয়া কলিতাইও নিৰ্যাতনৰ বলি হোৱা বুলি ফেচবুকত পোষ্ট দিছিল৷ এই ঘটনাই ৰঙিয়াত চৰ্চা লাভ কৰিছে৷